• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ ফলে প্ৰমাণ কৰিলে : অগপৰ বাবে কংগ্ৰেছতকৈ ‘মিত্ৰ’ বিজেপিহে ডাঙৰ ঘাতক

প্ৰতিটো নিৰ্বাচনৰ পিছত অগপ দলটোৱে অনুষ্ঠিত কৰি আহিছে পৰ্য্যালোচনা সভা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 15, 2018 6:58 pm
AGP (1)

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ পিছত বিধ্বস্ত হৈ পৰা অগপ দলটোৰ নেতৃবৰ্গই তাৎক্ষণিক প্ৰতিক্ৰিয়াত কৈছিল যে দলটোৱে নিৰ্বাচনী বিফলতাৰ পৰ্য্যালোচনা কৰিব। তাৰ বাবে পৰ্য্যালোচনা সভা অনুষ্ঠিত কৰাৰ কথা। প্ৰায় প্ৰতিটো নিৰ্বাচনৰ ব্যৰ্থতাৰ পিছতে দলটোৰ এইটো এটা নিয়মীয়া ঘোষণা তথা নিয়মীয়া কাৰ্য্যসূচী। গতিকে দলটোৱে ৰাজহুৱাকৈ প্ৰতিক্ৰিয়া নকৰিলেও এয়াই তেওঁলোকৰ প্ৰতিক্ৰিয়া হ’ব বুলি অসমৰ মানুহে গম পাই গৈছে।

কিন্তু মন কৰিব লগীয়া কথাটো হ’ল তেওঁলোকৰ পৰ্য্যালোচনা সভাৰ সিদ্ধান্তবোৰে দলটোলৈ কোনো ধৰণৰ কৌশলগত পৰিৱৰ্তন আনিব নোৱৰাটো। যাৰ বাবেই প্ৰতিটো নিৰ্বাচনতে অধিক বিপৰ্য্যয়ৰ সন্মুখীন হৈ আহিছে দলটো।

Apply Now

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত বহু আকাংক্ষিত পৰ্য্যালোচনা সভাখন এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই। কিন্তু নিৰ্বাচনী ফলাফল চকুৰ আগত লৈ পৰ্য্যালোচনা কৰিলে এটা কথা অন্ততঃ দলটোৱে বুজিব পাৰিব যে অসমত দলটোৰ অঘোষিত শত্ৰু কংগ্ৰেছতকৈ ‘মিত্ৰ’ বিজেপি অধিক ঘাতক হিচাপে প্ৰমাণিত হৈছে।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত দলটোৰ প্ৰদৰ্শন যোৱা বাৰৰ অৰ্থাৎ, ২০১৩ চনৰ নিৰ্বাচনতকৈ বহু তলত। মোটামুটিভাৱে ইয়াক আধা হ্ৰাস পালে বুলিলেও বঢ়াই কোৱা নহয়।

যদিও অসম গণ পৰিষদৰ জন্মলগ্নৰে পৰা কংগ্ৰেছৰ সৈতে সম্পৰ্ক জুই-পানীৰ দৰে, কংগ্ৰেছৰ শাসন কালতো দলটোৱে কিছু উশাহ লৈ থাকিব পাৰিছিল। দলটোৱে কংগ্ৰেছৰ শাসন কালত বিৰোধীৰ আসনত আছিল আৰু ২০১৩ চনৰ পঞ্চায়ত নিৰ্বাচনত প্ৰায় ৮-১০ শতাংশ আসন লাভ কৰিছিল।

ইয়াৰ বিপৰীতে এতিয়া বিজেপিৰ মিত্ৰ দল হিচাপে শাসনৰ অংশীদাৰ হৈ আছে দলটো। কিন্তু দলটোৱে এইবাৰ আসন পায় আগৰ বাৰৰ প্ৰায় আধা সংখ্যক। অৰ্থাৎ যোৱা ২০১৩ চনত কংগ্ৰেছৰ শাসনকালতো অগপৰ অৱস্থা ইমান পুতৌজনক নাছিল।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্যমতে, ২০১৩ চনৰ পঞ্চায়ত নিৰ্বাচনত অগপই জিলা পৰিষদৰ সদস্য পদত মুঠ আসন লাভ কৰিছিল ২৯খন। কিন্তু এইবাৰ ১৪ ডিচেম্বৰৰ সন্ধিয়া ৫ বজালৈ লাভ কৰা তথ্য অনুসৰি অগপই জিলা পৰিষদৰ সদস্য পদত লাভ কৰিছে মাত্ৰ ১৫খন আসন। আনহাতে বিজেপিয়ে লাভ কৰিছে ১৮১ খন আসন।

একেদৰে, আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ২০১৩ চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী জয়ী হৈছিল ১৮২গৰাকী। তাৰ বিপৰীতে এইবাৰ এই পদত কালি সন্ধিয়া পাঁচ বজালৈ জয়ী হৈছে মাত্ৰ ৯৬গৰাকী। আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপিৰ পৰা জয়ী হৈছে ৮৮৩গৰাকী।

একেই অৱস্থা গাঁও পঞ্চায়তৰ সভাপতি পদতো। সভাপতি পদত কালি সন্ধিয়া ৫ বজালৈ লাভ কৰা তথ্য অনুসৰি অগপই মাত্ৰ ১১০খন আসনত জয়লাভ কৰিছে। কিন্তু ইয়াৰ বিপৰীতে ২০১৩ চনত অগপই লাভ কৰিছিল ১৮৩খন আসন। এইবাৰ বিজেপিয়ে এই পদত লাভ কৰিছে ৮৬৭ খন আসন।

ইয়াৰ উপৰি, গাঁও পঞ্চায়তৰ সদস্য পদত ২০১৩ চনত ২৩০৯গৰাকী অগপ প্ৰাৰ্থী বিজয়ী হৈছিল। কিন্তু এইবাৰ তথ্য লাভ কৰালৈ অগপই জিকাব পাৰিছে ১৩৭২গৰাকীহে গাঁও পঞ্চায়ত সদস্য।

ওপৰত দিয়া তথ্যৰ পৰা এটা কথা ওলাই পৰিছে যে কংগ্ৰেছৰ দিনতকৈ এতিয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ হৈ থাকিহে অধিক দুৰ্দশাগ্ৰস্ত হ’ল ৰাজ্যৰ প্ৰধান আঞ্চলিক দলটো।

গতিকে এই প্ৰশ্নৰ উত্তৰ স্পষ্ট হৈ পৰিছে যে প্ৰকৃততে দলটোৰ বাবে কোন বেছি ডাঙৰ ঘাতক? অগপই মিত্ৰতাৰ নামত মিত্ৰতা কৰি প্ৰকৃততে নিজ আত্মজাহৰ পথ মুকলি কৰিলে নেকি? আন এটা মন কৰিব লগীয়া কথা এই যে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ মূল টাৰ্গেটেই আছিল আঞ্চলিক দলটো। হিমন্ত আৰু মুখ্য মন্ত্ৰী সোণোৱালে যিদৰে দলটোক সমালোচনা আৰু বিদ্ৰূপেৰে থকা-সৰকা কৰিছিল, কংগ্ৰেছেই সেইদৰে কৰা নাছিল। লগতে কংগ্ৰেছকে বিজেপিৰ নেতাসকলে সিমান আক্ৰমণ কৰা নাছিল।

গোটেই দেশতে এইটো কথা প্ৰমাণিত হৈ গৈছে যে আঞ্চলিক দলবোৰৰ বাবে বিজেপিয়েই আটাইতকৈ মাৰাত্মক ঘাতক। ইতিপূৰ্বে বহুকেইটা আঞ্চলিক দলক মিত্ৰতাৰে প্ৰথমে আঁকোৱালি লৈ পিছত কৌশলেৰে সেই দলবোৰক ৰাজনৈতিক মূল প্ৰেক্ষাপটৰ পৰাই আঁতৰাই পঠাইছে।

এই জলজল পটপট কথাবোৰ যদি নেদেখাৰ ভাও জুৰে দলটোৰ পৰ্য্যালোচনা গতানুগতিকতাৰ নামান্তৰ হ’বলৈ বাধ্য।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd