• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ দখললৈ যোৱাৰ সম্ভাৱনা শিৱসাগৰ জিলা পৰিষদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 13, 2018 4:22 pm
Sivasagar Election

ফটো : নৰ্থ-ইষ্ট নাও

464
VIEWS
Share on FacebookShare on Twitter

বুধবাৰৰ পুৱাৰে পৰা ৰাজ্যত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা এতিয়াও শেষ হোৱা নাই যদিও শিৱসাগৰ জিলাৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল জিলা প্ৰশাসনে আজি দিনৰ ১২ বজাত ঘোষণা কৰিছে। জিলা প্ৰশাসনে জনোৱা অনুসৰি শিৱসাগৰ জিলাৰ ১২খন জিলা পৰিষদৰ ৬খনত বিজেপি, ৪খনত কংগ্ৰেছ আৰু ২খন আসন অসম গণ পৰিষদ দলে দখল কৰিবলৈ সক্ষম হয়।

কংগ্ৰেছ দলৰ দখলত থকা শিৱসাগৰ বিধানসভা সমষ্টিৰ ১৮ খন গাঁও পঞ্চায়তৰ ১২ খনত কংগ্ৰেছ আৰু ৬ খন গাঁও পঞ্চায়ত বিজেপিয়ে দখল কৰে। জানিব পৰা মতে বেতবাৰী, লাচিত, খেলুৱা, বানমুখ, দিচাংধাইআলি, হাঁহচৰা, চেৰেকাপাৰ, কোঁৱৰপুৰ, চাউলকৰা, নগৰমহল, ৰংপুৰ আৰু শলগুৰি গাঁও পঞ্চায়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে দিচাংপাৰ, দিচাংমুখ, পানবেচা, শান্তিপুৰ, ৰূদ্ৰসাগৰ আৰু মগৰাহাট গাঁও পঞ্চায়তত বিজেপিৰ দখললৈ যায়।

আনহাতে শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ খন জিলা পৰিষদৰ কংগ্ৰেছ দলে ৩ খন আৰু বিজেপি দলে এখনত জয়ী হয়। ৰংপুৰ, শিৱসাগৰ আৰু বেতবাৰী জিলা পৰিষদ কংগ্ৰেছে আৰু বিজেপিয়ে দিচাংমুখ জিলা পৰিষদ দখল কৰে।

আনহাতে বিজেপিৰ দখলত থকা থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত সমূহৰো অধিকাংশ বিজেপিয়ে নিজৰ দখললৈ নিবলৈ সক্ষম হয়। বিধায়ক কুশল দুৱৰীৰ নেতৃত্বত বিজেপি দলে থাওৰা সমষ্টিৰ ২০ খন পঞ্চায়ত সভাপতিৰ পদৰ ১৮ খন জয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ২ খনতহে জয়ী হবলৈ সক্ষম হয়। নেমুগুৰি আৰু থাওৰা দ’ল পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছ জয়ী হোৱাৰ বিপৰীতে বাকী ১৮ খন পঞ্চায়তত বিজেপিয়ে দখল কৰে। ইফালে থাওৰা সমষ্টিৰ ২০ টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত  ১৯ টা বিজেপিয়ে আৰু ১ টা কংগ্ৰেছ দখল কৰে।

আনহাতে থাওৰা সমষ্টিৰ ৪ খন জিলা পৰিষদৰ ৪ খনতেই বিজেপিয়ে দখল কৰে।

আনহাতে অগপৰ দখলত থকা আমগুৰি বিধান সভা সমষ্টিৰ ২১ খন গাঁও পঞ্চায়তৰ ১০ খনত কংগ্ৰেছ,  ৮ খনত অগপ আৰু ৩ খনত বিজেপি বিজয়ী হৈছে।

খনামুখ, দেওৰজা, ম’ৰাবজাৰ, পেঙেৰা, বৰাহীবাৰী, লালিমচাপৰি, নামতিদ’ল, কাৱৈমাৰী আৰু বৰবাম গাঁও পঞ্চায়তত কংগ্ৰেছ জয়ী হয়। দিকচু, মেমাইতামুলী, বৰুৱাপুখুৰী, ভূঞাহাট, চাৰিং, হাফলুটিং, হাতীঘূলী আৰু দিখৌমুখ গাঁও পঞ্চায়ত অগপই দখল কৰাৰ বিপৰীতে বৰছিলা, বৰুৱাআলি আৰু আমগুৰি বাগান গাঁও পঞ্চায়ত বিজেপিয়ে দখল কৰে।

আমগুৰি সমষ্টিৰ ৪ খন জিলা পৰিষদৰ ২ খন অগপ, ১ খন বিজেপি আৰু এখন কংগ্ৰেছে দখল কৰে। জকাইচুক আৰু ম’ৰাবজাৰ জিলা পৰিষদ অগপই দখল কৰাৰ বিপৰীতে দোপদৰ জিলা পৰিষদ বিজেপিয়ে আৰু আমগুৰি জিলা পৰিষদ কংগ্ৰেছ দলে দখল কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd