• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী চমক : হেলিকপ্টাৰ ব্যৱহাৰেৰে বিজেপিয়ে এদিনত অপচয় কৰি আছে ১০-১২লাখ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 29, 2018 8:29 am
Helicopter

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক ৰূপত আৰম্ভ কৰিছে নিজৰ নিজৰ প্ৰচাৰ অভিযান। সকলো ৰাজনৈতিক দলৰে এটাই লক্ষ্য ৰাজ্যৰ অধিকাংশ পঞ্চায়ত নিজৰ দখলত অনা। সেয়ে ৰাজ্যৰ চুকে কোণে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাসমূহত দেখা গৈছে হাই প্ৰফাইল নেতাৰ উপস্থিতি তথা উদাত্ত ভাষণ।

শাসকীয় বিজেপি-অগপ-কংগ্ৰেছ সকলো বৰ্তমান ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ মাজত গালি-গালাজ। কোনোৱে যদি উদাত্ত ভাষণেৰে ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে কোনোৱে প্ৰচাৰৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰি দৃষ্টি কাঢ়িছে ৰাইজৰ।

Apply Now

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চুকে কোণে প্ৰচাৰত অংশ লৈছে। প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে এদিনত অংশ লৈছে তিনি-চাৰিখন প্ৰচাৰ সভাত। ৰাতিপুৱা যদি উজনি অসমত, দুপৰীয়া মধ্য অসমত আৰু আবেলি অংশ লৈছে নামনি অসমত। এই সকলোবোৰ সম্ভৱ হৈছে একমাত্ৰ হেলিকপ্টাৰৰ বাবে। কিন্তু এতিয়া এই হেলিকপ্টাৰৰ বাবেই তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে বিজেপি দলৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমৰ আকাশত হেলিকপ্টাৰ উৰুওৱা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তৰ লগতে বিভিন্ন ৰাজনৈতিক নেতাই। হেলিকপ্টাৰ ব্যৱহাৰ সন্দৰ্ভত মহন্তই কয় যে সাধাৰণ পঞ্চায়ত নিৰ্বাচনতে যদি এইদৰে হেলিকপ্টাৰ ব্যৱহাৰ কৰি প্ৰচাৰ চলোৱা হয় তেন্তে অনাগত দিনত ৰাজ্যত দুৰ্নীতি বৃদ্ধি পোৱাটো খাটাং।

ইয়াৰ উপৰি তেওঁ কয় যে নিৰ্বাচন সমূহত যিমানেই ব্যয়বহুল প্ৰচাৰ চলোৱা হ’ব সিমানেই দুৰ্নীতিক প্ৰশ্ৰয় দিয়া হ’ব। এইদৰে প্ৰচাৰ চলোৱা এটা চমকৰ লগতে ৰাজহুৱা ধনৰ অপচয় বুলি মন্তব্য কৰে।

ইফালে হিমন্তই প্ৰচাৰৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা কাৰ্যক বিৰোধী দলপতি দেবব্ৰত শইকীয়াও গৰিহণা দিয়াৰ লগতে এয়া ছিণ্ডিকেট, দুৰ্নীতিৰে ঘটা ধনেৰে বিজেপিয়ে প্ৰচাৰ চলাই থকা বুলি কয়।

উল্লেখ্য যে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দুখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে। এঘণ্টাত এখন হেলিকপ্টাৰ উৰিলে খৰছ হয় ৯০ৰ পৰা ৯৯ হাজাৰ। এইদৰে মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীয়ে প্ৰচাৰৰ বাবে দৈনিক ১০-১২ লাখ টকা চৰকাৰী ধন অপচয় কৰি আছে।

বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমৰ দৰে এখন ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবদ দৈনিক এইদৰে ১০-১২ লাখ টকা ব্যয় কৰা কাৰ্যক বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে অৰাজনৈতিক দল-সংগঠনৰ নেতা-কৰ্মীসকলেও শাসকীয় দলটোক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd