• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 3:17 pm
105
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা জৰ্জ কুৰিয়ানে। ৰাজ্যসভাৰ সদস্য হিচাপে ছবছৰীয়া কাৰ্যকাল শেষ হোৱাত তেওঁ মন্ত্ৰালয় এৰিবলগীয়া হৈছে। বিজেপিয়ে তেওঁক পুনৰ ৰাজ্যসভালৈ মনোনীত নকৰাত কেন্দ্ৰীয় মন্ত্ৰালয়ত তেওঁৰ অধ্যায়ৰো আপাততঃ অন্ত পৰিছে।

ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰ অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জৰ্জ কুৰিয়ানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। সংবিধানৰ ৭৫(২) অনুচ্ছেদৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ মতে এই সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতি ভৱনেও এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।

Apply Now

৬৫ বছৰীয়া জৰ্জ কুৰিয়ান কেৰেলাৰ কোট্টায়মৰ বাসিন্দা। পেছাত এজন অধিবক্তা কুৰিয়ান দীৰ্ঘদিন ধৰি বিজেপিৰ কেৰালা ৰাজ্যিক ইউনিটৰ গুৰুত্বপূৰ্ণ মুখ হিচাপে পৰিচিত হৈ আহিছে। তেওঁ বিজেপিৰ কেৰালা শাখাৰ উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাজনীতিৰ বাহিৰেও কুৰিয়ানে নিয়মিতভাৱে টেলিভিছনৰ বিতৰ্কত অংশগ্ৰহণ কৰিছিল। কেৰালাত বিজেপিৰ প্ৰচাৰ অভিযানত তেওঁৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ কেৰালা ভ্ৰমণৰ সময়ত বহুবাৰ মালয়ালম ভাষালৈ অনুবাদ কৰিছে। ফলস্বৰূপে কুৰিয়ানে বিজেপিৰ বাৰ্তা স্থানীয় ৰাইজলৈ প্ৰেৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

২০২৪ চনত কেন্দ্রীয় মন্ত্রীসভাত তেওঁ অন্তর্ভুক্ত হয়৷ ৰাজনৈতিক মহলৰ মতে কেৰালাত বিজেপিৰ সংগঠন আৰু অধিক শক্তিশালী কৰাৰ লগতে বিশেষকৈ খ্রীষ্টান সমাজৰ মাজত দলটোৰ গ্রহণযোগ্যতা বৃদ্ধিৰ বাবে এই পদক্ষেপ লোৱা হৈছিল৷ দক্ষিণ ভাৰতত বিজেপিৰ অন্যতম চিনাকি মুখ হিচাপে জৰ্জ কুৰিয়ানৰ উপস্থিতি দলটোৰ ৰাজনৈতিক কৌশলৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল।

ৰাজ্যসভাৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে তেওঁৰ মন্ত্ৰলয়ৰো অন্ত পৰিল। বিজেপিৰ নেতৃত্বই তেওঁক পুনৰ উচ্চ সদনলৈ পঠোৱাৰ সিদ্ধান্ত নোলোৱাৰ বাবে তেওঁ চৰকাৰ এৰিবলগীয়া হৈছে। অৱশ্যে ভৱিষ্যতে তেওঁৰ ৰাজনৈতিক ভূমিকা কি হ’ব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য ওলোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

উত্তৰ-পূবলৈ বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ ২,৫৩৬.৯৬ কোটি টকা, ৰাজ্যসভাত সদৰী কৰিলে মন্ত্ৰী ৰাজ ভূষণ চৌধুৰীয়ে

August 3, 2026 7:55 pm
ৰে’লত নিম্নমানৰ খাদ্য যোগান: আই আৰ চি টি চিৰ সেৱা প্ৰদানকাৰীক ৫ কোটিৰো অধিক টকাৰ জৰিমনা

ৰে’লত নিম্নমানৰ খাদ্য যোগান: আই আৰ চি টি চিৰ সেৱা প্ৰদানকাৰীক ৫ কোটিৰো অধিক টকাৰ জৰিমনা

August 3, 2026 7:14 pm
ধুবুৰীৰ উপ-পঞ্জীয়কৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ১৫০ গৰাকী অধিবক্তাৰ

ধুবুৰীৰ উপ-পঞ্জীয়কৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ১৫০ গৰাকী অধিবক্তাৰ

August 3, 2026 7:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

উত্তৰ-পূবলৈ বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ ২,৫৩৬.৯৬ কোটি টকা, ৰাজ্যসভাত সদৰী কৰিলে মন্ত্ৰী ৰাজ ভূষণ চৌধুৰীয়ে

August 3, 2026 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd