• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেৱল জনসাধাৰণকে নহয়; চিৰিয়াখানাৰ জীৱ-জন্তুকো হিন্দুত্বকৰণৰ চেষ্টা সত্যৰঞ্জন বৰাৰ

চিৰিয়াখানাৰ জন্তুক গৰু মাংস দিয়া বন্ধ কৰক : সত্যৰঞ্জন

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 11, 2020 7:25 pm

2 min read

ae785b91-efa4-42bf-ab6b-d23d5fc8e43f
320
VIEWS
Share on FacebookShare on Twitter

কেৱল জন সমাজকে নহয় এইবাৰ পশু সমাজকো হিন্দুত্বকৰণ কৰাৰ চেষ্টা বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ।

এইবাৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱ জন্তুৰ খাদ্য তালিকাৰ প্ৰতি চকু বিতৰ্কৰ সম্ৰাট সত্যৰঞ্জন বৰাৰ।

চিৰিয়াখানাৰ জীৱ জন্তুৰ খাদ্য তালিকাৰ পৰা গো-মাংস আঁতৰোৱাৰ দাবী সত্যৰঞ্জনৰ।

আজি দিছপুৰ প্ৰেছ ক্লাৱত সম্বোধন কৰা এক সংবাদমেলত বৰাৰ দাবী ‘গো-মাংস বিক্ৰী কৰি থকাৰ এটা কাৰণ হৈছে চিৰিয়াখানাত জীৱ-জন্তুক গৰু মাংস দিয়াৰ ব্যৱস্থাটো। চিৰিয়াখানাৰ জীৱ-জন্তুক পদ্ধতিগতভাৱে কাৰোবাৰ পৃষ্ঠপোষকতাত গৰু কাটি মাংস খোৱাই থাকিব নোৱাৰিব।‘

চৰকাৰৰ লগতে চিৰিয়াখানা কতৃপক্ষলৈ আহ্বান জনাই বৰাৰ দাবী ‘আপোনালোকে অন্তত চিৰিয়াখানাত থকা পশুকেইটাক গৰু মাংস খুওৱা বন্ধ কৰক। গৰু মাংসৰ ব্যৱস্থা বন্ধ নকৰিলে আমাৰ ফালৰ পৰা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব।‘

আনহাতে, মুখ খুলিলেই বিতৰ্কৰ সৃষ্টি হোৱা সত্যৰঞ্জন বৰাই এইবাৰ ‘মন্দিৰ অৰ্থনীতি’ গঢ়ি তুলিবলৈ হিন্দু লোকসকলক আহ্বান জনায়।

‘মুছলমানৰ খেতি-পথাৰৰ পৰা অনা সামগ্ৰীৰে যেন দেৱ-দেৱীৰ পূজা কৰা নহয়, পূজা অৰ্চনা কৰা সামগ্ৰীসমূহ হিন্দু লোকে কৰা খেতি-পথাৰৰ ফচল হ’ব লাগিব। প্ৰত্যেকখন দেৱালয়, অথবা সত্ৰত সনাতন হিন্দু ধৰ্ম, সভ্যতা-সংস্কৃতিক লৈ এক অৰ্থনৈতিক বিপ্লৱৰ সৃষ্টি কৰিব লাগিব।‘ সংবাদমেলত বৰাৰ দাবী।

ইপিনে, চৰকাৰে সংখ্যালঘু ছাত্ৰ বৃত্তি প্ৰদান কৰি অহা কথাটোৰ বিৰোধিতা কৰি তেওঁ কয় ‘সংখ্যালঘু মানে কেৱল মুছলমান নহয়। শিখ, ছাইসকলক কিয় জলপানী প্ৰদান কৰা নহয়? তেওঁলোকোতো সংখ্যালঘু।‘

তাৎপয্যপূৰ্ণভাৱে, ‘মাদ্ৰাছা’ জেহাদীৰ কাৰখানা বুলি উল্লেখ কৰি বৰাই চৰকাৰলৈ আহ্বান জনাই কয় ‘নিৰ্বাচনৰ পিছত পুনৰ যেন মাদ্ৰাছা খুলি নিদিয়ে।‘

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd