• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত নিশা উত্তপ্ত পৰিস্থিতি : চোকা অস্ত্ৰসহ ভোটাৰক ধন বিতৰণ কৰিবলৈ গৈ গাড়ীসহ ধৰা পৰিল বিজেপিৰ নেতা-কৰ্মী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2021 11:11 am
164908735_3464739143751917_3901630356237693628_o
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ বিধানসভা সমষ্টিত যোৱা নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নিৰ্বাচনী বিধি উলংঘা কৰি নিশা ভোটাৰক ধন বিতৰণ কৰিবলৈ গৈ ধৰা পৰিছে শিৱসাগৰ জিলা বিজেপি দলৰ কেবাজনো নেতা-কৰ্মী।

ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে নিশা সমষ্টিটোৰ দিচাংমুখ মিছিং অধ্যুষিত অঞ্চলত ধন বিতৰণ কৰিবলৈ গৈ গাড়ীৰে সৈতে হাতে লোটে ধৰা পৰিছে বিজেপিৰ জিলা পৰিষদৰ সদস্য অণিৰাম পাংগিং আৰু শিৱসাগৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰূপম দত্তসহ কেবাজনো বিজেপি নেতা-কৰ্মী।

Apply Now

নিশা দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁৱত ভোটাৰক ধন বিতৰণৰ বাবে যোৱাৰ সময়ত ৰাইজৰ দলৰ সদস্যসকলে এজন বিজেপি কৰ্মীৰ ঘৰত পাংগিঙসহ আটাইকেইজনকে হাতে লোটে ধৰা পেলাই আৱদ্ধ কৰি ৰাখে।

AS04 W 8400 আৰু AS04 S 1933  নম্বৰৰ দুখন বিলাসী গাড়ীৰে চোকা অস্ত্ৰ লৈ দিচাংমুখ গাঁও পঞ্চায়তৰ জিলা পৰিষদৰ সদস্য বিজেপিৰ নেতা অণিৰাম পাংগিং আৰু শিৱসাগৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰূপম দত্তই কেবাজনো সাংগো পাংগোসহ ধন বিতৰণৰ বাবে দিচাংমুখৰ এখন মিছিং গাঁৱত প্ৰৱেশ কৰে।

এই খবৰ লাভ কৰাৰ লগে লগে ৰাইজৰ দলৰ সদস্যসকলে গাঁৱৰ ৰাইজৰ সহযোগত দুয়োখন বিলাসী বাহনসহ বিজেপিৰ আটাইকেইজন নেতা-কৰ্মীকে আৱদ্ধ কৰি বিভিন্ন প্ৰশ্নবাণ কৰি পিছত তেওঁলোকক আৰক্ষীৰ হাতত গতাই দিয়ে।

ৰাইজৰ দলৰ সদস্যসকলে অভিযোগ কৰা অনুসৰি দুখন গাড়ীৰে ভোটাৰক ধন বিলাবলৈ যোৱা বিজেপিৰ নেতা কৰ্মীসকলে গাড়ী দুখন আৱদ্ধ কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকক চোকা অস্ত্ৰৰেৰে আক্ৰমণ কৰি ভীতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিছিল।

অৱশ্যে ঘটনাস্থলীত ৰাইজৰ দলৰ সদস্য আৰু স্থানীয় গাঁওবাসী গোট খোৱাৰ বাবে বিজেপিৰ নেতা-কৰ্মীসকলে ৰাইজৰ দলৰ সদস্যসকলক আক্ৰমণ কৰাৰ পৰা বিৰত থাকে বুলি প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সদস্যসকলে।

“এই দুখন গাড়ীৰে তেওঁলোকে ভোটাৰক পইচা বিলাবলৈ আহিছে, তেওঁলোকে তৰোৱাল লৈ আমাক দাদাগিৰী দেখুৱাইছে।” স্থানীয় ৰাইজৰ দলৰ কৰ্মীয়ে এইদৰে কয়।

উল্লেখ্য যে নিৰ্বাচন আয়োগৰ নিৰ্বাচনী বিধি অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত সামৰণি পৰিছে।

ইফালে নিৰ্বাচন আয়োগে কঠোৰ নিৰ্দেশনা জাৰি কৰি ঘোষণা কৰিছিল যে নিৰ্বাচনী প্ৰচাৰ সমাৰণি পৰাৰ পিছত কোনো লোকে নিৰ্বাচনী বিধি উলংঘা কৰি ভোটাৰক প্ৰলুব্ধ কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ চলালে তেনে লোকক জৰিমনাসহ দুবছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব।

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৬ত প্ৰণয়ন কৰা বিধানৰ অধীনত নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰাৰ পিছত শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংমুখত নিশা ভোটাৰক ধন বিতৰণ কৰিবলৈ যোৱা বিজেপি নেতা-কৰ্মীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd