• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধিক্! দেশবাসীৰ বন্দিত ছবিত ঘৃণাৰ বিষবাষ্প ছটিয়াবলৈ নেৰিলে হিন্দুত্ববাদী নেতাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2022 6:34 pm
Shah Rukh Khan in Lata Mangeshkar’s funeral
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশ আজি শোকস্তব্ধ। আৰু নাই লতা মংগেশকাৰ! স্বাধীন ভাৰতৰ আকাশ বতাহ মুখৰিত কৰি ৰখা সুৰসম্ৰাজ্ঞী লতাদিদী আৰু নাই! কালি তেওঁৰ মহাপ্ৰয়ানৰ পাছতে সমগ্ৰ দেশ মূক হৈ পৰিছে। আৰম্ভ হৈছে শ্ৰদ্ধাঞ্জলীৰ।

দেশৰ ভিন ভিন ধৰ্ম-ৰাজনীতিৰ উৰ্ধত সকলোৱে লতাদিদীৰ বাবে প্ৰাৰ্থনা কৰিছে। কি হিন্দু, কি মুছলমান, সকলোৰে উৰ্ধত এই প্ৰাৰ্থনা। প্ৰকৃততে এয়াই ভাৰতবৰ্ষৰ অন্তৰাত্মাৰ প্ৰকাশভংগী বুলিব পাৰি।

Apply Now

দেওবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত লতাদিদীক শেষশ্ৰদ্ধা জনাবলৈ অলেখ গুণমুগ্ধই ভীৰ কৰেহি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পৰা আৰম্ভ কৰি শচীন টেণ্ডুলকাৰ, আমিৰ খান, জাভেদ আখটাৰ- সকলোৱে লতাদিদীৰ শেষ মুহূৰ্তটোৰ সাক্ষী হৈ ৰয়। বলিউডৰ ন পুৰণি শিল্পীসকলেও ইয়াত ভাগ লয়।

চুপাৰষ্টাৰ শ্বাহৰুখ খানেও আহি লতাদিদীৰ বাবে দোৱা কৰে। লতাদিদীৰ নশ্বৰদেহৰ কাষত খানৰ দোৱা কৰি থকাৰ ছৱিখনে অজস্ৰ লোকক মুহি নিয়ে। ভাইৰেল হৈ পৰা ছৱি আৰু ভিডিঅ’সমূহত দেখা গৈছে, অভিনেতাজনে দোৱা কৰি থকা অৱস্থাত তেওঁৰ কাষত এগৰাকী মহিলাই হাতজোৰ কৰি প্ৰাৰ্থনা কৰি আছে। তেওঁ হৈছে খানৰ মেনেজাৰ পূজা দাদলানি।

তেওঁলোকে জনোৱা এই শ্ৰদ্ধাঞ্জলীৰ ভিডিঅ’টোৱে প্ৰতীয়মান কৰে- ধৰ্ম-ভাষা ভিন্ন হ’লেও দেশখনৰ আত্মা অভিন্ন! শ্বাহৰুখ খান এগৰাকী মুছলমান, সেয়ে তেওঁ দোৱা কৰিছে আৰু ১২ চেকেণ্ডৰ এই দোৱা কৰাৰ পাছত মাস্কখন আঁতৰাই বতাহখিনি ফুঁৱাইছে।

মুছলমানসকলৰ এইটো এটা জনাজাত পৰম্পৰা। আনহাতে, দাদলানি এগৰাকী হিন্দু বাবে তেওঁ প্ৰাৰ্থনা কৰিছে।

কিন্তু ইয়াতো ধৰ্মীয় ভেদাভেদৰ বিহবাষ্প চটিয়াবলৈ নেৰিলে হিন্দুত্ববাদীসকলে। অৰুণ যাদৱ নামৰ এগৰাকী বিজেপি নেতাই এটা আজৱ প্ৰশ্ন টুইটাৰত প’ষ্ট কৰিছে।

যাদৱে লিখিছে যে শ্বাহৰুখে সুৰসম্ৰাজ্ঞীগৰাকীক অসন্মান কৰিছে নেকি? দোৱা কৰাৰ পাছত বতাহখিনি ফুঁওৱাৰ ভংগীমাৰে প্ৰকৃততে লতাৰ শেষশয্যাৰ কাষত থুৱাইছেহে নেকি?

চাওক, বিজেপি নেতাজনৰ এই টুইটটো। কোনো লালু-পাঞ্জু নেতা নহয় এওঁ। বৰঞ্চ হাৰিয়ানাৰ দৰে এখন ৰাজ্যৰ বিজেপি দলৰ আই টি চেলৰ ভাৰপ্ৰাপ্ত নেতা এই অৰুণ যাদৱ।

 

क्या इसने थूका है ❓ pic.twitter.com/RZOa2NVM5I

— Arun Yadav (@beingarun28) February 6, 2022

কেৱল যাদৱেই নহয়, উত্তৰপ্ৰদেশ বিজেপিৰ মুখপাত্ৰ প্ৰশান্ত উমাৰাওৱে এনেধৰণৰ টুইট কৰিছে।

Shahrukh is Spitting! https://t.co/mhX8i7lnNk

— Prashant Umrao (@ippatel) February 6, 2022

এওঁলোকৰ টুইটসমূহ চোৱাৰ পাছত নিঃসন্দেহে আপোনাৰ মনলৈও আহিব পাৰে- ধিক! কিমান লেতেৰা মানসিকতা হ’লে এনেধৰণৰ কথা ক’ব পাৰে?

মনত কিমান ঘৃণা থাকিলে এইধৰণৰ প্ৰশ্ন কৰিব পাৰে। ইয়াৰ দ্বাৰা বিজেপি নেতাজনে লতাদিদীক অসন্মান কৰা নাইনে? লতাদিদীৰ গানবোৰক অপমান কৰা নাইনে?

লতাদিদীয়ে গাই গৈছিল- আল্লাহ তেৰ’ নাম, ঈশ্বৰ তেৰ’ নাম, সৱক’ সন্মতি দে ভগৱান! ১৯৬১ চনৰ ‘হাম দনো’ নামৰ চিনেমাখনত গোৱা এই গীতটিত হিন্দু-মুছলিমৰ মাজত সমন্বয়ৰ বাৰ্তা দিয়া গৈছিল।

এতিয়া, শ্বাহৰুখ খানৰ দোৱাক লৈ এই বিজেপি নেতাবিলাকে কৰা চৰম ঘৃণনীয় মন্তব্যসমূহে লতাদিদীৰ গানটোক পুনৰ সুঁৱৰাই দিছে।

হে আল্লা, হে ঈশ্বৰ, মনত কেৱল ঘৃণা, সাম্প্ৰদায়িক মনোবৃত্তিৰে দেশক ভাগ ভাগ কৰিব বিচৰা এই লোকসকলক সুমতি দিয়া প্ৰভু!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd