প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়সীমা শেষ হোৱাৰ পিছতো আজি মাজুলীত নিৰ্বাচনী বিধি উলংঘাৰে বিজেপিৰ নেতাই নিৰ্বাচনী প্ৰচাৰ চলাবৰ চেষ্টা কৰাত ৰাইজৰ ৰোষত পৰে।
জানিব পৰামতে, মুখ্য মন্ত্ৰীৰ প্ৰতিনিধি হৈ যোৱা ৰমেন দত্তকে ধৰি অন্যান্য বিজেপি কৰ্মীক পহুখেদা দিয়ে খোদ মুখ্য মন্ত্ৰী সমষ্টিৰ ৰাইজে।
স্থানীয় লোকে জনোৱামতে, আজি সন্ধিয়াৰ পিছতো নেতাকেইজনে মুখ্য মন্ত্ৰীৰ প্ৰতিনিধি হিচাপে যোৱা বুলি কৈ নীতি বৰ্হিভূতভাৱে মাজুলী মহকিনা গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছিল।
কিন্তু কথাটোত সন্দেহৰ গোন্ধ পাই কংগ্ৰেছ আৰু অগপ কৰ্মী আৰু স্থানীয় কিছু লোকে মিলি ঘেৰাও কৰে বিজেপিৰ শীৰ্ষ নেতাকেইজনক।
ৰাইজৰ তীব্ৰ প্ৰশ্নবাণৰ সন্মুখীন হৈ ৰমেন দত্তই ‘ৰাইজে বিচৰা বাবেহে আহিছো’ বুলি কয়। আনহাতে স্থানীয় লোকে তেওঁলোকক চৰকাৰৰ মানুহ হৈ কিয় নিয়ম ভঙাৰ চেষ্টা কৰিছে বুলি জবাবদিহি কৰে।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হৈ অহা বুলি কোৱা বিজেপিৰ দলটোৱে লগে লগে পলায়ন কৰে। ইয়াকে লৈ ঘটনাস্থলীত কংগ্ৰেছ কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত তৰ্কাতৰ্কি আৰু পিছলৈ হতাহতিও হয়। অৱশ্যে পিছত দুই এজন সচেতন লোকৰ হস্তক্ষেপত পৰিস্থিতিৰ অৱনতি ঘটাৰ পৰা ৰক্ষা পৰে।