কমাৰবন্ধাৰ ৰজনাখাত, মাউত গাঁও অঞ্চলত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কমাৰবন্ধা আঞ্চলিক সমিতিয়ে কালি অৰ্থাৎ ৬ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উলিওৱা এক প্রতিবাদী জোঁৰ সমদলত বিজেপি কৰ্মীয়ে আক্ৰমণ চলাই প্ৰতিবাদকাৰীক অপদস্থ কৰে।
ঘটনাৰ বিৱৰণি মতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতৃত্বত উলিওৱা উক্ত সমদলত কমাৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনেও সহযোগ কৰিছিল। কিন্তু উক্ত প্ৰতিবাদী সমদলত বাধা প্ৰদান কৰি অঞ্চলটোৰ গজেন দাস আৰু তেওঁৰ কেইজনমান সহযোগীয়ে সমদলকাৰীসকলক কটু মন্তব্য কৰাৰ উপৰি প্ৰতিবাদী সভাত বাধা প্ৰদান কৰি মাইক্ৰফোন পৰ্যন্ত কাঢ়ি লয়।
উল্লেখযোগ্য যে উক্ত ঘটনাৰ পিছতে প্ৰতিবাদকাৰীসকলে কমাৰবন্ধা আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত এক লিখিত অভিযোগ দিবলৈ যাওঁতে আৰক্ষীয়ে থানাত প্ৰৱেশত বাধা প্ৰদান কৰে। যাৰ ফলত প্ৰতিবাদকাৰীসকল ক্ষোভিত হৈ পৰে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত নিশা ৯.৩০ বজা পৰ্যন্ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
অৱশ্যে পিছত কমাৰবন্ধা আৰক্ষী চকীত গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। লগতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সংগঠনৰ ফালৰ পৰা আৰক্ষীক লিখিত অভিযোগ দি দোষীক গ্ৰেপ্তাৰৰ বাবে দাবী জনাইছে।