• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৭ নৱেম্বৰত গুৱাহাটীত সভা অনুষ্ঠিত কৰিবই : ফেপেৰি পাতিবলৈ এৰা নাই বিধায়ক শিলাদিত্যই

NE NOW NEWS এন ই নাও নিউজ
হোজাই , October 23, 2018 2:14 pm

2 min read

Shiladitya-Dev

বিধায়ক শিলাদিত্য দেব। ফাইল ফটো

625
VIEWS
Share on FacebookShare on Twitter

অহা ১৭ নৱেম্বৰত গুৱাহাটীত সভা অনুষ্ঠিত কৰিবলৈ বদ্ধ পৰিকৰ বিধায়ক শিলাদিত্য দেৱ। সোমবাৰে হোজাইৰ গড়কাপ্টানী বিভাগৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এখন চে’ক বিতৰণী সভাৰ অন্তত বিধায়ক শিলাদিত্যই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে অহা ১৭ নৱেম্বৰত গুৱাহাটীত সভা অনুষ্ঠিত হ’বই।

অৱশ্যে সভাৰ স্থান এতিয়াও থিৰাং কৰা নাই বুলি জানিব দি তেওঁ কয় যে অহা ২৫ তাৰিখে সভাৰ স্থান চূড়ান্ত হোৱাৰ পাছত অনুমতিৰ বাবে আৱেদন জনাব। তেওঁ এই সভাক সংঘাতৰ পৰিৱৰ্তে মৈত্ৰীৰ সভা হ’ব বুলিও ব্যক্ত কৰে।

আনহাতে, আইনৰ নহয় অধিকাৰৰ কথা কোৱা হ’ব বুলি সদৰী কৰি বিতৰ্কিত বিধায়কগৰাকীয়ে সকলো জনগোষ্ঠীক লৈ সভাখন পাতিব বিচাৰিছে বুলিহে প্ৰকাশ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে শিলাদিত্যই পৰেশ বৰুৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি লগতে কয়, ‘’পৰেশ বৰুৱাৰ অস্তিত্ব বাংলাদেশী মৌলবাদী সংগঠনৰ হাতত। মৌলবাদী সংগঠনৰ হেঁচাত পৰেশ বৰুৱাই কাম কৰে।‘’

ইপিনে অখিল গগৈ সম্পৰ্কত বিধায়কগৰাকীয়ে কয় যে অখিলে সহজ পদ্ধতিৰে আন্দোলন কৰে। অসমত যিকোনো ক্লাবে বন্ধ দিলেই বন্ধ হয়। অখিলৰ সাহস থাকিলে ১ লাখ মানুহ লৈ সমাৱেশ পাতক।

অখিল গগৈক বাংলাদেশীৰ সমৰ্থক বুলি অভিহিত কৰি কাজিৰঙাত বাংলাদেশী মুছলমানক উচ্ছেদ চলোৱা সময়ত অখিলে তেওঁলোকৰ পক্ষত থিয় দিয়া বুলিও  অভিযোগ আনে।

অসমীয়া মহিলাক বলাৎকাৰ কৰিলে অখিল নিমাত হৈ পৰে কিয়? বুলি প্ৰশ্ন কৰি শিলাদিত্যই অখিলৰ আন্দোলনত বাংলাদেশীসকলে লুঙী এৰি জিনছ পিন্ধি ভাগ লয় বুলি আন এক বিতৰ্কিত মন্তব্য কৰে।

বিধায়ক শিলাদিত্যই মিত্ৰজোঁট সম্পৰ্কতো মন্তৱ্য আগবঢ়াই কয় যে চৰকাৰৰ পৰা কোনোবা মিত্ৰ দলে বিচাৰিলে ওলাই যাব পাৰে। সেয়া তেওঁলোকৰ নিজৰ কথা।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd