• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশী মুছলমান সংগঠনে হিন্দুসকলক বাহিৰ কৰি অসমক এখন মুছলিম প্ৰধান ৰাজ্য বনোৱাৰ চেষ্টা কৰি আছে : শিলাদিত্য দেব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 27, 2018 8:01 am
Shiladitya-Deb-750x375

দিচপুৰ প্ৰেছ ক্লাৱত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰিছে বিধায়ক শিলাদিত্য দেবে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘বাংলাদেশী মুছলমান সংগঠনে অসমৰ পৰা হিন্দুসকলক বাহিৰ কৰি অসমখনক এখন মুছলিম প্ৰধান ৰাজ্য বনোৱাৰ চেষ্টা কৰি আছে।‘’ শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত বিজেপি বিধায়ক শিলাদিত্য দেবে পুনৰবাৰ এক বিতৰ্কিত মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘’এনআৰচিত নাম বাদ পৰা ৪০ লাখৰ ভিতৰত ২৫ লাখ ভাৰতীয়ৰ নাম বাদ পৰিছে। তেওঁলোকৰ হকে কোনেও মাত মতা নাই। কিন্তু সত্ৰৰ মাটি বেদখল কৰি থকা সকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে এচাম বাংলাদেশী মূলৰ সংগঠন উঠি-পৰি লাগিছে।‘’

Apply Now

‘’অসম বন্ধ বে-আইনী, অসম বন্ধই জাতিটোক ক্ষতি কৰে,‘’ এইদৰে মন্তব্য কৰি তেওঁ লগতে কয়, ‘’সাহস আছে যদি বন্ধ দিয়া সংগঠনসমূহে খানাপাৰাত ১ লাখ মানুহ গোটাই সভা পাতক। ঘৰতে থাকি ৪০ টা সংগঠনে বন্ধ দিয়া বুলি ঘোষণা কৰিলেই নহয়। ৪০ টা সংগঠনৰ প্ৰায়বোৰ সংগঠনৰেই সভাপতি-সম্পাদকক অসমৰ ৰাইজে চিনি নাপায়।‘’

তেওঁৰ মতে উজনি অসমৰ ফালে বন্ধৰ প্ৰভাৱ একেবাৰে পৰা নাছিল তথা বন্ধ মানিবলৈ সকলোকে বাধ্য কৰোৱা হৈছিল।তেওঁ লগতে কয়, ‘‘টায়াৰ জ্বলাই, দোকানত গৈ দম দি দোকান বন্ধ কৰা হৈছিল।‘’

আনহাতে, নামনি অসমত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হৈছিল বুলি উল্লেখ কৰি পুনৰ বিতৰ্কিত মন্তব্য কৰি কয়, ‘’প্ৰথমবাৰৰ বাবে নামনি অসমত বন্ধ দেখা পাইছো। সত্ৰৰ মাটি বেদখল কৰা মুছলমান বাংলাদেশীসকলে ডাঙৰ বন্ধ পালন কৰিছে।‘’

তদুপৰি, সত্ৰৰ মাটি বেদখল কৰা সকলক দেখা পায়ো বন্ধ দিয়া সংগঠনসমূহে তেওঁলোকৰ বিৰুদ্ধে মাত নামাতে বুলি বিতৰ্কিত মন্তব্য কৰে। লগতে তেওঁলোকৰ ৰাজনৈতিক এজেণ্ডা আছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

তেওঁৰ মতে অখিল গগৈ বৰ্তমান সময়ত এগৰাকী ৰাজনৈতিক নেতা তথা তেওঁ কৰা আন্দোলনত অসমীয়া খিলঞ্জীয়া যুৱক-যুবতী নাথাকে বুলিও বিস্ফোৰণ ঘটায় বিধায়ক শিলাদিত্যই। তেওঁৰ মতে ‘’বাংলাদেশী মূছলমান সকলৰ মাজত অখিল গগৈ প্ৰিয়। যিসকলে সত্ৰৰ মাটি অবৈধভাৱে দখল কৰিছে, তেওঁলোকে অখিল গগৈৰ লগত আন্দোলন কৰি আছে।‘’

তদুপৰি অখিল গগৈয়ে নিজৰ স্বাৰ্থ সদায় ঠিকে ৰাখে বুলি মন্তব্য কৰাৰ লগতে বিতৰ্কিত বিধায়কগৰাকীয়ে কয়, ‘’বন্ধৰ দিনটোত কাজিৰঙা বন্ধ নাছিল, অৰ্কিড পাৰ্ক বন্ধ নাছিল। অখিল গগৈয়ে নিজৰ ব্যৱসায় ঠিক ৰাখে, কিন্তু অসম বন্ধ দিয়ে।‘‘

সেই একেখন সংবাদমেলতে অসমৰ বিশিষ্ট বুদ্ধিজীৱিসকলকো সমালোচনা কৰিবলৈ নেৰিলে বিতৰ্কিত তথা বৰ্তমান বিজেপিৰ ‘সৰ্বে-সৰ্বা’ বিধায়কগৰাকীয়ে।

উক্ত সংবাদমেলতে বুদ্ধিজীৱিসকলক কটাক্ষ কৰি শিলাদিত্যই কয়, ‘’বুদ্ধিজীবিসকলে অসমীয়াৰ স্বাৰ্থত তথা অসমৰ স্বাৰ্থত মাত নামাতে। তেওঁলোকে কেবল বাংলাদেশী মূলৰ মানুহখিনিৰ স্বাৰ্থত মাত মাতে, যাতে তেওঁলোকক অসমীয়ালৈ ৰূপান্তৰিত কৰি ভাৰতীয় হিচাপে চিনাকি দিব পাৰে।‘’

মুখ মেলিলেই বিতৰ্কৰ সৃষ্টি কৰা বিধায়কজনে বুদ্ধিজীৱিসকলক ‘জ্ঞানজীৱি’ হ’বলৈ পৰামৰ্শ দিয়াৰ লগতে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আহ্বান জনায়

তেওঁৰ মতে ‘নিজকে বুদ্ধিজীৱি বুলি নকৈ জ্ঞানজীৱি বুলি ক’লে অসম বাছি যাব।‘

অৱশ্যে, এনআৰচিত যদি প্ৰকৃত ভাৰতীয়সকলৰ নাম অন্তৰ্ভুক্ত হৈ যায়, তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কোনো প্ৰয়োজনীয়তা নাই বুলি তেওঁ সংবাদমেলত কয়।

তেওঁ কয়, ‘‘১৯৭১ চনৰ আগত অহা যিসকল লোকৰ নথি-পত্ৰ নাই, সেইসকল লোকক যদি ৰক্ষা কৰিব পাৰো তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰয়োজন নাই। কি উপায়েৰে এইসকল লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰিব পাৰি, তাৰে অন্য এক উপায় নাগৰিকত্ব সংশোধনী বিধেয়ক আমি বিচাৰিছিলো।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am
আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

July 23, 2026 10:17 am
প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

July 23, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd