DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ একেৰাহে ২৭ বছৰ শাসন কৰাৰ অভিলেখ ভংগ কৰিব বিজেপিয়ে : ৰাম মাধৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2019 11:23 am
tripura-bjp-rally-1

ত্ৰিপুৰাত বিজেপিৰ ৰেলীত ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ

2.8k
VIEWS
Share on FacebookShare on Twitter

দেশৰ ক্ষমতাৰ বাঘজৰী দ্বিতীয়বাৰলৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে দখল কৰিবলৈ সক্ষম হোৱা আৰু লোকসভা নিৰ্বাচনত ত্ৰিপুৰাৰ দুয়োখন আসনতে বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হোৱাৰ আনন্দত ত্ৰিপুৰাত বিজেপি সমৰ্থক সকলে বিজয় উৎসৱ পালন কৰে।

বিজয় উৎসৱত অংশ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে বিজেপিয়ে কংগ্ৰেছৰ একেৰাহে ২৭ বছৰ ধৰি দেশ শাসন কৰাৰ অভিলেখ ভংগ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ত্ৰিপুৰাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী প্ৰেক্ষাগৃহৰ সন্মুখত ধন্যবাদ ৰেলীৰ বাবে উপস্থিত হোৱা বিজেপি সমৰ্থক সকলে ফাকু খেলি আৰু ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে। আগৰতলাত অনুষ্ঠিত হোৱা ধন্যাবাদ ৰেলীত ৰাম মাধৱৰ উপৰিও অংশগ্ৰহণ কৰে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱকে ধৰি দলটোৰ সকলো জেষ্ঠ নেতা, বিধায়ক আৰু সাংসদ সকলে।

ৰেলীত দলৰ কৰ্মী-সমৰ্থকসকলক সম্বোধন কৰি বিপ্লৱ কুমাৰ দেৱে কৰ্মীসকলক এনেদৰে কষ্ট কৰিবলৈ কয় যাতে সকলো স্তৰৰ জনসাধাৰণৰ কাষলৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ আঁচনি সমূহ লৈ যাব পাৰি।

বিপ্লৱ দেৱৰ পাছতে ৰাষ্ট্ৰীয় সাধাৰণ ৰাম মাধৱে ত্ৰিপুৰাৰ জনসাধাৰণক ৰাজ্যখনৰ পৰা বামপন্থীসকলক বিধানসভা আৰু লোকসভা দুয়োটাতে উৎখাত কৰাৰ বাবে ধন্যাবাদ জ্ঞাপন কৰে।

ৰাম মাধৱে নৰেন্দ্ৰ মোদীৰ দিনত ভাৰত আৰু ভাৰতীয়সকলৰ সন্মান বিশ্বৰ মজিয়াত বৃদ্ধি পোৱা বুলিও মন্তব্য কৰে। তেওঁ বিজেপিৰ সমৰ্থকসকলক নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত বিজেপিক সমৰ্থন কৰা আৰু নকৰা সকলৰ মাজত বিভাজন নানিবলৈ অনুৰোধ কৰি কয় যে এইখন এশ ত্ৰিশ কোটি জনসাধাৰণৰ চৰকাৰ আৰু নৰেন্দ্ৰ মোদীয়ে এশ ত্ৰিশ কোটি জনতাৰ উন্নয়ণৰ হকে কাম কৰি যাব।

আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ২০২২ চনৰ ভিতৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত কোনো গৃহহীন নাগৰিক নাথাকিব আৰু ২০৪৭ চনত যেতিয়া ভাৰতে স্বাধীনতাৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিব তেতিয়া বিশ্ব গুৰু হিচাপে স্বীকৃতি লাভ কৰিব বুলি মত প্ৰকাশ কৰে।

Recent News

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd