ভাৰতীয় জনতা পাৰ্টিয়ে সোমবাৰে দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত এখন নতুন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতি ঘোষণা কৰিছে। আগন্তুক কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে বিভিন্ন সামাজিক শ্ৰেণীক প্ৰতিনিধিত্ব দিয়াৰ উদ্দেশ্যেই এই বৃহৎ সালসলনি কৰা হৈছে বুলি সদৰী কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নতুন সমিতিক অভিনন্দন জনাই উল্লেখ কৰে যে এই টিমে দলৰ সাংগঠনিক অভিজ্ঞতা, নৱপ্ৰজন্মৰ শক্তি আৰু তৃণমূল পৰ্যায়ৰ সম্পৰ্কক একত্ৰিত কৰি আগুৱাই লৈ যাব।
নতুন ৰাষ্ট্ৰীয় সমিতিত কেইবাখনো গুৰুত্বপূৰ্ণ নিযুক্তি আৰু অপসাৰণ কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰা। ইয়াৰ সমান্তৰালকৈ দলটোৱে ১৩ গৰাকী ৰাষ্ট্ৰীয় উপ-সভাপতি নিযুক্তি দিছে, য’ত ৰাম মাধৱ, লোকসভাৰ সাংসদ ডি পুৰন্দেশ্বৰী, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱত, বসুন্ধৰা ৰাজে সিন্ধিয়া, বৈজয়ন্ত জয় পাণ্ডা আদি জ্যেষ্ঠ নেতাসকলে স্থান লাভ কৰিছে। দলৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলক আৰু ১৬ গৰাকী নেতাক ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি দিছে।
এই সাংগঠনিক ৰদবদলত আটাইতকৈ বেছি চৰ্চালৈ আহিছে দলৰ আই টি চেলৰ (ছ’চিয়েল মিডিয়া) দীৰ্ঘদিনীয়া মুৰব্বী অমিত মালব্য আৰু যুৱ মৰ্চাৰ সভাপতি তেজস্বী সূৰ্যৰ অপসাৰণ। মালব্যৰ স্থানত ছত্তীশগড়ৰ দীপক মস্কেক নতুন মুৰব্বী হিচাপে নিযুক্তি দিছে আৰু যুৱ মৰ্চাৰ দায়িত্ব গুজৰাটৰ সাংসদ ডা° হেমাং যোশীক প্ৰদান কৰা হৈছে। আনহাতে, অনিল বালুনীক মিডিয়া আহ্বায়ক হিচাপে বাহাল ৰখাৰ লগতে দলৰ মহিলা, অ’বিচি, অনুসূচিত জাতি-জনজাতি, সংখ্যালঘু আৰু কৃষক মৰ্চাতো নতুন নেতৃত্বৰ সূচনা কৰিছে। দলীয় নেতৃত্বৰ মতে, নীতিন নবীনৰ এই নতুন টিমে দলৰ শক্তি বৃদ্ধি কৰাৰ লগতে আগন্তুক নিৰ্বাচনী প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।





