• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ নামো সাঙোৰ খালে গুপ্তহত্যা প্ৰসংগত; হিমন্তইহে দিব পাৰিব গুপ্তহত্যাকাৰীৰ তালিকা : অগপ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 7, 2018 9:39 pm
অগপৰ সংবাদমেলৰ দৃশ্য।

অগপৰ সংবাদমেলৰ দৃশ্য।

14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কাৰ্য্যকালত সংঘটিত কুখ্যাত গুপ্তহত্যাৰ প্ৰসংগত বিজেপিৰ নামো সাঙোৰ খাই পৰিছে। মন কৰিব লগীয়া যে সেই সময়ত কেন্দ্ৰত বিজেপিৰ চৰকাৰ আছিল।

“গুপ্তহত্যা বিজেপিৰ সৃষ্টি। কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ সময়ত গুপ্তহত্যাৰ সৃষ্টি কৰা হৈছিল আৰু তেতিয়া অসমত গুপ্তহত্যাৰ আৰম্ভণি হৈছিল।” আজি এখন সংবাদমেলত এইদৰে স্পষ্টকৈ কয় অগপৰ তথ্য আৰু যোগাযোগ সম্পাদক মনোজ শইকীয়াই।

Apply Now

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত অগপৰ প্ৰতি সদায়ে আক্ৰমণাত্মক হৈ পৰা বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ অগপ চৰকাৰৰ দিনত হোৱা গুপ্তহত্যাৰ প্ৰসংগ কেইবাবাৰো উত্থাপন কৰিছে।

আজি অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল পাতি গুপ্তহত্যাৰ প্ৰসংগত হিমন্তই কৰা মন্তব্যক এইদৰে উভতি ধৰে মনোজ শইকীয়াই।

তেওঁ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে গুপ্তহত্যাৰ লগত কোন জড়িত বা কোন গুপ্তহত্যাকাৰী সেই কথা ভালকৈ জানিব বুলিও মন্তব্য কৰে।

ইয়াৰ উপৰি তেওঁ বিজেপিৰ একাংশ নেতাই অসমীয়াৰ ভোটেৰে জয়লাভ কৰা নাই বুলি কৈ এতিয়া অসমীয়া মানুহৰ চোতালে চোতালে ভোট বিচাৰি ঘূৰিব লগীয়া হৈছে বুলিও মন্তব্য কৰে।

লগতে বিজেপিয়ে বৃহস্পতিবাৰে এখন সংবাদমেলত অগপক বিশ্বাসঘাতক আখ্যা দিয়াৰ বিপৰীতে আজি শইকীয়াই বিজেপিয়েহে প্ৰকৃততে অসমৰ মানুহক বিশ্বাসঘাতকতা কৰিছে বুলি মন্তব্য কৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ইয়াৰ এটা উদাহৰণ বুলি কয়।

“ভাৰতীয় জনতা পাৰ্টি বিশ্বাসঘাতক আৰু প্ৰতাৰকৰ দল, তেওঁলোকে অফাৰ দিয়া আৰু অফাৰ লোৱা ৰাজনীতিত বিশ্বাস কৰে। তেওঁলোকে যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত অফাৰ লৈছিল আৰু যোৱা লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফক অফাৰ দিছিল”, মনোজ শইকীয়াই কয়।

এ আই ইউ ডি ফৰ লগত বিজেপিৰ গোপন মিত্ৰতা থকাৰ লগতে কংগ্ৰেছৰ লগতো বিজেপিৰ ভাই ভাইৰ সম্পৰ্ক বুলি কটাক্ষ কৰে। ভাই ভাইৰ সম্পৰ্কৰ বাবেই হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত ৰকিবুল হুছেইনে প্ৰচাৰ চলাবলৈ নাযায় আৰু ৰকিবুল হুছেইনৰ সমষ্টিত হিমন্তই প্ৰচাৰ চলাবলৈ নাযায়। দুয়োটা দল লগ লাগি এতিয়া অগপক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি মনোজ শইকীয়াই কয়।

তেওঁ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো সমালোচনা কৰি কয়, “সৰ্বানন্দ সোণোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে শিপা পাহৰি গৈছে। শিপা পাহৰা মানে মাতৃক পাহৰা আৰু দিল্লীৱালাৰ কথাত মাতৃক পাহৰি মাতৃক অপমান কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে।”

সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত খুব ভাল ভোট পাবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে। লগতে পঞ্চায়ত নিৰ্বাচনত সামগ্ৰিকভাৱে সৰ্বাধিক ভোট লাভ কৰাৰ আশা আছে বুলি জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে অগপৰ প্ৰতি ৰাইজৰ সঁহাৰি দেখি কংগ্ৰেছ আৰু বিজেপিয়ে শংকিত হৈ পৰিছে আৰু সেয়ে দুয়োটা দলৰ আক্ৰমণৰ প্ৰধান লক্ষ্য অগপক কৰি লৈছে বুলি তেওঁ কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd