• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 10:55 am
155
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ পৰা মহাৰাষ্ট্ৰলৈ, ঝাৰখণ্ডৰ পৰা পঞ্জাৱলৈ। আগ্ৰাসী ‘অপাৰেচন লোটাছ’ৰ জৰিয়তে বিৰোধী দলক ভাঙি সাংসদ-বিধায়কক নিজৰ ফাললৈ টানি আনিছে গেৰুৱা শিবিৰে। সেই অপ্ৰতিৰোধ্য অভিযানৰ মাজতে হঠাৎ স্তম্ভিত হৈ পৰিছে বিজেপি। কাৰণ, এইবাৰ কৰ্ণাটকত বিজেপিৰ ঘৰতে সিন্ধি খান্দিছে কংগ্ৰেছে।

দক্ষিণৰ এই ৰাজ্যখনত কমেও পাঁচজন বিজেপি আৰু ছয়জন জেডিএছ বিধায়কে দলীয় হুইপ অমান্য কৰি বিধান পৰিষদৰ নিৰ্বাচনত ‘ক্ৰছ ভোট’ দিছে। আৰু তাৰ বাবেই কংগ্ৰেছ বিধান পৰিষদৰ পাঁচজন প্ৰাৰ্থীয়ে বিজেপি-জেডিএছৰ মিত্ৰতাৰ দেৱাল ভাঙি জয়লাভ কৰিছে।

Apply Now

বিজেপিৰ অস্ত্ৰৰেই তেওঁলোকক এইদৰে ধৰাশায়ী কৰাৰ আঁৰৰ মাষ্টাৰমাইণ্ড হৈছে ডি কে শিৱকুমাৰ। কৰ্ণাটকত কংগ্ৰেছ চৰকাৰৰ নতুন মুখ্যমন্ত্ৰী। তেওঁ বহু বছৰ ধৰি দলীয় শিবিৰৰ সংকট মোচক হিচাপে কাম কৰি আহিছে। বহু অপেক্ষাৰ অন্তত এতিয়া তেওঁ কৰ্ণাটকত মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিছে। আৰু ক্ষমতালৈ অহাৰ লগে লগে তেওঁ নিজৰ সক্ৰিয়তাকো প্ৰমাণ কৰিবলৈ আৰম্ভ কৰিছে, যিয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বকো জোকাৰি গৈছে। এই ঘটনাত গেৰুৱা শিবিৰ ইমানেই ক্ষুব্ধ আৰু আতংকিত হৈ পৰিছে যে দলটোৰ ৰাষ্ট্ৰীয় সভাপতিয়ে নিজেই ৰাজ্যিক সভাপতি বি ৱাই বিজয়েন্দ্ৰক দিল্লীলৈ তলব কৰিছে।

কেইবাবছৰ ধৰি দেৱগৌড়াৰ দল জেডিএছ বিজেপিৰ মিত্ৰদল। কৰ্ণাটক বিধানসভাত সংখ্যাৰ ভিত্তিত তেওঁলোকৰ এজন প্ৰাৰ্থীয়ে বিধান পৰিষদত জয়ী হোৱাৰ আশা কৰা হৈছিল। কিন্তু সেই প্ৰাৰ্থী পৰাজিত হ’ল। কাৰণ, জেডিএছ আৰু বিজেপিৰ বিধায়কৰ এটা অংশই গোপনে কংগ্ৰেছক ভোট দিছিল। ৰাজ্যখনৰ বিধান পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে মুঠ ১৪০টা ভোট লাভ কৰিব বুলি আশা কৰা হৈছিল। কিন্তু কংগ্ৰেছে পালে ১৫১ টা। অৰ্থাৎ ১১ টা অতিৰিক্ত ভোট। আৰু সেইটো আহিছিল বিজেপি আৰু জেডিএছৰ পৰা।

সেই খবৰ পোৱাৰ লগে লগে শুকুৰবাৰে কৰ্ণাটক শাখাক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে এক তীব্ৰ বাৰ্তা প্ৰেৰণ কৰে। তাত স্পষ্টকৈ কোৱা হৈছে যে এই দলবিৰোধী কাৰ্য, বিশ্বাসঘাতকতা সহ্য কৰা নহ’ব। বিজয়েন্দ্ৰই কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কৈছে। ২৩ জুনত তেওঁক দিল্লীলৈ আহিবলৈ কোৱা হৈছে। একেদৰে ৰাজ্যিক পৰ্যবেক্ষকক বেংগালুৰুলৈ প্ৰেৰণ কৰা হ’ব।

বিজেপি বিধায়কক নিৰীক্ষণৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা। গেৰুৱা শিৱিৰে জানে যে ডি কে শিৱকুমাৰৰ কামৰ পদ্ধতি অতি আগ্ৰাসী। গতিকে কংগ্ৰেছে যেতিয়া বিজেপিৰ ঘৰত সিন্ধি দিছে সেয়া মাত্ৰ এটা বিধান পৰিষদৰ নিৰ্বাচনত ক্ৰছ ভোটিঙতেই সীমাবদ্ধ নাথাকিব।

দেৱগৌড়াৰ দলৰ মুৰব্বী তথা কেন্দ্ৰীয় মন্ত্ৰী কুমাৰস্বামীয়ে স্বীকাৰেই কৰিছে যে দলৰ বিধায়কৰ এটা অংশ কংগ্ৰেছলৈ যাব পাৰে। ২০২৮ চনত কৰ্ণাটকত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ২ বছৰ পূৰ্বে তাত বিজেপিৰ ঘৰত বিভাজন হোৱাটো নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ বাবে এক অতি বিপদজনক বাৰ্তা। কাৰণ, কৰ্ণাটক দক্ষিণ ভাৰতৰ একমাত্ৰ ৰাজ্য য’ত বিজেপিৰ শক্তি সৰ্বাধিক। তাতো যদি দুৰ্বল হয়, তেন্তে মোডী-শ্বাহৰ দলটো আকৌ এবাৰ উত্তৰ বলয়ৰ দলত পৰিণত হ’ব। যিটো ২০২৯ চনৰ প্ৰাকক্ষণত বিজেপিৰ বাবে উদ্বেগজনক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd