• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2021 9:00 pm
Brindaban-A
3.8k
VIEWS
Share on FacebookShare on Twitter

তেজপুৰত বিগত দুই দশক ধৰি বিধায়কৰ আসনত বহি আছে বৃন্দাবন গোস্বামী।

কিন্তু তেওঁৰ দিনত তেজপুৰৰ আশানুৰূপ উন্নয়ন হোৱা নাই বুলি সময়ে সময়ে সাধাৰণ ৰাইজৰ মাজত চৰ্চিত হৈ আহিছে। আজিও ঐতিহাসিক চহৰখনৰ বহু সমস্যাই সমস্যা হৈয়েই আছে।

২০১৬ৰ নিৰ্বাচনত তেজপুৰত বিজেপিৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল,  কিন্তু মিত্ৰতাৰ সম্পৰ্কৰ খাতিৰত তেজপুৰৰ দৰে গৰিমামণ্ডিত আসনখন বিজেপিয়ে বৃন্দাবন গোস্বামীৰ কাৰণে এৰি দিয়ে আৰু মিত্ৰ দলৰ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ বিজেপি কৰ্মীসকলে ত্ৰুটিহীন প্ৰচেষ্টা চলায়।

অগপ আৰু বিজেপিৰ দলীয় কৰ্মীসকলৰ কষ্ট ত্যাগৰ বলতে বৃন্দাবন গোস্বামী বিজয়ী হয় যদিও পিছলৈ তেওঁ দলীয় কৰ্মীসকলৰ ফালে বিশেষকৈ বিজেপি কৰ্মীৰফালে পিঠি দিবলৈ লয় আৰু ই বিজেপিৰ সৰ্ব্বস্তৰৰ কৰ্মীৰ মনত আঘাত হানে।

বিশেষকৈ ‘কা’ আন্দোলনত বৃন্দাবন গোস্বামীৰ স্থিতি আৰু সময়ত তেজপুৰৰ আইনশৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰা স্বত্তেও তেওঁৰ নিৰ্বিকাৰ ভূমিকাই বিজেপি কৰ্মীসকলক বাৰুকৈয়ে বিপাঙত পেলায়।

এনেস্থলত তেজপুৰ বিজেপিৰ এখন দলীয় সভাত তেজপুৰৰ সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে তেজপুৰৰ আসনখন এইবাৰ বিজেপিৰ হাততে থাকিব বুলি ঘোষণা কৰাত তেজপুৰ বিজেপিৰ সকলো নেতা কৰ্মী উৎফুল্লিত হৈ উঠে।

তেজপুৰ বিজেপিৰ নেতা কৰ্মীয়ে পল্লৱ লোচন দাসৰ এই বলিষ্ঠ ঘোষণাক আদৰণি জনাই।

সাংসদ পল্লৱ লোচন দাসৰ এই ঘোষণাৰ পিছতে দীপক শইকীয়া, ঋতুবৰণ শৰ্মা, ত্ৰিদিপ কলিতা, প্ৰমোদ নাথ, ডা: বীৰেন্দ্ৰ কুমাৰ নাথ,পুষ্পা ডেকা, স্বপ্না বনিয়া, মুনিন চন্দ্ৰ বৰুৱাকে ধৰি তেজপুৰৰ বহু নামী বেনামী নেতাই এতিয়া টিকটৰ দৌৰৰ বাবে কঁকালত টঙালি বান্ধিছে।

কিন্তু অটল বিহাৰী বাজপেয়ী, নৰেন্দ্ৰ মোডী, লাল কৃষ্ণ আদৱানি, মুৰুলী মনোহৰ যোশী, যোগী আদিত্যনাথৰ দৰে বলিষ্ঠ নেতাৰ ত্যাগ-কষ্ট আৰু আদৰ্শৰে শক্তিশালী এই দলটোত ৰকিবুলৰ মানস পুত্ৰ, বালি-শিলৰ মাফিয়া, ছিণ্ডিকেট কাণ্ডাৰী বুলি চৰ্চিত ব্যক্তি এজনে তেজপুৰৰ দৰে বুৰঞ্জী প্ৰসিদ্ধ আসনৰ দাবীদাৰ হিচাপে থিয় দিয়াটোৱে তেজপুৰৰ সাধাৰণ বিজেপি প্ৰেমী ৰাইজৰ চকু কপালত তুলিছে।

অশেষ ত্যাগ কষ্ট আৰু লাঞ্ছনা বঞ্চনা আওকাণ কৰি দলৰ দুৰ্যোগৰ দিনত বিজেপিৰ ধ্বজা তেজপুৰত ধৰি ৰখা মহলৰ মাজত ব্যাপক চৰ্চা হৈছে এই বিষয়টো।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd