• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জোনাইত বিজেপিৰ জিলা সভানেত্ৰীৰ ঘৰত আক্ৰমণ ক্ষুব্ধ কৰ্মী-সমৰ্থকৰ; আৰক্ষী-চি আৰ পি এফ মোতায়েন

NE NOW NEWS প্ৰফুল্ল কামান
জোনাই , November 18, 2018 9:54 pm

1 min read

BJP office-
176
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সন্মিলিত গণশক্তি নামৰ এটা আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰি সৰহভাগ পদ এৰি দিয়াক লৈ ক্ষুব্ধ পৰিছে জোনাইৰ বিজেপি কৰ্মীসকল। ক্ষুব্ধ কৰ্মী-সমৰ্থকসকলে আজি জোনাইত থকা দলটোৰ দুটাকৈ মণ্ডল কাৰ্য্যালয় লণ্ডভণ্ড কৰে। কেৱল সেয়াই নহয়, বিজেপিৰ পতাকা আৰু অন্যান্য বয়বস্তুও জ্বলাই দিছিল।

তাৰোপৰি ক্ষুব্ধ হৈ পৰা বিজেপি কৰ্মীসকলে আজি জোনাইত ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামানৰ ঘৰত আক্ৰমণ কৰে। দলটোৰ নেতৃত্বই সন্মিলিত গণশক্তিৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতা কৰাই কৰ্মীসকলৰ খঙৰ কাৰণ।

“দলৰ নেতৃত্বই বিজেপিৰ নিষ্ঠাৱান কৰ্মীসকলক অপমান কৰিছে।” ক্ষুব্ধ এজন বিজেপি কৰ্মীয়ে কয়।

কৰ্মীসকলে অভিযোগ কৰামতে, দলে পঞ্চায়তৰ সকলো আসন সন্মিলিত গণশক্তিক এৰি দিছে। “আমি বিজেপিৰ জিলা সভানেত্ৰী ৰূপা কামানক যোগাযোগ কৰাত ‘এয়া ৰাজ্যিক নেতৃত্বৰ সিদ্ধান্ত, এই ক্ষেত্ৰত কৰিব পৰা একো নাই’ বুলি উত্তৰ পাওঁ।” আন এগৰাকীয়ে কয়।

অঞ্চলটোৰ বিজেপি কৰ্মীসকল ইমানেই ক্ষুব্ধ হৈ পৰে যে তেওঁলোকে জোনাইত থকা জিলা সভানেত্ৰীৰ ঘৰ ঘেৰাও কৰে আৰু ঘৰলৈ শিগুটিও দলিয়ায়। পিছত আৰক্ষী আৰু চি আৰ পি এফ আহি পৰিস্থিতি চম্ভালে।

মন কৰিব লগীয়া যে যোৱা ১১ নৱেম্বৰত ক্ষুব্ধ বিজেপি কৰ্মীয়ে চিলাপথাৰত এখন হোটেলত আশ্ৰয় লৈ থকা লখিমপুৰৰ বিজেপি সাংসদ প্ৰদান বৰুৱা, জিলাৰ সভানেত্ৰী ৰূপা কামান আৰু অন্যান্য ৰাজ্যিক নেতৃত্বক ঘেৰাও কৰিছিল।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd