NORTHEAST NOW (Assamese)

ফেইচবুকত ‘পাকিস্তান জিন্দাবাদ’; লখিমপুৰত বিজেপি যুৱমৰ্চাৰ কৰ্মীক আঁঠু কঢ়াই কাণত ধৰালে ম’ৰেল পুলিচে

February 19, 2019 6:46 pm · এন ই নাও নিউজ
ম'ৰেল পুলিচৰ কৱলত পৰা বিজেপিৰ যুৱমৰ্চাৰ সদস্যজন।

ফেইচবুকত ‘পাকিস্তান জিন্দাবাদ’ বুলি এটা পোষ্টত কমেণ্ট দিয়া বাবেই লখিমপুৰৰ কাকৈৰ ৰাজগড়ত বিজেপি যুৱমৰ্চাৰ এজন কৰ্মীক ৰাজহুৱা ঠাইত আঁঠু কঢ়াই কাণত ধৰালে কেইজনমান ‘অতি ৰাষ্ট্ৰবাদী’ ম’ৰেল পুলিচে।

ৰাহুল তাঁতী নামৰ যুৱমৰ্চাৰ কৰ্মীজনক শাস্তিস্বৰূপে আঁঠু কঢ়াই কাণত ধৰোৱাৰ লগতে যুৱকজনক বাৰম্বাৰ পাকিস্তান মুৰ্দাবাদ আৰু হিন্দুস্তান জিন্দাবাদ দিয়ায় আইন হাতত তুলি লোৱা স্থানীয় যুৱককেইজনে।

আনহাতে অতি দৃষ্টিকটুভাৱে ঘটনাস্থলত উপস্থিত থকা সংবাদ মাধ্যমে আঁঠু কাঢ়ি কাণত ধৰি থকা অৱস্থাতে ৰাহুল তাঁতীৰ ভাষ্য লয়। সংবাদ মাধ্যমক ৰাহুল তাঁতীয়ে কাণত ধৰি থকা অৱস্থাতে কয়, তেওঁ ধেমালিতেহে সেয়া কৰিছিল। “পিছত ‘বেয়া নাপাব’ বুলি ক্ষমাও বিচাৰিছিলো”, ৰাহুলৰ অকপট স্বীকাৰোক্তি।

ৰাহুলে জনোৱামতে তেওঁ বিজেপিৰ যুৱ মৰ্চাৰ এজন সদস্য আৰু তেওঁৰ দেউতাক বিজেপিৰ বুথ কমিটীৰ সভাপতি।

উল্লেখযোগ্য যে কাশ্মীৰৰ আত্মঘাতী বোমাৰ ঘটনাৰ পিছত দেশপ্ৰেমৰ নামত একাংশই আইন হাতত তুলি লোৱাৰ লগতে মানুহৰ বাক স্বাধীনতা হৰণ কৰাৰ দৰে ঘটনা সঘনে ঘটিছে।

https://www.facebook.com/100010125558018/videos/811069525907225/?q=rahul%20tanti&epa=SEARCH_BOX

Related News