• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

‘নেহৰুৰ আদৰ্শ ধ্বংস কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ’, বিজেপিক ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2025 3:55 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ দলৰ নেত্ৰী ছোনিয়া গান্ধীয়ে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভূমিকা আৰু আদৰ্শ ধ্বংস কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰিছে। শেহতীয়াকৈ দিল্লীৰ জৱাহৰ ভৱনত নেহৰু চেণ্টাৰ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ তেওঁ এই অভিযোগ উত্থাপন কৰে।

ছোনিয়া গান্ধীয়ে অভিযোগ কৰে যে স্বাধীনতা সংগ্ৰামত নেহৰুৰ ভূমিকা আৰু আধুনিক ৰাষ্ট্ৰ গঢ়াত তেওঁৰ অৱদানক ইচ্ছাকৃতভাৱে বিকৃত কৰাৰ চেষ্টা চলিছে। তেওঁ কয় যে নেহৰুৰ জীৱন আৰু কৰ্মক সমালোচনা কৰিব পাৰি, কিন্তু উদ্দেশ্যপ্ৰণোদিতভাৱে ইয়াক বিকৃত কৰাটো গ্ৰহণযোগ্য নহয়।

Apply Now

তেওঁ কয়, “আজিৰ শাসকীয় দলটোৰ মূল লক্ষ্য নেহৰুক অপমান কৰা। কেৱল তেওঁক মচি পেলোৱাই নহয়, স্বাধীন ভাৰতৰ বাবে তেওঁ গঢ়ি তোলা সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ভেটিটো ধ্বংস কৰিব বিচাৰে।”

ছোনিয়া গান্ধীয়ে নেহৰুক আধুনিক ভাৰতৰ স্থপতি বুলি অভিহিত কৰে আৰু কয় যে তেওঁ যি দৃষ্টিভংগী প্ৰতিষ্ঠা কৰিছিল সেয়া আজিও গণতান্ত্ৰিক ভাৰতৰ ভেটি হৈয়েই আছে। তেওঁ তথ্যৰ বিকৃতি, ভুল ব্যাখ্যা আৰু ৰাজনৈতিক উদ্দেশ্যত ইতিহাস পুনৰ লিখাৰ চেষ্টা গ্ৰহণযোগ্য নহয় বুলি মত প্ৰকাশ কৰে।

ভাষণত বিজেপি বা আৰএছএছৰ নাম উল্লেখ নকৰিলেও, ছোনিয়া গান্ধীয়ে স্পষ্টকৈ কয় যে যিসকলে এই কাম কৰি আছে, তেওঁলোকৰ স্বাধীনতা সংগ্ৰামত কোনো ভূমিকা নাছিল আৰু তেওঁলোকে সংবিধান লিখাৰ ক্ষেত্ৰত সমৰ্থন কৰা নাছিল। লগতে তেওঁ অভিযোগ কৰে যে সেইসকলে গান্ধীৰ হত্যাকাণ্ডক নৈতিক সমৰ্থন দিছিল আৰু আজি সেই হত্যাকাৰীৰ অনুগামীৰ এটা অংশই ৰাজহুৱাভাৱে সেই কাৰ্যক মহিমামণ্ডিত কৰিবলৈ চেষ্টা কৰিছে।

মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ উপৰিও শেহতীয়াকৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নেহৰুৰ বিৰুদ্ধে মন্তব্য কৰিছিল। ৰাজনাথ সিঙে অভিযোগ উত্থাপন কৰিছিল যে পণ্ডিত জৱাহৰলাল নেহৰুৱে ৰাইজৰ ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল, য’ত চৰ্দাৰ বল্লভভাই পেটেলে বাধা দি চৰকাৰী ধনেৰে নিৰ্মাণৰ অনুমতি নিদিলে। কংগ্ৰেছে অৱশ্যে এই দাবী মিছা বুলি স্পষ্টকৈ উল্লেখ কৰিছে। এনে সময়তে ছোনিয়া গান্ধীয়ে এই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd