• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাম খেতিৰে অসমক মৰুভূমি কৰাৰ পাং বিজেপিৰঃ অভিযোগ ৰিপুণ বৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2022 5:57 pm
Ripun Bora TMC Assam
186
VIEWS
Share on FacebookShare on Twitter

অসমৰ চহকী জৈৱ বৈচিত্ৰক ধ্বংস কৰিবলৈ বণিক গোষ্ঠীক ৰঙা দলিচা পৰা কাৰ্যত সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰতা চিৰদিনৰ বাবে নিঃশেষ কৰিব পৰা পাম অইল (তৈল খেজুৰ) খেতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে দলটোৱে।

বাবা ৰামদেৱৰ “ৰুছি ছয়া”ৰ পিছতে অসমত গ’ডৰেজ এগ্ৰোভেট কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰঙা দলিচা পাৰি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

এই সন্দৰ্ভত ৰিপুণ বৰাই কয় যে বিজেপিয়ে একমাত্ৰ পুজিপতি বণিয়াৰ বাবেই অসমক মৰুভূমিত পৰিণত কৰিব বিচাৰিছে। ৰাজ্যত বণিকগোষ্ঠীত জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি অনা পাম অইলৰ খেতিত অনুমতি প্ৰদান কৰি অসমৰ জৈৱিক পৰিস্থিতিতন্ত্ৰ ভাঙি দিব খুজিছে।

বৰাই লগতে কয়, “পাম খেতিত যঠেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয়। লগতে যি ঠাইত এই খেতি কৰা হয় তাৰ মাটি অনুৰ্বৰ হৈ পৰে। শ শ বিঘা মাটিত এই গছৰ খেতি কৰিলে হাতী, বাঘ, গড়ৰ বিচৰণ ভূমি সংকুচিত হৈ পৰা সম্ভাৱনা আছে।”

ইতিমধ্যে বিশ্বৰ মালয়েছিয়া, ইন্দোনেছিয়া, লেটিন আমেৰিকা, আফ্ৰিকাৰ অনেক দেশত পাম খেতিয়ে পৰিৱেশ বিনষ্ট কৰা কথাটো বিভিন্ন প্ৰতিবেদনত প্ৰকাশ হৈছে বুলি ৰিপুণ বৰাই লগতে দাবী কৰে।

শ শ বিঘা মাটিত কৰিবলগীয়া এই পাম খেতিয়ে অসমৰ চহকী জৈৱ বৈচিত্ৰক ধ্বংস কৰাৰ লগতে ৰাজ্যৰ বন্য জীৱজন্তুৰ জীৱনো বিপদাপন্ন হৈ পৰিব বুলি বৰাই মন্তব্য কৰে।

ইমানৰ পাছতো মোদী চৰকাৰে অসমত পাম অইল খেতি কৰিব খোজাতো আশ্চৰ্যজনক বুলি উল্লেখ কৰি বৰাই লগতে পাম খেতিৰ ইমান ক্ষতিকাৰক দিশ থকাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটি ৰামদেৱ আৰু গডৰেজ এগ্ৰোভেটক এৰি দিবলৈ মান্তি হোৱাটো অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

উল্লেখ্য যে ৰামদেৱৰ প্ৰতিষ্ঠানৰ পিছত অসমত পাম খেতিৰ বাবে কেন্দ্ৰই গডৰেজ এগ্ৰোভেটক সেউজ সংকেত দিছে। মঙ্গলবাৰে এই সন্দৰ্ভত কেন্দ্ৰ আৰু গডৰেজ এগ্ৰোভেটৰ সৈতে চুক্তি সম্পাদন কৰিছে।

ইতিমধ্যে কেন্দ্ৰই ভাৰতত পাম অইলৰ খেতিৰ বাবে নেশ্যনেল মিছন প্ৰেছ ইডিবল অইল-অইল পাম নামেৰে এক আঁচনি প্ৰস্তুত কৰিছে আৰু ইয়াত ১১০৪০ কোটি টকা অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত অসম, মণিপুৰ আৰু ত্ৰিপুৰাত ৫৮৫০ কোটি কেন্দ্ৰই পাম খেতিৰ বাবে বিনিয়োগ কৰিব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd