বিগত ২০ বছৰৰ সমীকৰণ সলনি কৰি বিহাৰৰ ৰাজনীতিত আৰম্ভ হৈছে এক নতুন অধ্যায়। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই এতিয়া স্পষ্ট হৈ পৰিছে যে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে বিজেপি নেতা সম্ৰাট চৌধুৰী। বিহাৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গেৰুৱা শিবিৰৰ এজন নেতাই ৰাজ্যৰ মুৰব্বী পদত বহিবলৈ ওলাইছে।
মঙলবাৰে পুৱা নীতিশ কুমাৰে পদত্যাগ কৰাৰ পিছতে সম্ৰাট চৌধুৰীৰ নাম তেওঁৰ উত্তৰাধিকাৰী হিচাপে চূড়ান্ত কৰা হয়।
মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত নীতিশ কুমাৰে ছ’চিয়েল মিডিয়া এক্স হেণ্ডেলত এটা দীঘলীয়া পোষ্ট কৰি লিখিছে, “এতিয়াৰ পৰা নতুন চৰকাৰে বিহাৰৰ কাম-কাজ চোৱাচিতা কৰিব। এই নতুন চৰকাৰৰ প্ৰতি মোৰ সম্পূৰ্ণ সহযোগিতা আৰু পথ নিৰ্দেশনা থাকিব।” দীৰ্ঘদিনীয়া সহযোগী বিজেপিৰ হাতত ৰাজ্যৰ শাসনভাৰ গটাই এতিয়া ৰাজ্যসভাত পদাৰ্পন কৰিছে নীতিশে।
উল্লেখ্য যে ৫৭ বছৰীয়া সম্ৰাট চৌধুৰী বৰ্তমান বিহাৰ বিজেপিৰ অন্যতম পৰিচিত মুখ আৰু নীতিশ মন্ত্ৰীসভাত উপ-মুখ্যমন্ত্ৰী আছিল। তেওঁৰ নিৰ্বাচনৰ আঁৰত ডাঙৰ ৰাজনৈতিক অংক আছে।
সম্ৰাট চৌধুৰী কুশৱাহা সম্প্ৰদায়ৰ প্ৰতিনিধি। বিহাৰত অ’বিচিৰ ভোটৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত যাদৱৰ পিছতে কুশৱাহাসকল আটাইতকৈ প্ৰভাৱশালী। সূত্ৰ অনুসৰি নীতিশৰ দল জেডিইউয়ে এই বিশেষ সম্প্ৰদায়ৰ কোনোবা এজনক মুখ্যমন্ত্ৰী কৰাৰ প্ৰস্তাৱ দিছিল যাতে ৰাজ্যৰ সামাজিক ভাৰসাম্য অটুট থাকে।
মন কৰিবলগীয়া যে ২০০৫ চনৰ পৰা বিহাৰত নীতিশ কুমাৰৰ কনিষ্ঠ অংশীদাৰ হিচাপে কাম কৰি আহিছে বিজেপিয়ে। মাজত কেইবছৰমানৰ ব্যৱধান থাকিলেও পদ্ম শিবিৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনখন আধৰুৱা আছিল। ২৪৩ আসনৰ বিহাৰ বিধানসভাত বিজেপিৰ ৮৯ জন বিধায়ক, আনহাতে জেডিইউৰ ৮৫ জন বিধায়ক।
সংখ্যাৰ ফালৰ পৰা সৰ্ববৃহৎ দল হোৱাৰ পাছতো তেওঁলোকে মিত্ৰতাৰ বাধ্যবাধকতাৰ বাবে নীতিশক সন্মুখত ৰাখিছিল। অৱশেষত ২০২৬ চনত সেই ‘বিৰাট অপেক্ষা’ৰ অন্ত পৰিল।
এসময়ত নীতিশৰ কঠোৰ সমালোচক হিচাপে পৰিচিত সম্ৰাট চৌধুৰীয়ে এতিয়া তেওঁৰ আশীৰ্বাদতে বিহাৰৰ প্ৰশাসনৰ দায়িত্ব ল’বলৈ ওলাইছে।




