প্ৰাক্তন বিজেপি বিধায়কৰ বাংলোৰ পিছফালৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ উৱলি যোৱা মৃতদেহ। মৃতদেহটো ঘৰৰ পিছফালে মাটিত পুতি থোৱা হৈছিল। ইয়াৰ আধা অংশ মাটিৰ পৰা ওলাই আছিল।
ঘটনাটো মহাৰাষ্ট্ৰৰ চাতাৰা জিলাৰ ৱেড গাঁৱত সংঘটিত হৈছে। আৰক্ষীয়ে জানিবলৈ দিছে যে মৃতদেহটো অঞ্চলটোৰ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক কান্তাই নলৱাদৰ বাংলো ঘৰৰ পিছফালৰ পৰা উদ্ধাৰ কৰা হৈছে।
লগতে পঢ়ক: চালকৰ হাৰ্ট এটেক! বছৰটোৰ অন্তিম দিনটোত গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ-এছইউভিৰ সংঘৰ্ষত নিহত ৯ জন
বৰ্তমান বাংলোটোত কোনেও বাস নকৰে আৰু সেইটো বন্ধ হৈ আছিল। চৌহদটো পৰিষ্কাৰ কৰাৰ সময়তে মৃতদেহটো পোৱা গৈছে।
ঘৰটোৰ পিছফালে থকা মাটিত মৃতদেহৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত আতংকৰ সৃষ্টি হয়। স্থানীয় লোকসকলে মৃতদেহটো চাবলৈ বিজেপি নেতাৰ বাংলোৰ সন্মুখত সমবেত হয়। চাতাৰা আৰক্ষীয়ে মহিলাগৰাকীক কোনে হত্যা কৰিছিল, তেওঁলোকৰ উদ্দেশ্য কি আছিল, মৃতদেহটো কিয় মাটিত পুতি থোৱা হৈছিল তাৰ অনুসন্ধান কৰি আছে।
মৃত মহিলাগৰাকীক এতিয়াও চিনাক্ত কৰা হোৱা নাই। তেওঁৰ পৰিচয় নিৰ্ণয় কৰাৰ প্ৰচেষ্টা চলি আছে।
লগতে পঢ়ক: কেৱল উকীলৰ অনুপস্থিতিৰ বাবেই সমগ্ৰ দেশতে বিচাৰাধীন ৬৩ লাখ গোচৰ: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়
উল্লেখ্য যে ২০২২ চনত মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ উৱলি যোৱা মৃতদেহ বাৰে বাৰে উদ্ধাৰ কৰা হৈছে। যোৱা জুন মাহত মুম্বাইৰ পৰা ৩৫০ কিলোমিটাৰ দূৰত থকা দুটা পৃথক ঘৰৰ পৰা একেটা পৰিয়ালৰ ৯জন সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।