• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লোকে লোকৰণ্য বাক্সাৰ পৰ্যটনস্থলী বগামাটি : ডেৰ লক্ষাধিক লোকৰ সমাগম

নৃত্য-গীতত মুখৰিত সৌন্দৰ্য্যৰাণী বগামাটি

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
January 4, 2021 8:01 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড১৯ৰ বাবে সমগ্ৰ বিশ্বৰ লগতে লকডাউনত বিধ্বস্ত হৈ পৰিছিল সৰ্বসাধাৰণ ৰাইজৰ জনজীৱন।

কোভিড১৯ৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পিছত নৱবৰ্ষক আদৰিবলৈ চহৰ-নগৰ, গ্ৰামঞ্চলৰ লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উছাহ। এই ব্যাপক উছাহ দেখা গৈছে ভূটান সীমান্ত বাক্সাৰ বগামাটিত।

Apply Now

এসময়ত বোমা-গুলি-বৰুদৰ শব্দত ৰাতি পুওৱা বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ বৰনদী আৰু অৰঙা নদীৰ সংযোগস্থল বগমাটি পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠাৰ পিছত বগামাটিলৈ এইবাৰ বৈছে পৰ্য্টকৰ লানি নিছিগা সোঁত।

অসমৰ বিভিন্ন জিলাৰ পৰা জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰে প্ৰকৃতিৰাণী বগামাটিলৈ বহু বনভোজকাৰী দল আহি উপস্থিত হয়।

পুৱাৰে পৰা দুই সহস্ৰাধিক বাছ, চাৰিচকীয়া বাহন, দুচকীয়া বাহনেৰে বগামটিত আহি উপস্থিত হয় বনভোজকাৰীৰ দল।

সৰ্বকালৰ অভিলেখ ভংগ কৰি এইবাৰ বগামাটিত উপস্থিত হয় প্ৰায় ডেৰ লক্ষাধিক লোক।

বগামাটিৰ সেউজ নীলাভ পাহাৰৰ নান্দনিক দৃশ্যই মোহিত কৰে বনভোজকাৰীসকলক।

শিশু-পুৰুষ-মহিলা, আৱাল-বৃদ্ধ-বণিতাৰ লানি নিছিগা সোঁতে উৎসৱমুখৰ কৰি তুলিলে সীমান্তৰ বগামাটিক।

কোভিড আতংকত দীৰ্ঘদিন ধৰি গৃহবন্দী হৈ অতিষ্ঠ হৈ পৰা লোকসকলে যে বগামাটিত লাভ কৰিলে জীৱনৰ নতুন উছাহ! যাৰ ফলত বনভোজকাৰী তথা পৰ্যটকসকলৰ বিহু, বাগৰুম্বা নৃত্যত প্ৰাণ পাই উঠে বগামাটি।

পৰ্যটকৰ এই উছাহত হোৱাইট ৱাটাৰ ৰাফটিং, জীপ লাইনিংৰ সুবিধা থকা বগামাটিৰ পাহাৰ-গছ-লতা-নদীয়েও যেন নাচি উঠে পৰ্য্টকৰ সৈতে।

বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰী আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পৰিকল্পনা আৰু তত্বাৱধানত অধিক প্ৰাণ পাই উঠা বগামাটি এতিয়া অসমৰ চুইজাৰলেণ্ড হিচাপে খ্যাতি লাভ কৰাৰ পিছত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনত এক অনন্য মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে।

জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ বগামাটিত দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ নিৰ্মাণ কৰা হৈছে পাহাৰৰ ওপৰত এটি বৌদ্ধ মঠ।

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰীয়ে নিজাববীয়াকৈ নিৰ্মাণ কৰা বাথৌ ঠাঁনচলি হৈ পৰিছে পৰ্য্টকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।

বগামাটিৰ বৰনদীৰ দুইপাৰে থকা বগা বগা শিল, আৰু সেউজ নীল পাহাৰৰ দৃশ্যই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পৰ্যটকসকলক।

ভূটান পাহাৰৰ বুকু ভেদি বৈ অহা বৰনদীৰ হিম শীতল জলৰাশি স্পৰ্শ কৰি আনন্দত মতলীয়া হৈ পৰে যুৱক-যুৱতী, কিশোৰ-কিশোৰী। বৈ অহা নদীৰ পানীৰ সৈতে সকলোৰে প্ৰাণোছচ্ছল হাঁহিত প্ৰাণ পাই উঠে বগামাটি।

বনৰীয়া হাতীৰ জাক, ময়ূৰ, অন্যান্য পৰিভ্ৰমী পক্ষী, বন গাহৰিৰ বিচৰণ ভূমি বগামাটি বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ অধ্যয়নৰ বাবে আছে বিশেষ সমল।

বগামাটিৰ ৰূপ-সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা বনভোজ খাবলৈ আহি ৰাবিবাৰে অথন্তৰত পৰে হেজাৰ হেজাৰ লোক। হেজাৰ হেজাৰ বাহনৰ বাবে প্ৰচণ্ড যানজঁটৰ সন্মুখীন হ’বলগীয়া হয় বনভোজকাৰী দল।

প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈৰ পৰা সৃষ্টি হোৱা যানজঁটৰ বাবে বহু বনভোজকাৰীৰ দলে বগামাটিলৈ আহিব নোৱাৰাৰ বাবে পথৰ দাঁতিত, পথাৰত বনভোজ খোৱা পৰিলক্ষিত হয়।

ইফালে বহুলোকে ৫-৬ ঘন্টা ধৰি গাড়ীৰ ভিতৰত আবদ্ধ হৈ থাকি বনভোজ নোখোৱাকৈ উভতি যোৱাও পৰিলক্ষিত হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd