DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ য়ু টাৰ্ণ : আটক কৰা বিয়েৰ ভৰ্তি ট্ৰাক গতাবলৈ অহাজনকে লকআপত সোমোৱাৰ অভিযোগ

উত্তম শইকীয়া by উত্তম শইকীয়া
March 2, 2019 12:38 pm
বোকাখাত আৰক্ষীৰ সন্মুখত প্ৰতিবাদৰ আলোকচিত্ৰ

বোকাখাত আৰক্ষীৰ সন্মুখত প্ৰতিবাদৰ আলোকচিত্ৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ পৰা অহা এখন বিয়েৰ ভৰ্তি ট্ৰাক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাবলৈ যোৱাৰ সময়ত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰধান সম্পাদক প্ৰণৱ জ্যোতি সন্দিকৈক আৰক্ষীয়ে ওলোটাই আটক কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বোকাখাতত।

ঘটনাৰ বিৱৰণী অনুসৰি, এক বিশেষ সূত্ৰৰ আধাৰত বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ সম্পাদক প্ৰণৱজ্যোতি সন্দিকৈয়ে নুমলীগড় তেল শোধানাগাৰৰ সমীপত অৰুণাচলৰ পৰা অসম অভিমুখে আহি থকা এখন অবৈধ বিয়েৰ ভৰ্টি ট্ৰাক কৰায়ত্ত কৰে। নুমলীগড় আৰক্ষী চকীত ঘটনা সন্দৰ্ভত সন্দিকৈয়ে এখন এজাহাৰ দাখিল কৰে। কিন্তু ঘটনাতো বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত সংঘটিত হোৱা বুলি নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সন্দিকৈক বিয়েৰ ভৰ্তি ট্ৰাকখনৰ সৈতে বোকাখাত আৰক্ষী থানালৈ লৈ আহে আৰু আশ্চৰ্যজনকভাবে সন্দিকৈকহে আটক কৰে।

শুকুৰবাৰে বৃহত্তৰ যুৱ মঞ্চৰ সম্পাদকজনক আৰক্ষীয়ে আদালতলৈ নিবলৈ ওলাওতে দলটোৰ কৰ্মীসকলে আৰক্ষীক বাধা দি প্ৰতিবাদ সাব্যস্ত কৰাকলৈ অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। দলীয় কৰ্মীসকলে অপৰাধীক কৰায়ত্ত কৰিব নোৱাৰা আৰক্ষীয়ে নিৰপৰাধীক মিছা অভিযোগত আটক কৰা কাৰ্য্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বোকাখাত আৰক্ষীয়ে সুনীল চহৰীয়া নামৰ এজন ব্যক্তিয়ে প্ৰণৱ জ্যোতি সন্দিকৈয়ে ট্ৰাকখনৰ পৰা পাঁচ লাখ টকা দাবী কৰিছিল আৰু টকা নিদিলে ট্ৰাকখন জ্বলাই দিয়াৰ ভাবুকি দিছিল বুলি দিয়া এজাহাৰৰ ভিত্তিতে সন্দিকৈক আটক কৰা হয় বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।

আনহাতে, সমগ্ৰ ঘটনাটো সন্দৰ্ভত স্থানীয় ৰাইজৰ মাজত আৰক্ষীয়ে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। জব্দ কৰা ট্ৰাকখন অৰুণাচলৰ পৰা নামচাই অভিমুখে গৈ আছিল। আদালতত হাজিৰ কৰাৰ পাছত প্ৰণৱ জ্যোতি সন্দিকৈক জেললৈ প্ৰেৰণ কৰা হৈছে।

Recent News

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে…  জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd