বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ এইবাৰ জড়িত হৈ পৰিছে বৃ্হৎ ধনৰ কেলেংকাৰীৰ সৈতে। শেহতীয়াকৈ এই কথাক লৈ বিভিন্ন মাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰিছে। ২০০ কোটি টকাৰ পুঁজি আত্মসাৎৰ এটা গোচৰত জেকলিনৰ নাম জড়িত হৈ পৰিছে সুকেশ চন্দ্ৰ শেখৰৰ সৈতে।
উল্লেখ্য যে সুকেশ চন্দ্ৰ শেখৰৰ সৈতে জেকলিনৰ আছিল এক বিশেষ সম্পৰ্ক। এই সূত্ৰেই মূল অভিযুক্ত সুকেশ চন্দ্ৰ শেখৰৰ সৈতে জড়িত থকাৰ তথ্য অনুসৰি তদন্তকাৰী সংস্থা ইডি (ED)- এ জেৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল শ্ৰীলংকান মূলীয় অভিনেত্ৰী গৰাকীক। ইতিমধ্যেই এই ঘটনা সন্দৰ্ভত ইডি এ পাঁচবাৰকৈ গ্ৰেপ্তাৰ কৰি জেৰা চলাইছে জেকলিনক।
যোৱা আগষ্ট মাহত ইড – এ জেকলনিক চমন জাৰী কৰিছিল যদিও ১৭ ছেপ্তেম্বৰৰ দিনা জেকলিনক অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰা হয়। জামিন আবেদনৰ শুনানিৰ সময়ত ইডিয়ে অভিযোগ কৰিছিল যে জেকলিনে নিজৰ মোবাইলৰ পৰা সকলো তথ্য ডিলিট কৰি তদন্তকাৰীক বিপথে পৰিচালিত কৰিছিল। তদন্তত তেওঁ সহযোগ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছিল ইডি-এ। পিছে জামিন লাভ কৰিলে জেকলিনে।
জামিন লাভ কৰিয়েই জেকলিনে বিদেশলৈ যোৱাৰ চেষ্টা চলাইছিল যদিও আদালতৰ ‘লুক আউট’ জাননীৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। কিন্তু ইডি এ এইবাৰ গ্ৰেপ্তাৰ নকৰাৰ বাবে আদালতৰ জেৰাৰ আওতালৈ আহিছে। দিল্লীৰ পাটিৱালা গৃ্হ আদালতৰ প্ৰশ্ন, অপৰাধৰ প্ৰমাণ থাকিলেও জেকলিনক ইডিয়ে গ্ৰেপ্তাৰ কৰা নাই কিয়? অৱশ্যে আজি শুক্ৰ বাৰে আদালতে এই গোচৰটোৰ শুনানি প্ৰদান কৰিব। এই শুনানিৰ পিছতেই হয়তো গ্ৰেপ্তাৰ কৰা হ’ব পাৰে জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজক। অথবা পুনৰ জেৰাৰ সন্মুখীন হ’ব পাৰে জেকলিন। এতিয়া এই কথাই শংকিত কৰি তুলিছে জেকলিনৰ অনুৰাগীসকল।