DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Siddhant Kapoor: ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ সিদ্ধান্ত কাপুৰ; বাতৰি শুনি যেন মূৰত বজ্ৰপাত পিতৃ শক্তি কাপুৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2022 6:04 pm
133
VIEWS
Share on FacebookShare on Twitter

ড্ৰাগছকলৈ পুনৰ চৰ্চাত আহিছে বলীউড। এইবাৰ ড্ৰাগছৰ সৈতে জড়িত হৈ পৰিছে আন এগৰাকী তাৰকাৰ পুত্ৰ। তেওঁ হৈছে সিদ্ধান্ত কাপুৰ। সিদ্ধান্ত শক্তি কাপুৰৰ পুত্ৰ। সেই শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ দৰেই  ৰেভ পাৰ্টিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ‘হাছিনা পাৰ্কাৰ’, ‘জাজবা’ৰ অভিনেতাগৰাকীক।

দেওবাৰে নিশা বেংগালুৰুৰ এখন পাঁচতাৰকা হোটেলৰ পৰা সিদ্ধান্তক গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে ৰাতিপুৱা ফোনত বাতৰিটো শুনি পিতৃ শক্তি কাপুৰৰ মূৰতে  বজ্ৰপাতৰ দৰে হয়। সিদ্ধান্ত কাপুৰৰ ভগ্নী তথা শক্তি কাপুৰৰ কন্যা শ্ৰদ্ধা কাপুৰো বলীউদৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।

পুৱাৰ পৰা বলীউডৰ প্ৰবীণ অভিনেতাজনৰ ফোনটো প্ৰায় নিৰন্তৰভাৱে বাজি আছে। পুত্ৰৰ গ্ৰেপ্তাৰৰ বাতৰিকলৈ শক্তি কাপুৰৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল, “এয়া হ’বই নোৱাৰে।‘’

সিদ্ধান্ত কাপুৰ।

পিছত তেওঁ গ্ৰেপ্তাৰ হোৱাৰ কথা অস্বীকাৰ কৰি সংবাদ মাধ্যমক জনাইছিল: “মই একো নাজানো। মই এইমাত্ৰ টোপনিৰ পৰা সাৰ পাইছো। উঠাৰ লগে লগে মই দেখিছোঁ যে মোৰ ফোনটো নিৰন্তৰ বাজি আছে। সিদ্ধান্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। কিন্তু আৰক্ষীয়ে তেওঁক সোধা-পোছাৰ বাবে মাতিছিল। মই নাভাবো যে তেওঁ এইবোৰ কৰিছে। বাতৰিত যি আহিছে এই মুহূৰ্তত মোৰ ওচৰতো সেইখিনিয়েই খৱৰ আছে। আৰু সিদ্ধান্তৰ গ্ৰেপ্তাৰৰ বাতৰি শুনি মোৰ বৰ কষ্ট হৈছে। “

উল্লেখ্য যে সিদ্ধান্ত দেওবাৰে কৰ্ণাটকৰ এটা ৰেভ পাৰ্টিত ডিজে হিচাপে উপস্থিত আছিল। তাতেই তালাচী চলাই সিদ্ধান্ত কাপুৰক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছতে পৰীক্ষা সম্পন্ন কৰা হয়। তাৰ পিছত ৰিপ’ৰ্ট পজিটিভ আহে। বেংগালুৰুৰ আৰক্ষী আয়ুক্ত ভীমশংকৰ এছ-এ কয়, “তদন্ত চলি আছে, গোচৰ ৰুজু কৰা হৈছে।”

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বেংগালুৰুৰ পাঁচতাৰকা হোটেলখনত অভিযান চলাই ৩৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু চিকিৎসা পৰীক্ষা কৰা হয়। ইয়াৰে ছয়জনৰ ৰিপ’ৰ্ট পজিটিভ আহিছে। তেওঁলোকৰ ভিতৰত শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰো আছে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd