• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গান্ধীৰ বিষয়ে ৰচনা লিখাৰ বাবে ‘ৰেহাই’! ধৰ্ষণকাৰীৰ শাস্তি ১২ বছৰলৈ হ্ৰাস বম্বে উচ্চ ন্যায়ালয়ৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2026 3:16 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

POCSO গোচৰত দোষী সাব্যস্ত হোৱা এজন যুৱকৰ যাৱজ্জীৱন কাৰাদণ্ড ১২ বছৰলৈ হ্ৰাস কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। নিম্ন আদালতৰ দোষী সাব্যস্ত হোৱাটো বাহাৰ ৰাখিয়েই শাস্তি হ্ৰাস কৰাৰ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে।

ইয়াৰ কাৰণ হ’ল অভিযুক্তৰ কাৰাগাৰত থকাৰ সময়ত ‘সংস্কাৰমূলক আচৰণ’, কেইবাখনো সাংস্কৃতিক প্ৰতিযোগিতাত সফলতা আৰু মহাত্মা গান্ধীৰ ওপৰত ৰচনা লিখাৰ দৰে কাৰ্যকলাপ।

Apply Now

মহাৰাষ্ট্ৰৰ ঘাটকোপাৰ চউলৰ বাসিন্দা যুৱকজনৰ বিৰুদ্ধে ২০১৬ চনৰ ডিচেম্বৰ মাহত চুবুৰীয়াৰ পাঁচ বছৰীয়া কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱাৰ পিছত চাৰি বছৰ ধৰি চলিছিল POCSO আদালতত বিচাৰ। ২০২০ চনত ন্যায়াধীশে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। উচ্চ ন্যায়ালয়ত আপীল শুনানিত কোৱা হৈছিল যে দোষী সাব্যস্ত হোৱাত কোনো ভুল হোৱা নাই যদিও শাস্তি পুনৰ বিবেচনাৰ অৱকাশ আছে।

বিভাগীয় বিচাৰপীঠত শুনানিৰ সময়ত বাদী পক্ষই কয় যে অভিযুক্তই কাৰাগাৰত থকাৰ সময়ত কোনো ধৰণৰ অনুশাসনমূলক অপৰাধ কৰা নাছিল। বৰং তেওঁ বিভিন্ন সাংস্কৃতিক আৰু শৈক্ষিক কাম-কাজত অংশ লৈ সফলতা অৰ্জন কৰিছে।

পুনেৰ তিলক মহাৰাষ্ট্ৰ বিদ্যাপীঠৰ পৰা গ্ৰন্থ সমালোচনাৰ প্ৰমাণ পত্ৰ, মুম্বাইৰ ৰামচন্দ্ৰ ইনষ্টিটিউটত ৰচনা প্ৰতিযোগিতাত স্বীকৃতি আৰু সৰ্বোদয় মণ্ডলৰ দ্বাৰা আৰম্ভ কৰা গান্ধীৰ বিচাৰ আৰু চিন্তাৰ ওপৰত লিখাৰ প্ৰমাণ পত্ৰ আদালতৰ সন্মুখত দাখিল কৰা হয়। সেই পৰীক্ষাত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বুলিও জনোৱা হয়।

ন্যায়াধীশ সাৰং কোটৱাল আৰু ন্যায়াধীশ সন্দেশ পাটিলৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে অভিযুক্তই এবাৰো জামিন লাভ কৰা নাই আৰু কোভিড কালতো কাৰাগাৰত আছিল। ইতিমধ্যে প্ৰায় ৯ বছৰ কাৰাগাৰত কটাবলগীয়া হৈছে।

যদিও গোচৰৰ গুৰুত্ব বিবেচনা কৰি নূন্যতম দহ বছৰৰ শাস্তি প্ৰযোজ্য, তথাপিও আদালতে কয় যে ১২ বছৰৰ কাৰাদণ্ডই শাস্তিৰ উদ্দেশ্য পূৰণ কৰিব। ফলত আজীৱন কাৰাদণ্ডৰ পৰিৱৰ্তে ১২ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হ’ল আৰু দোষীক তিনি বছৰৰ পাছত মুকলি কৰি দিয়াৰ পথ প্ৰশস্ত হ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am
প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

September 3, 2026 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd