বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত ভাৰতীয় তথ্যসেৱাৰ অন্তৰ্গত প্ৰেছ ইনফৰমেশ্বন ব্যুৰোৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক তথা বিশিষ্ট লেখক আৰু নিৱন্ধকাৰ ভূপেন্দ্ৰ চন্দ্ৰ দাসৰ ‘অভিমত ‘শীৰ্ষক গ্ৰন্থ এখন উন্মোচন কৰা হয় ৷
এই উপলক্ষে প্ৰেছ ক্লাবৰ উপদেষ্টা তেজেশ ত্ৰিপাঠীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত লেখক তথা বিশিষ্ট চিকিৎসক গোবিন্দ দাসে আনুষ্ঠানিকভাৱে অসমীয়া আৰু ইংৰাজী দ্বিভাষিক গ্ৰন্থখন উন্মোচন কৰে ৷
বঙাইগাঁৱৰ ৰত্নপীঠ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন মূলত ৰাজ্যখনক সততে উত্তাল কৰি ৰখা অতি গুৰুত্বপূৰ্ণ কেইটামান জলন্ত সমস্যাক কেন্দ্ৰ কৰি অসমীয়া আৰু ইংৰাজী বাতৰি কাকতসমূহত ‘সম্পাদকলৈ চিঠি’ শিতানত ইতিমধ্যে প্ৰকাশিত লেখকৰ চাৰিকুৰিৰো অধিক চিঠিৰ এখন সংকলন ৷
গ্ৰন্থখনত অসম আৰু উত্তৰ পূৱৰ ৰাজ্যসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা কেন্দ্ৰৰ বৈষম্যমূলক আচৰণ, অসমৰ অস্তিত্ব বিপন্ন কৰিব খোজা আগ্ৰাসী অবৈধ বাংলাদেশী নাগৰিকৰ অবাধ প্ৰব্ৰজন, এই সন্দৰ্ভত স্বাক্ষৰিত ‘অসম চুক্তি ‘ৰ ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱ, সন্ত্ৰাসবাদে কোঙা কৰা অসম, নাৰীৰ বিৰুদ্ধে ক্ৰমবৰ্দ্ধমান অপৰাধ, এই ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে ক্ৰমান্বয়ে চতুৰ্থবাৰৰ বাবে লাভ কৰা শীৰ্ষস্থান, পিছপৰা জাতি – জনজাতি, দলিত, অল্পসংখ্যক লোকৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ বিদ্বেষমূলক আচৰণ, সংবাদ- মাধ্যমৰ বিশ্বাসযোগ্যতা, চিকিৎসা বিভ্ৰাট, সবকে সাথ সবকা বিকাশ, স্বচ্ছ ভাৰত, দেশখনত প্ৰকট হোৱা অসহিষ্ণুতাৰ নিদৰ্শন ইত্যাদি সমস্যাবোৰৰ ওপৰত ৰোখাপাত কৰি গ্ৰন্থখনত লেখকে নিজা অভিমত প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে ৰত্নপীঠ প্ৰকাশনৰ স্বত্ত্বাকাধিকাৰী ড° ৰূপাঞ্জলী দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত আদৰণি ভাষণ ৰাখে সাংবাদিক কুঞ্জমোহন ৰায়ে ৷
অনুষ্ঠানত প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মা, বিশিষ্ট চিকিৎসক ধৰ্মেশ্বৰ হাজৰিকাই বক্তব্য ৰাখে ৷ লগতে গ্ৰন্থকাৰ ভূপেন্দ্ৰ চন্দ্ৰ দাসেও প্ৰকাশিত গ্ৰন্থখনৰ বিষয়ে বক্তব্য ৰাখে ৷