DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভয়াপুৰীত ‘বৃন্দাৱনী বস্ত্ৰ কথা’ আৰু ‘অনুগল্পৰ ৰহঘৰা’ উন্মোচন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 29, 2021 7:40 pm
128
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু অভয়াপুৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত অভয়াপুৰীৰ সাহিত্য ভৱনত অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷

অভয়াপুৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি মৃদুল কুমাৰ দাসে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

ইয়াৰ পিছতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আৱক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শাখাৰ কাৰ্যবাহী সদস্য নৱ কুমাৰ দাসে ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দুখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰোহিনী কুমাৰ চৌধুৰীৰ ‘বৃন্দাৱনী বস্ত্ৰ কথা ‘ আৰু শকুন্তলা চৌধুৰীৰ ‘অনুগল্পৰ ৰহঘৰা’ ৷

গ্ৰন্থ দুখন উন্মোচন কৰে শৰ্মাৰাম দাস আৰু ৰমলা ৰায় সৰকাৰে ৷ উন্মোচকৰ দুআষাৰত শৰ্মাৰাম দাসে বৃন্দাৱনী বস্ত্ৰৰ আতি গুৰি বিৱৰি কয় ৷

আনহাতে অনুগল্পৰ ৰহঘৰা গ্ৰন্থখন উন্মোচন কৰি ৰমলা ৰায় সৰকাৰে বঙাইগাঁও অঞ্চলত মহিলা সাহিত্যকৰ্মীৰ চমকপ্ৰদ উত্থান হোৱা বাবে সন্তুষ্টি প্ৰকাশ কৰে ৷

পুৱা এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভানেত্ৰী ৰমলা ৰায় সৰকাৰে ৷ জিলা শাখাৰ সম্পাদক বিনোদ কুমাৰ বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট শিক্ষক তথা সাহিত্যকৰ্মী সতীশ চন্দ্ৰ দাসে নিজৰ চমু বক্তব্যত কয় যে সাহিত্য হ’ল সমাজৰ ছবি ৷

গতিকে লেখকসকলে আমাৰ চৌপাশৰ ঘটনাৰাজিক সাহিত্যত স্থান দিব লাগে ৷

সভাত মীনা শৰ্মাই এটি জ্যোতি সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ৷

সেইদৰে নৱ প্ৰজন্মৰ প্ৰতিভাশালী কবি তনুপ্ৰিয়া কলিতাই স্বৰচিত কবিতা ‘বিন্দুকণা’, বুলুমণি দাস কলিতাই এটি অনুগল্প, স্বভাৱকবি যোগেন ৰাজবংশীয়ে ডঃ ভূপেন হাজৰিকাৰ মৃত্যুত লিখা এটি কবিতা আবৃত্তি কৰে৷ সভাখনত ডাঃ নুৰুল ইছলাম, কামখ্যা প্ৰসাদ ৰায়, অনুকূল চন্দ্ৰ নাথ, মমতা চৌধুৰী, দিপুল কুমাৰ ৰায়, অৰবিন্দ অধিকাৰী, অংকিতা চৌধুৰী, বিক্ৰম চৌধুৰী আদি উপস্থিত থাকে ৷ শেষত অভয়াপুৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক অংকুৰ দাসে শলাগৰ শৰাই আগবঢ়ায় ৷

Recent News

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Union Budget 2023-24: আৰু কিমান দিন চলাব পাৰিব পুৰণি গাড়ী? বাজেটত নিৰ্দ্ধাৰণ কৰি দিয়া হ’ল সময় সীমা

Union Budget 2023-24: আৰু কিমান দিন চলাব পাৰিব পুৰণি গাড়ী? বাজেটত নিৰ্দ্ধাৰণ কৰি দিয়া হ’ল সময় সীমা

জম্মু-কাশ্মীৰৰ গুলমাৰ্গত হিমস্খলনত দুই বিদেশী পৰ্যটকৰ মৃত্যু

জম্মু-কাশ্মীৰৰ গুলমাৰ্গত হিমস্খলনত দুই বিদেশী পৰ্যটকৰ মৃত্যু

কপাল ফুটিল আদানিৰ, কপাল ফুলিল আম্বানীৰ! পুনৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হ’ল আম্বানী

কপাল ফুটিল আদানিৰ, কপাল ফুলিল আম্বানীৰ! পুনৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হ’ল আম্বানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd