বিজেপি আৰু এআইইউডিএফ দুয়োটাই সাম্প্ৰদায়িক দল। দুয়োটা দলেই সাম্প্ৰদায়িক কথা বতৰাৰ যোগেদি সমাজত সাম্প্ৰদায়িক উত্তেজনা বৰ্তাই ৰাখিবলৈ অপচেষ্টা কৰি আহিছে। এই অভিযোগ আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীৰ।
এক প্ৰেছ বিজ্ঞপ্তিত আপৰ ৰাজ্যিক সভাপতিজনে অভিযোগ কৰি কয় যে, “বিজেপিৰ নেতা, মন্ত্ৰী -বিধায়কসকলক বদৰুদ্দিন আজমলৰ ভুতে খেদি ফুৰে। বিজেপি আৰু এআইইউডিএফ দল একেটা মুদ্ৰাৰ দুটা পিঠি বুলি পুনৰ দোহাৰি ডাঃ চৌধুৰীয়ে কয়, দুয়োটা দলৰ নেতাসকলে মাজে মাজে ধৰ্ম আৰু সম্প্ৰদায়ক লৈ নৃত্য নাটিকা কৰি থাকে। দেশ বা ৰাজ্যৰ নিৰ্বাচন ওচৰ চাপিলে তেওঁলোকে পূৰ্ণাঙ্গ নাটক ৰূপায়ণ কৰে। য’ত নেকি হিন্দু আৰু মুছলমানক নাটকৰ পটভুমি হিচাপে স্থান দিয়ে।’’
মিঞা মুছলিমৰ ভোট এশ বছৰলৈ নালাগে, উজনিৰ ডেকা ল’ৰাবোৰ ওলাই আহিলে মিঞা মুছলমান ক্লীন কৰি দিব ” আদি বিজেপি নেতা মন্ত্ৰীৰ বাক্যবান দুয়োটা দলৰ নেতাৰ বুজাবুজি মতে প্ৰকাশ কৰে বুলি অভিযোগ কৰে ডাঃ ভৱেন চৌধুৰীয়ে ।
অন্যহাতে সেই মিঞা মুছলমানৰ কাষলৈ গৈ তেওঁলোকে নিৰ্বাচনত ভোট ভিক্ষা কৰে। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে হিন্দু মুছলমানক লৈ দুয়োটা দলে যিমানেই উত্তেজনামুলক বক্তব্য প্ৰকাশ নকৰক কিয়, অসমৰ ৰাইজে তেওঁলোকৰ প্ৰকৃত স্বৰূপ বুজিবলৈ বাকী নাই বুলি আপৰ ৰাজ্যিক সভাপতিজনে কটাক্ষ কৰে।
সমন্বয়ৰ অসমত ধৰ্ম আৰু সম্প্ৰদায়ক লৈ লেতেৰা ৰাজনীতি কৰাৰ সময় নাই বুলি দুয়োটা দলৰ নেতাসকলক সঁকিয়াই দি তেওঁ ৰাজনীতিক লৈ বাদানুবাদ কৰিবলৈ আহন্ধান জনায়।