• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত তিনিচুকীয়া জিলা বক্সিং এছোচিয়েচনৰ ভূমি বেদখলকলৈ সৰৱ খেলুৱৈ

প্ৰতিবাদত নামিল খ্যাতনামা বক্সিং খেলুৱৈ লাভলীনা বুঢ়াগোঁ‌হাই, ভাগ্যৱতী কছাৰী, অংকুশীতা বড়ো , কল্পনা চৌধুৰীকে ধৰি খেলুৱৈ সমাজ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 27, 2020 6:57 pm
IMG-20200924-WA0009
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 শেহতীয়াকৈ বিধায়ক ভাস্কৰ শৰ্মাৰ পালি পহৰীয়া সকলৰ কাণ্ড কাৰখানা দেখি এতিয়া চকু কপালত উঠিছে ৰাইজৰ৷

বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ঠ  সুনীল গুৰুঙে বক্সিং এছোচিয়েচনৰ নামত আৱণ্টিত ভূমি বেদখল কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷

Apply Now

গুৰু গোঁসাই নমনা এইজন লোকৰ  সন্ত্ৰাসত এতিয়া অতীষ্ঠ হৈ পৰিছে সমষ্টিটোৰ জনতা৷ ভূ- মাফিয়া ৰূপে অৱতীৰ্ণ হোৱা  অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক পদবীধাৰী সুনিল গুৰুঙৰ এনে কাৰ্য্যক গৰিহণা দিছে  খ্যাতনামা বক্সিং খেলুৱৈ তথা অৰ্জুন বঁ‌টা বিজয়ী লাভলীনা বুঢ়াগোঁ‌হায়ে৷  আজি ভিডিঅ বাৰ্তা যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি লাভলীনাই কয় যে, তিনিচুকীয়া বক্সিং এছোচিয়েচনৰ নামত আৱণ্টিত ভূমি এইদৰে দুস্কৃতিকাৰীয়ে বেদখল কৰা কাৰ্য্য অতিকৈ নিন্দনীয়৷

ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বক্সিং খেলক আগুৱাই নিয়াৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাৰ গুৰুত্ব অপৰিসীম৷ গতিকে অচিৰেই উক্ত ভূমি বেদখল মুক্ত কৰি বেদখলকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনালে লাভলীনাই৷

লাভলীনা বুঢ়াগোহাইৰ সমান্তৰালকৈ কেইবাগৰাকী খেলুৱৈয়ে আজি ভিডিঅ বাৰ্তা যোগে সৰৱ হৈ পৰা দেখিবলৈ পোৱা যায়৷

অসমৰ আন এগৰাকী আগশাৰী বক্সাৰ তথা ইণ্ডিয়ান অপেন বক্সিঙৰ গল্ড মেডেলিষ্ট ভাগ্যৱতী কচাৰীয়ে বক্সিঙৰ মাটি দখল কাৰ্য্যক গৰিহণা জনোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ আন এগৰাকী বক্সাৰ অংকুশীতা বড়োৱেও  এনে মাফিয়াৰাজক গৰিহণা জনোৱাৰ লগতে ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে৷ সেইদৰে খেলো ইণ্ডিয়াৰ মেডেলিষ্ট অভিনৱ শইকীয়া, আন্তঃৰাষ্ট্ৰীয় বক্সাৰ কল্পনা চৌধুৰী সহ বহুজনে আজি মাৰ্ঘেৰিটাত বক্সিং সন্থাৰ ভূমি বেদখলৰ বিৰুদ্ধে সৰব হৈ পৰা দেখিবলৈ পোৱা গল৷

উল্লেখ্য যে,  মাৰ্ঘেৰিটা চক্ৰ বিষয়া কাৰ্যালয়ে মাৰ্ঘেৰিটা সৎসঙ্গ বিহাৰৰ সমীপত ২০০২ চনৰ ২৪ এপ্ৰিল তাৰিখে তিনিচুকীয়া জিলা এমেচাৰ বক্সিং এছোচিয়েচনৰ নামত ৩৫২৮ দাগৰ এক কঠা আঠ লোচা  মাটি অনুমোদন দিছিল৷

কিন্তু ৰাজনৈতিক প্ৰভুত্ব খটুৱাই মাৰ্ঘেৰিটাৰ বহু বিতৰ্কিত ব্যক্তি তথা অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙে বক্সিং এচচিয়েচনৰ মাটি বেদখল কৰি পকী গৃহ নিৰ্মাণৰ প্ৰস্তুতি চলোৱা ঘটনাই তোলপাৰ লগাইছে ৰাজ্যত৷

যি সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যখনক আৰু এখোজ আগুৱাই নিবলৈ চেষ্টা কৰিছে তেনে সময়তে মাৰ্ঘেৰিটাত এইদৰে বক্সিং এছোচিয়েচনৰ নামত আৱণ্টিত ভূমি  বেদখল কৰা ঘটনাত ৰাজ্যৰ ক্ৰীড়া মহলে  ক্ষোভ প্ৰকাশ কৰিছে। অন্যহাতে পুনৰ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে সমগ্ৰ বিষয়টো তদন্ত কৰাৰ বাবে মাটি বেদখলত অভিযুক্ত  সুনীল গুৰুঙক অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত চক্ৰ বিষয়াই ২৮ ছেপ্টেম্বৰত মাৰ্ঘেৰিটা চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত দিনৰ ১১ বজাত উপস্থিত হ’বলৈ জাননী জাৰি কৰিছে।

উল্লেখ যে চক্ৰ বিষয়াই মেম নং এম আৰ চি ০৮/২০১৪-২০/পি টি – আই আই আই/২৪১ নং যোগে ২১-৯-২০২০ তাৰিখে দিনৰ এঘাৰ বজাতো গুৰুঙক কাৰ্যালয়ত উপস্থিত থাকিবলৈ  জাননী জাৰি কৰিছিল কিন্তু ইয়াৰ পৰিৱৰ্ত্তে সুনীল গুৰুঙে চৰকাৰী জাননীক অংগুষ্ঠ প্ৰদৰ্শন কৰি বেদখলীকৃত মাটিত পকী খুটা নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছিল ।

ইয়াৰ পাছতেই মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ নিৰ্দেশত মাৰ্ঘেৰিটা আৰক্ষীয়ে বেদখলীকৃত স্থানত উপস্থিত হৈ বিৰ্তকিত নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিছিল।

আজি অসমৰ খ্যাতনামা বক্সিং খেলুৱৈ সকলে মাটি বেদখলকৃত বিষয়টোত হস্তক্ষেপ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কেনেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd