• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ বি পি এফৰ গেৰুৱাকৰণ হ’ব নেকি?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 14, 2018 9:05 pm
BJP_BPF
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত সমাপ্ত হোৱা পঞ্চায়ত নিৰ্বাচনৰ পিছত এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ হৈছে। কিন্তু এই নিৰ্বাচনতেই অসমৰ আন এটা আঞ্চলিক ৰাজনৈতিক দলে স্বকীয়তা হেৰুৱাৱ নেকি -এই প্ৰশ্ন উত্থাপিত হৈছে।

আলোচ্য দলটো ৰাজ্যত বিজেপিৰে মিত্ৰতাজোঁটত থকা বড়োলেণ্ড পীপ’লছ ফ্ৰণ্ট বা চমুকৈ বি পি এফ। এটা সূত্ৰৰ দাবী, এইবাৰ লোকসভা নিৰ্বাচনত নিজৰ পোচাক এৰি গেৰুৱা বৰণ ল’ব পাৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে!

Apply Now

আগন্তুক লোক সভা নিৰ্বাচনত বি পি এফক নিজৰ প্ৰতীক ‘নাঙল’ৰ সলনি ‘পদুম ফুল’ৰ প্ৰতীক লৈ অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ আগ বঢ়াইছে মিত্ৰদল বিজেপিয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেলত এই কথা জানিবলৈ দিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে।

বড়োৱে কয়, “বিজেপিয়ে আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰি সেই মিত্ৰতাক সাতৰঙী ৰামধেনু সদৃশ বুলি কয়। কিন্তু প্ৰকৃততে তাত এতিয়া কেৱল গেৰুৱা ৰংহে আছে। লোক সভা নিৰ্বাচনত কোকৰাঝাৰত বি পি এফ জিকিব নোৱাৰে বুলি বিজেপিয়ে জানেই, বি পি এফ তৃতীয় বা চতুৰ্থ স্থানত থাকিব। গতিকে হাগ্ৰামা মহিলাৰীক বি পি এফৰ প্ৰাৰ্থীৰ বিপৰীতে বিজেপিৰ প্ৰতীক লোৱাৰ আহ্বান জনাইছে।”

উল্লেখযোগ্য যে ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত বি পি এফ তৃতীয় স্থানতহে ৰৈছিল। নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া বিপুল ভোটত বিজয়ী হোৱাৰ বিপৰীতে দ্বীতিয় স্থানত আছিল য়ুনাইটেড পীপ’লছ পাৰ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম।

তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল, সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰতা স্থাপন কৰা সন্মিলিত গণশক্তি, তিৱা জাতীয় ঐক্য মঞ্চ আৰু ৰাভা যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীয়ে বিজেপিৰ প্ৰতীকতহে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

প্ৰথম অৱস্থাত এই আঞ্চলিক দলকেইটাৰ প্ৰাৰ্থীয়ে নিজৰ প্ৰতীকতে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ বিচাৰিছিল যদিও পাছত বিজেপিৰ প্ৰতীকতে অৱতীৰ্ণ হ’বলৈ বাধ্য হৈছিল। ইয়াকে লৈ দলকেইটাৰ তৃণমূল কৰ্মীৰ মাজত তীব্ৰ অসন্তুষ্টিৰো সৃষ্টি হৈছিল।

বিজেপিয়ে অসমৰ সৰু সৰু আঞ্চলিক দলসমূহক এইদৰে এতিয়া নিজ দলত লীন নিয়াৰ চেষ্টা চলাই থকা বুলি মন্তব্য কৰিছে দুৰ্গাদাস বড়োৱে। অৱশ্যে দুৰ্গাদাস বড়োৱে মন্তব্য কৰাৰ দৰে সঁচাকৈয়ে যদি বিজেপিয়ে বিপিএফ লৈ এই প্ৰস্তাৱ আগ বঢ়াইছে তেতিয়াহ’লে দলটোৱে কি পদক্ষেপ লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

ইপিনে, বিজেপিৰ পৰা এনে প্ৰস্তাৱ লাভ কৰাৰ কথা প্ৰত্যক্ষভাৱে একো গম পোৱা নাই বুলি কৈ সংবাদ মাধ্যমৰ পৰাহে জানিব পৰা বুলি কয় মন্ত্ৰী তথা বি পি এফ বিধায়িকা প্ৰমিলাৰাণী ব্ৰহ্মই।

তেওঁ কয়, “বিজেপিয়ে এনেকুৱা প্ৰস্তাৱ আগ বঢ়ালেও গ্ৰহণ কৰাৰ কথাই আহিব নোৱাৰে। আমাৰ নিজৰ প্ৰতীক আছে। আমি আমাৰ প্ৰতীক এৰি বিজেপিৰ প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হ’লে আমাৰ কৰ্মী-সমৰ্থকসকলে দুখ পাব। আমি তেতিয়া এটাও ভোট নাপাম।”

তেওঁ লগততে কয় যে বি পি এফ বিজেপিৰে মিত্ৰতাত আছে আৰু মিত্ৰতাত এতিয়ালৈ কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই। কিন্তু এনেধৰণৰ প্ৰস্তাৱ আহিলে বি পি এফে কেতিয়াও মানি নলয়। বিজেপিয়ে এনে প্ৰস্তাৱ আগ বঢ়োৱাটো তেওঁ আশা নকৰে বুলিও জানিবলৈ দিয়ে।

একেদৰে বি পি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক ইমানুৱেল মুছাহাৰীয়েও এই প্ৰস্তাৱৰ কথা অস্বীকাৰ কৰে।

“এয়া কংগ্ৰেছৰহে কথা। বিজেপিৰ প্ৰতীকত আমি কিয় প্ৰাৰ্থী আগবঢ়াম”, মুছাহাৰীয়ে প্ৰতিক্ৰিয়াত কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd