• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বিপিএফ-এই পৰিষদ গঠন কৰিব”, তামুলপুৰত সম্বৰ্ধনা সভাত ইমানুৱেল মছাহাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 26, 2020 8:08 pm
BPF will be winner, says Masahary
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ মাৰ্চ-এপ্ৰিলৰ ভিতৰত অনুষ্ঠিতব্য  বিটিচিৰ পৰিষদীয় নিৰ্বাচনত  বিপিএফ দলেই বিটিচি পৰিষদ গঠন কৰিব। এইবাৰ নিৰ্বাচনত বিপিএফ দলেই সংখ্যা গৰিষ্ঠতা লাভ কৰি হাগ্ৰামা মহিলাৰীৰ বলিষ্ঠ নেতৃত্বত পুনৰ বিটিচি পৰিষদ গঠন কৰাটো নিশ্চিত– এই মন্তব্য ৫৮ নং  তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ ইমানুৱেল মছাহাৰীৰ।

তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দৰঙ্গাজুলি বিটিচি পৰিষদীয় সমষ্টিৰ ২নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ উদ্যোগত আৰু ২নং পশ্চিম কুমাৰীকাটা প্ৰাথমিক বিপিএফৰ সহযোগত আজি বিনোৱাপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সহস্ৰাধিক জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱাৰ বাবে অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি তেওঁ এই ভাষ্য প্ৰদান কৰে।

Apply Now

২নং পশ্চিম কুমাৰীকাটা প্ৰাথমিক শাখাৰ সভাপতি কালিপদ মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি তামুলপুৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ ইমানুৱেল মছাহাৰীয়ে কয়, “চৰকাৰৰ কোনো ধৰ্ম নাই, চৰকাৰৰ কোনো জাতিও নাই প্ৰজাৰ হিতেই ৰজাৰ ধৰ্ম। নিৰ্বাচনৰ সময়ত অনেক ত্ৰাণকৰ্তা আহিব,কোনোবা বড়োৰ ত্ৰাণকৰ্তা হৈ , কোনোবা বাঙালীৰ ত্ৰাণকৰ্তা হৈ। আচলতে কোনো কাৰো ত্ৰাণকৰ্তা নহয়।  আপোনালোকে  আমাক ৰজা পাতিছে, গতিকে আমিয়ে আপোনালোকক চাব লাগিব।”

ভাষণ প্ৰসংগত তেওঁ পুনৰ কয় যে বহুতে বহু কথা ক’ব পাৰে, কোনেও কলৈকো যাব নালাগে। এন আৰ চিৰ কথা পাহৰি যাওক, অতীতৰ পৰা আমি মিলিজুলি আছিলো, এতিয়াও মিলিজুলি একেলগে থাকিম।

নিৰ্বাচনত মানুহৰ মুখ নাচাই চিধাই নাঙলত ভোট দিবলৈ তেওঁ সমবেত সকলোলৈ আহ্বান জনায়। সভাত অংশ লৈ বিটিচিৰ প্ৰাক্তন এম চি এল এ বাসুদেৱ উপাধ্যায়ে কয় যে ৰাজনীতি সমাজ ভঙাৰ বাবে নহয়, সমাজ গঢ়াৰ বাবেহে। জাতি ভাগ ভাগ কৰাৰ কাৰণে ৰাজনীতি নহয়।

“আমি সমাজ গঢ়াৰ বাবেহে সমাজখনৰ উন্নয়নৰ বাবে ৰাজনীতি কৰিছোঁ,” তেওঁ কয়।

সম্বৰ্ধনা সভাত বিটিচিৰ কাৰ্যবাহী সদস্য বিজিত গৌৰা নাৰ্জাৰীয়ে কয় যে এন আৰ চিৰ কথাক লৈ বহুতে বহু কথা কৈ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰে।  আপোনালোকে ঘৰ- দুৱাৰ, মাটি-বাৰী এৰি যাব নালাগে। এইয়া মিছা কথা আৰু একাংশ সুবিধাবাদী লোকে অপপ্ৰচাৰ চলাইছে। এই লৈ শংকিত নহবলৈ তেওঁ ৰাইজলৈ আহ্বান জনায়।

তেওঁ পুনৰ কয় বিটিচি চুক্তিৰ পিছত এই অঞ্চলৰ মানুহে কোনোধৰণৰ হাৰাশাস্তি হোৱাৰ উদাহৰণ নাই। তেওঁ ৰাইজক যিকোনো পৰস্থিতিতে সকলোৰে লগত সমিলমিলেৰে থাকিব লৈ আহ্বান জনায় আৰু আগন্তুক বিটিচি নিৰ্বাচনত নাঙলৰ ছবিত ভোট দি বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে তেওঁক নিৰ্বাচিত কৰাৰ বাবে আহ্বান জনায়।

তেওঁ পুনৰ এমচিএলএ হিচাপে নিৰ্বাচিত হলে ৰাইজৰ উন্নয়নৰ কামৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অঞ্চলটোৰ বৃদ্ধ আৰু বৃদ্ধা সকলক চৰকাৰী আঁচনিৰ জৰিয়তে  বৃন্দাবন, হৰিদ্বাৰ আদি ধৰ্মস্থানলৈ নিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে।

আজিৰ সভাতে প্ৰায় ১২০০ জ্যেষ্ঠ নাগৰিকক একোখন ফুলাম গামোচাৰে  সম্বৰ্ধনা জনোৱা হয়। প্ৰায় ডেৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা আৰু ২নং পশ্চিম কুমাৰীকাটা প্ৰাথমিক বিপিএফৰ সম্পাদক যজ্ঞেশ্বৰ কৰ্মকাৰে আঁতধৰা আজিৰ সভাত ২নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ সুজন পাল, প্ৰাক্তন বিটিএফৰ কৰ্মী ৰতন বিশ্বাসেও ভাষণ প্ৰদান কৰে।

আজিৰ সম্বৰ্ধনা সভাত তামুলপুৰ যুৱ বিপিএফৰ উপ সভাপতি বেথেল মছাহাৰী, দৰঙ্গাজুলি বিপিএফৰ সম্পাদক কমল উজিৰ, দৰঙ্গাজুলি যুৱ বিপিএফৰ সভাপতি জয়দেৱ অধিকাৰী, বাঙালী জনমুক্তি বাহিনীৰ প্ৰাক্তন সেনাধ্যক্ষ কৃষ্ণ পদ্দাৰ আৰু বিপিএফ নেতা কৰ্মীৰ লগতে বহুসংখ্যক জ্যেষ্ঠ নাগৰিকে অংশ গ্ৰহণ কৰে।

ইপিনে সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ইমানুৱেল মছাহাৰীয়ে কয় যে বিপিএফ দলৰ জেষ্ঠ নেতা বিশ্বজিত দৈমাৰীকেই পুনৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰা হ’ব।

ছিউলি মহিলাৰীৰ নাম একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাটো সংবাদ মাধ্যমৰ নিজা অংক।

আগন্তুক বিটিচি নিৰ্বাচনত মিত্ৰ জোঁটৰ বিজেপি দলক কেইখন আসন এৰি দিয়া হ’ব বুলি সোধাত মছাহাৰীয়ে কয় যে এতিয়ালৈ বিজেপি দলে এখনো আসন বিচৰা নাই যদিও সময়ত দলৰ লগত আলোচনাৰে আসন ভাগ-বতৰা কৰা হ’ব।

বিজেপিৰ লগত আগতেও মিত্ৰতা আছিল, আজিও আছে আৰু ভৱিষ্যতেও মিত্ৰতা থাকিব বুলি কৈ আগন্তুক ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনতো মিত্ৰতা অটুট থাকিব বুলি সদৰী কৰে ইমানুৱেল মছাহাৰীয়ে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd