• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিটিএডিৰ বাহিৰৰ প্ৰস্তাৱিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠত বিপিএফৰ বিশ্বাসঘাতকতা’; ইউবিপিঅ’

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 3, 2020 5:25 pm
IMG-20201003-WA0003
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰস্তাৱিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ সন্দৰ্ভত বিশদ আলোচনা আৰু এই দিশত সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা উদ্দেশ্যেৰেই সংযুক্ত বড়ো গণ মঞ্চ(ইউবিপিঅ)ৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ বড়ো সমাজৰ বুদ্ধিজীৱী, শিক্ষক, সমাজসেৱকৰ উপস্থিতিত আজি মাৰ্ঘেৰিটাৰ উপকণ্ঠৰ ভিতৰপাৱৈৰ মহাৰাম বড়ো প্ৰাথমিক বিদ্যালয়ত এখন নাগৰিক সভা অনুষ্ঠিত কৰা হয়।

তিনিচুকীয়া জিলা ইউবিপিঅৰ সভাপতি বিষ্ণুৰাম নাৰ্জাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় তিনিচুকীয়া জিলা ইউবিপিঅৰ সাধাৰণ সম্পাদক জয়ন্ত নাৰ্জাৰীয়ে।

Apply Now

সভাত অংশগ্ৰহণ কৰি ইউবিপিঅৰ অধ্যক্ষ পীতাম্বৰ ব্ৰহ্মই কয় দশক দশক কাল ধৰি বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক, ভূমিৰ অধিকাৰ আদি দিশত সাংবিধানিক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ সৰ্বাঙ্গীণ উন্নতিৰ লক্ষ্যত বিটিচিৰ প্ৰাক্তন মুৰব্বী তথা বিপিএফৰ সভাপতি তথা সোতৰ বছৰ ধৰি বিটিচিৰ শাসন চলোৱা হাগ্ৰামা মহিলাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমীলা ৰাণী ব্ৰহ্মৰ সৈতে অতি বিশ্বাসেৰে বিগত বহু বছৰ ধৰি সংযুক্ত বড়ো গণ মঞ্চই বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ সৰ্বাঙ্গীণ উন্নয়নৰ লক্ষ্যত ৰাজনৈতিকভাবেও সহায় সহযোগিতা আগবঢ়াই আহিছে।

কিন্তু শেহতীয়াভাবে সদ্য সমাপ্ত অসম বিধানসভাৰ ৰ্বষাকালীন অধিবেশনত অসম চৰকাৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰা সত্ত্বেও বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, চন্দন ব্ৰহ্ম, প্ৰমীলা ৰাণী ব্ৰহ্মই এই প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰি বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ বহু প্ৰত্যাশিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনত  চুড়ান্তভাৱে বিশ্বাসঘাতক কৰিলে বুলি ক্ষুৰধাৰ সমালোচনা কৰে।

বিপিএফৰ ৰাজনৈতিক ষড়যন্ত্ৰ আৰু প্ৰতাৰণাৰ বিৰুদ্ধে থিয় দি ইউবিপিঅৰ দীৰ্ঘ দিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই শেহতীয়াকৈ সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ ৫নং ধাৰাৰ ৫.১ দফা অনুসৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ প্ৰক্ৰিয়া হাতত লৈছে বুলি বক্তব্য দাঙি ধৰি অহা ৭ অক্টোবৰত কেবিনেটৰ জৰিয়তে অসম চৰকাৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰি তৎকালে ইয়াৰ কাৰ্যকৰী ৰূপায়ণৰ পদক্ষেপ লবলৈ প্ৰচেষ্টা চলাইছে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

ইউবিপিঅৰ সম্পাদক শুক্ৰেশ্বৰ গয়াৰীয়ে কয় বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ বাবে বহু আকাংক্ষিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ জৰিয়তে ৰাজনৈতিক ক্ষমতা লাভৰ সমান্তৰালভাবে এটা প্ৰশাসনিক ব্যৱস্থা গঢ় লৈ উঠিব আৰু ইয়াৰ জৰিয়তে দশক দশক কাল ধৰি সাংবিধানিক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ অহা বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ বাবে ঐতিহাসিকভাবে উন্নয়ন ত্বৰান্বিত হ’ব বুলি কৈ এই ক্ষেত্ৰত সকলো বড়ো জনগণই নিশ্চিতভাৱে ঐক্যৱদ্ধ আৰু সমূহীয়া প্ৰচেষ্টাৰে আগবাঢ়ি যাব লাগিব বুলিও ভাষণত কয়।

অনুষ্ঠানত ধেমাজি জিলা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে নিজৰ ভাষণত কয় বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দিশত অসম চৰকাৰৰ সহযোগী দল বড়োৰ স্বগোষ্ঠীয় নেতৃত্বৰ দল বিপিএফে চুড়ান্তভাৱে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি বিশ্বাসঘাতকতা কৰিলে।

সভাত বড়ো সাহিত্য সভাৰ মাৰ্ঘেৰিটা প্ৰাথমিক সমিতিৰ সাধাৰণ সম্পাদিকা দিপ্তী দৈমাৰী, শিক্ষক দিনেশ বড়ো, সমাজকৰ্মী গিৰিশ বসুমতাৰী,  কেশৱতী বড়োয়ে চমু ভাষণ আগবঢ়ায়।

গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাত সংযুক্ত বড়ো গণ মঞ্চৰ উপ সভাপতি ৰতন বসুমতাৰী, সাংগঠনিক সম্পাদক সৃজন বসুমতাৰী, ধেমাজি জিলা সমিতিৰ কোষাধ্যক্ষ ৰবিন বড়ো, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱাল উপস্থিত থকা সভাত শদিয়া, জাগুন, মাৰ্ঘেৰিটা অঞ্চলৰ দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd