ক’ৰ’ণা ভাইৰাছে ককাল ভাঙি দিয়া আমেৰিকাত এইবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে এবিধ নতুন বেক্টেৰিয়াই।
প্ৰধানকৈ পানীৰ জৰিয়তে বিয়পি পৰা এই বেক্টেৰিয়া বিধৰ আক্ৰমণৰ লক্ষ্য হৈছে মানুহৰ মগজু।
বেক্টেৰিয়া বিধৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছতে এই বেক্টেৰিয়াই পোনে পোনে মানুহৰ মগজুত আক্ৰমণ চলায় আৰু মগজুৰ কোষসমূহ কুটি কুটি খাবলৈ আৰম্ভ কৰে।
ফলত অতি কম দিনৰ ভিতৰতে আক্ৰান্ত লোক এজনে মৃত্যুক সাৱটি লবলগীয়া হয়।
আমেৰিকাৰ টেক্সাছৰ লেক জেকচন অঞ্চলৰ পানীৰ টেপ সমূহত বিয়পি পৰিছে naegleria fowleri নামৰ মাৰাত্মক বেক্টেৰিয়া বিধ।
ইতিমধ্যে এই বেক্টেৰিয়াৰ চিকাৰ হৈ জচিয়া মেক ইন্ট্ৰভ নামৰ জেন কিশোৰৰ মৃত্যু ঘটিছে।
টেক্সাছৰ প্ৰশাসনে সেয়ে অঞ্চলটোৰ বাসিন্দাসকলক টেপৰ পানী ব্যৱহাৰ নকৰিবলৈ সাৱধান কৰি দিছে।
উল্লেখ্য ২০১১ আৰু ২০১৩ চনতো এই মাৰাত্মক বেক্টেৰিয়া বিধে আমেৰিকাৰ লুইচিনিয়া অঞ্চলত বহু লোকৰ প্ৰাণ কাঢ়ি নিছিল।
আমেৰিকাত ২০০৩ চনত এই বেক্টেৰিয়া বিধৰ উপস্থিতি প্ৰথবাৰৰ বাবে ধৰা পৰিছিল।
আৰিজনা অঞ্চলৰ এটা কুঁৱাৰ পানীত বেক্টেৰিয়া বিধ ধৰা পৰাৰ পিছতে মাৰ্কিন স্বাস্থ্য বিভাগে তৎপৰতাৰে বেক্টেৰিয়া বিধৰ বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হৈছিল যদিও ক’ৰ’ণাতংকৰ সময়ত পুনৰ ইয়াৰ আবিৰ্ভাৱে মাৰ্কিন নাগৰিক সকলক আতংকিত কৰি তুলিছে।