• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়া নে বিড়ম্বনা! ফুলশয্যাৰ নিশা দৰাৰ পৰা ৯০ লাখ টকা দাবী কইনাৰ, লগতে মৃত্যুৰ ভাবুকি!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 11:17 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমৰ চহৰ’ আগ্ৰাত অদ্ভুত প্ৰতাৰণাৰ কাহিনী। বিয়াসম্পন্ন হৈছে মাত্ৰ। ফুলশয্যাৰ নিশা নৱবিবাহিতা পত্নীৰ ওৰণিখন আঁতৰাবলৈ চেষ্টা কৰিয়েই চৰম বিপাঙত পৰে স্বামী। বিয়াৰ প্ৰথম নিশা ওৰণি গুচোৱাৰ সময়ত স্বামীৰ পৰা ৯০ লাখ টকা দাবী কৰে কইনাই! নিদিলে যুৱতীগৰাকীয়ে কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰে। পৰৱৰ্তী কাহিনীভাগ আৰু অধিক ভয়ংকৰ।

আগ্ৰাৰ বাসিন্দা গৌৰৱ আৰু কল্পনাৰ বিবাহ বিবাহ হৈছিল যোৱা বছৰৰ ২৯ এপ্ৰিলত। কিন্তু সেই বিবাহ এদিনো স্থায়ী নহ’ল। গৌৰৱৰ ভগ্নী মুস্কানে দাখিল কৰা এফ আই আৰ অনুসৰি কল্পনাই স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰি তাৰ পৰিৱৰ্তে তেওঁক অপমান কৰে।

Apply Now

অভিযোগ মতে, কল্পনাই ভায়েকহঁতৰ সহায়ত নিজৰ সকলো গহনা আৰু শাহুৱেকৰ গহনা (পিন্ধাৰ অজুহাতত) লৈ গুচি যায়। কল্পনাই বাৰে বাৰে গৌৰৱ আৰু তেওঁৰ পৰিয়ালক “স্বেচ্ছাই” ৯০ লাখ টকা দেউতাক আৰু ভাতৃৰ হাতত গতাই দিবলৈ চাপ দিয়ে।

জুলাই মাহৰ প্ৰথম সপ্তাহত কল্পনাই মাক-দেউতাকৰ ঘৰলৈ গৈছিল আৰু যাওঁতে তেওঁ ভাবুকি দি গৈছিল – “মোক ৯০ লাখ টকা দিয়ক নহ’লে মৰিবলৈ সাজু থাকক।” ইয়াৰ পিছত কল্পনা কেতিয়াও শহুৰেকৰ ঘৰলৈ উভতি নাহিল। কইনাৰ পৰিয়ালে গৌৰৱৰ পৰিয়ালক জীৱন্তে জ্বলাই দিয়াৰ ভাবুকি দিয়াৰ অভিযোগো উঠিছে।

যোৱা বছৰৰ ৩ ছেপ্টেম্বৰত কল্পনাৰ ভাতৃ ৰাহুলে পিতৃৰ বেংক একাউণ্টৰ সবিশেষ মুস্কানৰ সৈতে শ্বেয়াৰ কৰি দাবী কৰা ধন শহুৰেকৰ ঘৰৰ পৰা সেই একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

কেইমাহমানৰ পিছত (২০২৬ চনৰ ২৫ মাৰ্চ) কল্পনা হঠাতে গৌৰৱৰ ঘৰত পিতৃ (নৰেন্দ্ৰ), ভাতৃদ্বয় (বিকাশ আৰু ৰাহুল) আৰু এজন ঘটক (মুন্না মাষ্টৰ)ৰ সৈতে উপস্থিত হয়। তেওঁলোকে গৌৰৱৰ পৰিয়ালৰ লোকক ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে আৰু তেওঁলোকক লক্ষ্য কৰি অশ্ৰাৱ্য গালি-গালাজ আৰু মৃত্যুৰ ভাবুকি দি থাকে।

অভিযোগ অনুসৰি, কল্পনাৰ পৰিয়ালে গৌৰৱক ৯০ লাখ টকা সংগ্ৰহৰ বাবে দুঘণ্টাৰ সময়সীমা দি কয় যে যদি তেওঁ জীয়াই থাকিব বিচাৰে তেন্তে সেই সময়ৰ ভিতৰতে ধনৰ ব্যৱস্থা কৰিব লাগিব। গৌৰৱৰ পিতৃ ৬৭ বছৰীয়া উম্মেদ সিং হৃদৰোগী আৰু দৃষ্টিশক্তিহীন। তেওঁ অপৰাধীৰ চৰম অপমান আৰু মৌখিক গালি-গালাজৰ বলি হয়। আনকি অপৰাধীসকলে তেওঁলোকক উদ্দেশ্যি মন্তব্য কৰিছিল যে “আপোনালোক মৰি যোৱাই উচিত।”

অভিযুক্তই ঘটনাটো দুৰ্ঘটনাৰ দৰে দেখাবলৈ ঘৰৰ গেছ পাইপ ক্ষতিগ্ৰস্ত কৰে । অৱশেষত আৰক্ষীৰ সহযোগত পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অভিযোগকাৰীয়ে দাবী কৰা মতে, তাৰপিছতো কল্পনা আৰু তেওঁৰ পৰিয়ালৰ লোকক প্ৰায়ে তেওঁলোকৰ ঘৰৰ আশে পাশে ঘূৰি ফুৰা দেখা যায়। তেওঁলোকে দাবী-ভাবুকি দি সন্ত্ৰস্ত পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। খবৰ অনুসৰি ঘটক মুন্না মাষ্টৰে স্বীকাৰ কৰিছে যে তেওঁ সুপৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰিছিল, যাৰ মূল উদ্দেশ্য আছিল বিয়াৰ আয়োজন কৰি ধন আহৰণ কৰা।

এই ঘটনাত গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীৰ তদন্ত অব্যাহত আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd