• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বান্দৰদেৱাত কেইবাটাও পতিতালয় ধ্বংস; গোগামুখত বিক্ৰী কৰিবলৈ অনা ১০ বছৰীয়া নাবালিকাক উদ্ধাৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
November 6, 2018 5:00 pm
NL-1
482
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশা অসম আৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত লখিমপুৰ জিলাৰ অন্তৰ্গত বান্দৰদেৱাৰ হিম্মৎসিংকাৰ চৌহদৰ নিকটস্থ ৭খন পতিতালয়ত অসামৰিক আৰু আৰক্ষী প্ৰশাসনে বুলডজাৰেৰে উচ্ছেদ অভিযান চলাইছে। এই পতিতালয়কেইখনে এলেকাটোত দীৰ্ঘ দিন ধৰি অনৈতিক কাৰ্য-কলাপ বৃদ্ধি কৰিছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰি আহিছিল।

চৰকাৰী ভূমিত গঢ় লৈ উঠা এই পতিতালয়কেইখনে অঞ্চলটোক মানৱ সৰবৰাহ, অবৈধ জুৱা, মদৰ আড্ডালৈ পৰ্যৱসিত কৰি তোলাৰ লগতে আনুষংগিক বিভিন্ন অপৰাধৰ কেন্দ্ৰবিন্দু কৰি তুলিছিল।

ৰাইজৰ অভিযোগৰ ভিত্তিত লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্ত, উপ আৰক্ষী অধীক্ষক ফাৰুখ আহমেদ আৰু এছ ভুঞাৰ লগতে নাৰায়ণপুৰ আৰু বিহপুৰীয়াৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে বিএছ ছাদ্দব আৰু দীপ্তি মৰাং সহ লখিমপুৰ আৰক্ষীৰ এটা দলে এই পতিতালয়বোৰৰ উচ্ছেদ অভিযানৰ নেতৃত্ব দিছিল।

অনৈতিক কাম-কাজৰ সৈতে লিপ্ত থকাৰ অভিযোগত আৰক্ষীয়ে ঘৰকেইটাৰ পৰা ৫গৰাকী মহিলাকে ধৰি ১৬গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে। মহিলাসকলক লখিমপুৰৰ বাহিৰৰ পৰা সৰবৰাহ কৰা হৈছিল আৰু দেহ ব্যৱসায়ত জড়িত কৰোৱা হৈছিল আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰণিধানযোগ্য যে ইয়াৰ পূৰ্বে হাৰমতী, পথালি পাহাৰ আৰু বান্দৰদেৱাৰ ৰাইজৰ অভিযোগৰ ভিত্তিত যোৱা বছৰ একেই স্থানতেই জিলা প্ৰশাসনে পতিতালয় ধ্বংস কৰিছিল। কিন্তু সেইবোৰ পুনৰ ঠন ধৰি উঠি এলেকাটোৰ পৰিৱেশ বিনষ্ট কৰি তুলিছিল। এই উচ্ছেদ অভিযানটোৰ নেতৃত্ব দিছিল লালুক আৰু বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ৰমে অজিত কুমাৰ ভুঞা আৰু লিণ্টু বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ধনেশ্বৰ দাসে।

মন কৰিবলগীয়া যে মাত্ৰ এদিন পূৰ্বে ধেমাজি জিলাৰ গোগামুখত মানৱ সৰবৰাহকাৰীৰ হাতৰ পৰা এগৰাকী ১০ বছৰীয়া নাবালিকাক স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগিতাত উদ্ধাৰ কৰা হয়। ভয়ংকৰ কথাটো হৈছে বালিকাগৰাকীক নিজৰ দেউতাকেই ক্ৰেতাৰ সৈতে এখন গাড়ীত লৈ আহিছিল। বছৰি ৩৬ হেজাৰ টকাৰ বিনিময়ত নাবালিকাগৰাকীক নিজৰ দেউতাকে কেংগো লোমী নামৰ লোকজনক লীজত দিছিল। লোকজনৰ সৈতে ষ্টাম্প পেপাৰত চুক্তিপত্ৰ পৰ্যন্ত স্বাক্ষৰ কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে নাবালিকাগৰাকীৰ ঘৰ নামনি অসমৰ নলবাৰী জিলাত আৰু তেওঁক লৈ অহা লোকজন তেওঁৰ আচল পিতৃ নহয়। আৰক্ষীয়ে ইতিমধ্যে ভুৱা পিতৃ আৰু মানৱ সৰবৰাহকাৰী কেংগো লোমীক গ্ৰেপ্তাৰ কৰিছিল যদিও শেহতীয়াভাৱে লোমীক মুকলি কৰি দিছে।

ঘটনাটোৱে অসম-অৰুণাচল সীমান্তৰ সমীপৱৰ্তী ধেমাজি আৰু লখিমপুৰ জিলাত চলি থকা মানৱ সৰবৰাহকাৰী চক্ৰৰ এখন ভয়াবহ চিত্ৰ তুলি ধৰাৰ লগতে  নাবালিকা সৰবৰাহকাৰীজন নিৰাপদে সাৰি যোৱাৰ পৰা এই এলেকাটো যে মানৱ-সৰবৰাহকাৰীৰ ভূস্বৰ্গলৈ পৰ্যৱসিত হৈছে সেই কথাটোৱেই প্ৰতীয়মাণ হৈছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd