• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বান্দৰদেৱাত কেইবাটাও পতিতালয় ধ্বংস; গোগামুখত বিক্ৰী কৰিবলৈ অনা ১০ বছৰীয়া নাবালিকাক উদ্ধাৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
November 6, 2018 5:00 pm
NL-1
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা নিশা অসম আৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত লখিমপুৰ জিলাৰ অন্তৰ্গত বান্দৰদেৱাৰ হিম্মৎসিংকাৰ চৌহদৰ নিকটস্থ ৭খন পতিতালয়ত অসামৰিক আৰু আৰক্ষী প্ৰশাসনে বুলডজাৰেৰে উচ্ছেদ অভিযান চলাইছে। এই পতিতালয়কেইখনে এলেকাটোত দীৰ্ঘ দিন ধৰি অনৈতিক কাৰ্য-কলাপ বৃদ্ধি কৰিছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰি আহিছিল।

চৰকাৰী ভূমিত গঢ় লৈ উঠা এই পতিতালয়কেইখনে অঞ্চলটোক মানৱ সৰবৰাহ, অবৈধ জুৱা, মদৰ আড্ডালৈ পৰ্যৱসিত কৰি তোলাৰ লগতে আনুষংগিক বিভিন্ন অপৰাধৰ কেন্দ্ৰবিন্দু কৰি তুলিছিল।

Apply Now

ৰাইজৰ অভিযোগৰ ভিত্তিত লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্ত, উপ আৰক্ষী অধীক্ষক ফাৰুখ আহমেদ আৰু এছ ভুঞাৰ লগতে নাৰায়ণপুৰ আৰু বিহপুৰীয়াৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে বিএছ ছাদ্দব আৰু দীপ্তি মৰাং সহ লখিমপুৰ আৰক্ষীৰ এটা দলে এই পতিতালয়বোৰৰ উচ্ছেদ অভিযানৰ নেতৃত্ব দিছিল।

অনৈতিক কাম-কাজৰ সৈতে লিপ্ত থকাৰ অভিযোগত আৰক্ষীয়ে ঘৰকেইটাৰ পৰা ৫গৰাকী মহিলাকে ধৰি ১৬গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে। মহিলাসকলক লখিমপুৰৰ বাহিৰৰ পৰা সৰবৰাহ কৰা হৈছিল আৰু দেহ ব্যৱসায়ত জড়িত কৰোৱা হৈছিল আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰণিধানযোগ্য যে ইয়াৰ পূৰ্বে হাৰমতী, পথালি পাহাৰ আৰু বান্দৰদেৱাৰ ৰাইজৰ অভিযোগৰ ভিত্তিত যোৱা বছৰ একেই স্থানতেই জিলা প্ৰশাসনে পতিতালয় ধ্বংস কৰিছিল। কিন্তু সেইবোৰ পুনৰ ঠন ধৰি উঠি এলেকাটোৰ পৰিৱেশ বিনষ্ট কৰি তুলিছিল। এই উচ্ছেদ অভিযানটোৰ নেতৃত্ব দিছিল লালুক আৰু বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ৰমে অজিত কুমাৰ ভুঞা আৰু লিণ্টু বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ধনেশ্বৰ দাসে।

মন কৰিবলগীয়া যে মাত্ৰ এদিন পূৰ্বে ধেমাজি জিলাৰ গোগামুখত মানৱ সৰবৰাহকাৰীৰ হাতৰ পৰা এগৰাকী ১০ বছৰীয়া নাবালিকাক স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগিতাত উদ্ধাৰ কৰা হয়। ভয়ংকৰ কথাটো হৈছে বালিকাগৰাকীক নিজৰ দেউতাকেই ক্ৰেতাৰ সৈতে এখন গাড়ীত লৈ আহিছিল। বছৰি ৩৬ হেজাৰ টকাৰ বিনিময়ত নাবালিকাগৰাকীক নিজৰ দেউতাকে কেংগো লোমী নামৰ লোকজনক লীজত দিছিল। লোকজনৰ সৈতে ষ্টাম্প পেপাৰত চুক্তিপত্ৰ পৰ্যন্ত স্বাক্ষৰ কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে নাবালিকাগৰাকীৰ ঘৰ নামনি অসমৰ নলবাৰী জিলাত আৰু তেওঁক লৈ অহা লোকজন তেওঁৰ আচল পিতৃ নহয়। আৰক্ষীয়ে ইতিমধ্যে ভুৱা পিতৃ আৰু মানৱ সৰবৰাহকাৰী কেংগো লোমীক গ্ৰেপ্তাৰ কৰিছিল যদিও শেহতীয়াভাৱে লোমীক মুকলি কৰি দিছে।

ঘটনাটোৱে অসম-অৰুণাচল সীমান্তৰ সমীপৱৰ্তী ধেমাজি আৰু লখিমপুৰ জিলাত চলি থকা মানৱ সৰবৰাহকাৰী চক্ৰৰ এখন ভয়াবহ চিত্ৰ তুলি ধৰাৰ লগতে  নাবালিকা সৰবৰাহকাৰীজন নিৰাপদে সাৰি যোৱাৰ পৰা এই এলেকাটো যে মানৱ-সৰবৰাহকাৰীৰ ভূস্বৰ্গলৈ পৰ্যৱসিত হৈছে সেই কথাটোৱেই প্ৰতীয়মাণ হৈছে।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd