NORTHEAST NOW (Assamese)

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

January 18, 2021 4:32 pm · দীপক কুমাৰ পাঠক
Updated: January 18, 2021 4:35 pm

সোমবাৰৰ দিনটো যেন  বিটিচিৰ স্বাস্থ্য বিভাগত কাম কৰা বহু বিষয়া-কৰ্মচাৰীৰ বাবে  ভাল দিন নাছিল।

কাৰণ আজিৰ দিনটোতে কৰ্মস্থলীলৈ অহাৰ পৰা বিৰত থকা বহু কৰ্মচাৰীয়ে ফোনত শুনিবলগীয়া হ’ল ধমক।

BTC ৰ স্বাস্থ্য বিভাগৰ দায়িত্ব লৈয়ে চিকিৎসালয়ে চিকিৎসালয়ে চাডেন ভিজিট বিটিচিৰ কার্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ।

চিকিৎসালয়ত অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীক কঠোৰ সকিয়নীৰ লগতে অনুপস্থিত থকা বিষয়া কৰ্মচাৰীক ফোন যোগে সুধিলে অনুপস্থিতিৰ কাৰণ।

তামুলপুৰ মহকুমাৰ কেইবাখনো  চিকিৎসালয়ত হঠাৎ এইদৰে আকস্মিক পৰিদৰ্শন  কৰে কার্যবাহী সদস্য গৰাকীয়ে।

বিটিচিৰ চাৰিওখন  জিলাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু অসামৰিক চিকিৎসালয় সমূহৰ জৰিয়তে  কেনে সেৱা  ৰাইজক আগবঢ়োৱা হৈছে তাৰ বুজ ল’বলৈয়েই  কার্যবাহী সদস্য গৰাকীয়ে চিকিৎসালয় পৰিদৰ্শন কৰে।

কামত গাফিলতি কৰা কৰ্মচাৰীক ধমক দি তেওঁ কয় যে BTC ৰ  বহু অঞ্চলত অচল হৈ থকা চিকিৎসালয় সমূহ পুনৰ কাৰ্যকৰী কৰি নিযুক্তি দিয়া হব উপযুক্ত চিকিৎসক আৰু  নাৰ্ছ।

বহু কেইখন চিকিৎসালয়ত আপাতকালীন এম্বুলেঞ্চ সেৱা নতুনকৈ সংযোজন কৰা হব  বুলি  তেওঁ প্ৰকাশ কৰে।

BTC ৰ প্ৰত্যেকটো VCDC ত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰো তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

Related News