শ্ৰমিক শ্ৰেণী আৰু মধ্যবিত্ত শ্ৰেণীৰ প্ৰত্যাশাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ বাজেটত আয়কৰ বৃহৎ কৰ্তনৰ কথা ঘোষণা কৰে।
আজি বাজেট ঘোষণাৰ একেবাৰে শেষত আহি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কৰ গাঁথনি সৰল কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। সেই কথা মনত ৰাখি আমি নতুন কৰ ব্যৱস্থাত কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে এক নতুন ঘোষণা কৰিছো। পূৰ্বে মানক কৰ্তনৰ বাবে ৫০ হাজাৰ টকা কৰ্তন কৰা হৈছিল। এতিয়া ৭৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। কেৱল সেয়াই নহয়, পেঞ্চনাৰসকলৰ বাবে এই ৰেহাইৰ হাৰ ১৫ হাজাৰৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি কৰা হৈছে।
নিৰ্মলা সীতাৰমণে কয়, নতুন কৰ ব্যৱস্থাত কৰ হাৰৰ নতুন স্লেব এনেকুৱা হ’ব। ১ লাখৰ পৰা ৩ লাখ টকাৰ ভিতৰত কৰযোগ্য আয়ৰ ক্ষেত্ৰত কৰ সংগ্ৰহৰ হাৰ শূন্য অৰ্থাৎ ০% হ’ব। ৩ৰ পৰা ৭ লাখ টকাৰ ভিতৰত কৰযোগ্য আয়ৰ বাবে নতুন কৰ হাৰ ৫ শতাংশ হ’ব। ৭ৰ পৰা ১০ লাখ টকাৰ ভিতৰত কৰযোগ্য আয়ৰ ওপৰত ১০ শতাংশ হাৰত কৰ আৰোপ কৰা হ’ব। ১০ৰ পৰা ১২ লাখ টকাৰ ভিতৰত আয়ৰ ক্ষেত্ৰত ১৫ শতাংশ কৰ হাৰ হ’ব। ১২ৰ পৰা ১৫ লাখ টকাৰ ভিতৰত আয়ৰ ক্ষেত্ৰত ২০ শতাংশ হাৰত কৰ সংগ্ৰহ কৰা হ’ব। আৰু কাৰোবাৰ আয় ১৫ লাখ টকাতকৈ বেছি হ’লে ৩০ শতাংশ হাৰত কৰ দিব লাগিব।
নিৰ্মলা সীতাৰমণে কয় যে আজিৰ দিনটোত ৪ কোটি দৰমহাপ্ৰাপ্ত আৰু পেঞ্চনাৰসকলে মানক কৰ্তনৰ বৰ্ধিত ৰেহাইৰ বাবে লাভৱান হ’ব। আৰু নতুন গাঁথনিৰ বাবে কৰ্মচাৰীসকলে বছৰি কমেও ১৭ হাজাৰ টকা ৰাহি কৰিব।