• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘৰত সোমাল চোৰ; ACৰ ঠাণ্ডা বতাহ পাই মালিকৰ বিচনাৰ তলতে পৰিল শুই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 20, 2020 10:04 am

2 min read

WhatsApp Image 2020-09-20 at 9.55.20 AM

প্ৰতিনিধিত্বমূলক ফটো।

552
VIEWS
Share on FacebookShare on Twitter

লক্ষ্যভ্ৰষ্ট হ’ল চোৰ। অন্ধ্ৰ প্ৰদেশৰ গোদাবৰী জিলাৰ এই ঘটনাই স্বাভাৱিকতে আপোনাৰ মনত হাঁহি বিৰিঙাই তুলিব।

ৰাজ্যখনৰ গোদাবৰী জিলাৰ গোকবাৰম গাঁৱৰ ২১বছৰীয়া সুৰী বাবুৱে ইয়াৰ ছত্তী ভেংকট ৰেড্ডীৰ ঘৰত চোৰ কৰাৰ পৰিকল্পনা ৰচনা কৰে।

ছত্তী ভেংকট ৰেড্ডী এটা পেট্ৰ’ল পাম্পৰ মালিক। চোৰটোৱে ঘৰটোত ভাল টকা-পইচা পোৱাৰ আশাৰে প্ৰৱেশ কৰে।

ঘৰ লুট কৰাৰ মানসেৰে ঘৰটোত প্ৰৱেশ কৰে যদিও চোৰটোৱে ভিতৰত এয়াৰ কণ্ডিশ্যনৰ শীতল বতাহ পাই শুই পৰে আৰু যেতিয়া চকু মেলে তেতিয়া নিজকে আৰক্ষীৰ জিম্মাত আৱিষ্কাৰ কৰে।

সেয়াই নহয়, কৰ’নাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি অভিযুক্ত সুৰী বাবুৱে মুখত মাস্ক পৰিধান কৰিয়েই চোৰ কৰিবলৈ ঘৰত প্ৰৱেশ কৰে।

চোৰটোৱে জানিবলৈ দিয়া মতে বিগত কিছুদিন ধৰি তেওঁ ঘৰটোৰ মালিকৰ দৈনন্দিন কামকাজ নিৰীক্ষণ কৰি আছিল।

তেওঁ ভাৱিছিল যে তেওঁ ধৰা নপৰিব। পৰিকল্পনা অনুসৰি, সুৰীয়ে ১২ছেপ্টেম্বৰত ঘৰটোত প্ৰৱেশ কৰে আৰু সেই সময়ত গভাৰ নিদ্ৰাত থকা মালিক ৰেড্ডীৰ বেডৰুমত সোমায়।

অভিযুক্ত সুৰীয়ে জানিবলৈ দিয়ে যে সিদিনা তেওঁ দিনভৰ কাম কৰি ক্লান্ত হৈ আছিল আৰু যেতিয়া হঠাৎ ৰুমটোত এয়াৰ কণ্ডিশ্যনৰ ঠাণ্ডা বতাহ পায় বহুত জোৰকৈ টোপনি আহি যায়। তেতিয়া তেওঁ মালিক ৰেড্ডীৰ পালেঙৰ তলত অলপ আৰাম কৰি লোৱাৰ কথা চিন্তা কৰে।

কিন্তু অতি সোনকালেই চোৰৰ নাকৰ শব্দত মালিকৰ টোপনি ভাঙি যায়।

মালিকে লাহেকৈ বাহিৰলৈ ওলাই আহি বাহিৰৰ পৰা ৰুমটো বন্ধ কৰি দিয়ে আৰু আৰক্ষীক খৱৰ দিয়ে।

ৰাতিপুৱা প্ৰায় আঠ বজাত আৰক্ষী আহি অভিযুক্ত সুৰী বাবুক টোপনিৰ পৰা জগাই গ্ৰেপ্তাৰ কৰি লৈ যায়।

জেৰাত চোৰটোৱে জানিবলৈ দিয়ে যে তেওঁ এখন মিঠাইৰ দোকানত সৰুসুৰা কাম কৰি চলি আছিল। কৰ’নাৰ লকডাউনৰ বাবে অভাৱত দিন কটাইছে।

তেওঁ প্ৰথমবাৰৰ বাবে কোনো চুৰি কাৰ্যত প্ৰবৃত্ত হ’ব বিচাৰিছিল যদিও টোপিনয়ে তেওঁৰ বাবে কাল হ’ল।

Recent News

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

কৃষক আন্দোলন : সমৰ্থন জনালে কানাডা, ফ্ৰান্সকে ধৰি বহুকেইখন দেশৰ মানৱ অধিকাৰ সংগঠনে

কৃষক আন্দোলন : সমৰ্থন জনালে কানাডা, ফ্ৰান্সকে ধৰি বহুকেইখন দেশৰ মানৱ অধিকাৰ সংগঠনে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd