শুৱালকুছিৰ মাটিপৰ্বতত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।
নিশা ব্যৱসায়ী শান্তনু কলিতাৰ ঘৰৰ সন্মুখত পাৰ্কিং কৰি থোৱা AS01-BV-7722 নম্বৰৰ এখন মাৰুটি S-CROSS বাহনখনত অগ্নি সংযোগ কৰিলে কোনো দুৰ্বৃত্তই।
নিশা বাহনখন দপদপাই জ্বলি থকা দেখি চুবুৰীয়াই খবৰ দিয়ে বাহনখনৰ গৰাকীক।
বাহনখন জ্বলি থকা স্থানত উপস্থিত হৈয়ে গৰাকীজনে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।
অগ্নি নিৰ্বাপক বাহিনীয়ে উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ইতমিধ্যে বাহনখন জ্বলি প্ৰায় শেষ হৈ যায়।
কোন লোকে আৰু কিয় ব্যৱসায়ীজনৰ বাহনখনত অগ্নি সংযোগ কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।