মঙলবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটৰ সাপ্তাহিক বৈঠক। বৈঠকত অসম কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত চলি থকা পুৰণি বাহনসমূহ বাতিল কৰাৰ সন্দৰ্ভতো সিদ্ধান্ত ঘোষণা কৰিছে ৰাজ্যিক কেবিনেটে।
ৰাজ্যিক কেবিনেটে মঙ্গলবাৰৰ সাপ্তাহিক বৈঠকত অসমৰ ভেহিক’ল স্ক্ৰেপেজ পলিচী, ২০২২-ত অনুমোদন জনাইছে।
যদিও তাৎক্ষণিকভাৱে এই বিষয়ত বহুলভাৱে প্ৰকাশ কৰা হোৱা নাই, এই আঁচনি খনৰ আধাৰত সময়সীমা উকলি যোৱা বাহনসমূহৰ প্ৰচলন সম্পূৰ্ণ বাতিল নিশ্চিত কৰিব বুলি কোৱা হৈছে।
ৰেজিষ্ট্ৰেছন এণ্ড ফাংকচনচ্অৱ ভেহিক’ল স্ক্ৰেপিং ফেচিলিটি(RVSF), যানবাহনৰ প্ৰদূষণ হ্ৰাস কৰা আৰু অযোগ্য তথা প্ৰদূষণ সৃষ্টিকাৰী বাহনসমূহ পৰ্যায়ক্ৰমে বাতিল কৰা নীতিৰ কাৰ্যকৰী ৰূপায়ণ নিশ্চিত কৰাৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচী প্ৰৱৰ্তন কৰা হৈছিল।
কেবিনেটে কয় যে ৰাজ্য চৰকাৰে এক নিৰ্দিষ্ট সময়ৰ বাবে এককালীন নিষ্পত্তি আঁচনিও আৰম্ভ কৰিব যাতে বাহনৰ গৰাকীক বাহনৰ RVSF ৰ বাবে স্বেচ্ছামূলক প্ৰস্তাৱত তেওঁলোকৰ বকেয়া দেয় পৰিমাণৰ বিপৰীতে ৭৫ শতাংশলৈকে কৰ ৰেহাই দিব পৰা যাব।
অৱশ্যে কোনবোৰ বাহন ইয়াৰ পৰিধিৰ অধীনলৈ আহিব সেই বিষয়ে এতিয়াও আঁচনিখন সন্দৰ্ভত অধিক স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই।