প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহৰহ দুৰ্নীতিৰ বিৰুদ্ধে ‘ধৰ্ম যুদ্ধ’ ঘোষণাৰ দাবী উত্থাপন কৰি আহিছে। অৱশ্যে চলিত মাহত সংসদত দাখিল কৰা এক প্ৰতিবেদনত দেশৰ শীৰ্ষ অডিট সংস্থা নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক (CAG)য়ে তেওঁৰ চৰকাৰৰ স্বচ্ছতা সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
প্ৰতিবেদনত মোডী চৰকাৰে প্ৰদান কৰা হিচাপত ৫৪,২৮২.৩২ কোটি টকাৰ অমিল পোৱা গৈছে। কেগৰ দাবী যে ইটোৰ পিছত সিটো মন্ত্ৰালয় আৰু বিভাগে বিভিন্ন খণ্ডত ধন আবণ্টন দিছে। অৱশ্যে সেই ধনৰ ব্যয়ৰ সন্দৰ্ভত কোনো ব্যৱহাৰৰ প্ৰমাণ পত্ৰ নাই! গতিকে চৰকাৰী কোষাগাৰৰ পৰা খৰছ কৰা সেই বৃহৎ পৰিমাণৰ ধন ক’লৈ গ’ল? মোডী চৰকাৰে সেই কথা নাজানে! কেগে এনেদৰে কেন্দ্ৰলৈ আঙুলিয়াই দিয়াৰ ফলত সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে।
ইয়াৰ পূর্বেও দেশৰ শীর্ষ অডিট সংস্থাটোৱে মোডী চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছে৷ তাৰে এটা হ’ল দ্বাৰকা এক্সপ্ৰেছৱে নিৰ্মাণৰ ব্যয় ১৮.২ কোটি টকাৰ পৰা প্ৰতি কিলোমিটাৰত ২৫০ কোটি টকালৈ বৃদ্ধি হোৱা, ভাৰতমালা প্ৰকল্পৰ অনুমোদিত ব্যয়ৰ তুলনাত নিৰ্মাণ ব্যয় ১০০ শতাংশ বৃদ্ধি আৰু আয়ুষ্মান ভাৰত প্ৰকল্পৰ অধীনত একেটা মোবাইল নম্বৰত প্ৰায় ৭.৫ লাখ হিতাধিকাৰী!
আৰু এইবাৰ কেগৰ অডিট প্ৰতিবেদনত ইংগিত দিয়া হৈছে যে ২০২৫ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত চৰকাৰী কোষাগাৰৰ পৰা ৫৪ হাজাৰ কোটি টকা কাৰ্যতঃ উধাও হৈ গৈছে। কেন্দ্ৰৰ বিৰুদ্ধে হিচাপ-নিকাচৰ অনিয়ম আৰু পদ্ধতিগত বিফলতাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মুঠ ১৫টা মন্ত্ৰালয় আৰু বিভাগে সেই ৫৪ হাজাৰ কোটি টকা মুকলি কৰি দিছে। গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন (১৮,২৭২.৯১ কোটি) আৰু উচ্চ শিক্ষা বিভাগ (১৪,৩৫৯.৭৬ কোটি টকা)ত সৰ্বাধিক অনিয়ম ধৰা পৰিছে। কিন্তু চৰকাৰৰ হাতত নাই ক’ত কেনেকৈ খৰচ কৰা হ’ল সেই ব্যৱহাৰিক প্ৰমাণ পত্ৰ (UC)।
নিৰ্দিষ্ট সময় পাৰ হোৱাৰ পিছতো চৰকাৰৰ কোষাগাৰত মুঠ ৩৩,৯৭৩ খন এনে ব্যৱহাৰিক প্ৰমাণ পত্ৰ জমা হোৱা নাই। সেই বৃহৎ পৰিমাণৰ ‘অবিশ্বাস্য’ ধনৰ ভিতৰত যোৱা তিনিটা বিত্তীয় বৰ্ষত, ২০২১-২২ৰ পৰা ২০২৩-২৪ৰ ভিতৰত ৩৮,২৮৭.৫২ কোটি টকা খৰচ হৈছে।
এই ক্ষেত্ৰত ২০১৭ চনৰ সাধাৰণ বিত্তীয় নিয়ম (জিএফআৰ)ৰ ২৩৮ নং নিয়ম উলংঘা কৰা হৈছে। কাৰণ সেই নিয়ম অনুসৰি সংশ্লিষ্ট বিত্তীয় বৰ্ষৰ শেষৰ ১২ মাহৰ ভিতৰত ব্যৱহাৰিক প্ৰমাণ পত্ৰ জমা দিব লাগে।





