• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ, ৬ এপ্ৰিলত ভোটগ্ৰহণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 4, 2021 7:48 pm

2 min read

EVMs-750x375-1
358
VIEWS
Share on FacebookShare on Twitter

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ থকা বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া ৬ বজাত অন্ত পৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব ৬ এপ্ৰিলত।

সেই মৰ্মে ভোট গ্ৰহণৰ ৪৮ ঘণ্টা পূৰ্বে অৰ্থাৎ দেওবাৰে সন্ধিয়া ৬ বজাত অন্ত পৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান।
এতিয়াৰে পৰা কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী অথবা সমৰ্থকে কোনো ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব।

সংগীতানুষ্ঠান,ছবিৰ প্ৰদৰ্শন অথবা আন কোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠানৰ মাজেৰেও কোনেও নিৰ্বাচনী প্ৰচাৰ চলোৱাতো নিষিদ্ধ কৰা হৈছে।

এই সময় ছোৱাৰ ভিতৰত কোনো ছপা, ইলেক্ট্ৰ’নিক আদি মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব পৰা নাযাব প্ৰাক নিৰ্বাচনী সমীক্ষাও।
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া প্ৰচাৰ সম্পৰ্কীয় নীতি নিয়ম উলংঘা কৰা দল, প্ৰাৰ্থী, ব্যক্তি আদিৰ বিৰুদ্ধে আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।
অসমৰ ৪০ টা সমষ্টিত ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব।

তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া সমষ্টিকেইটা হ’ল ক্ৰমে– মানকাচৰ, দক্ষিণ শালমৰা, ধুবুৰী, গৌৰীপুৰ, ভৱানীপুৰ, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, সৰভোগ, বৰপেটা, জনিয়া, বাঘবৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, বঙাইগাঁও, অভয়াপুৰী পূব, অভয়াপুৰী দক্ষিণ, পাটাছাৰকুছি, গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, গোঁসাইগাঁও, সৰুক্ষেত্ৰী, চেঙা, ধৰ্মপুৰ,দুধনৈ, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম আৰু বৰক্ষেত্ৰী।

এই কেউটা সমষ্টিৰে ভোটগণনা কৰা হ’ব ২ মে’,২০২১ত।

উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বহু কেইগৰাকী হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

তেওঁলোকৰ ভিতৰত জালুকবাৰী সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পাটাছাৰকুচি সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,ছয়গাঁও সমষ্টিত বৰ্তমানৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ,চাপাগুৰী সমষ্টিত উৰ্খাও গৌড়া ব্ৰহ্ম আদি অন্যতম।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৪০ টা৪ সমষ্টিত ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

Recent News

Golaghat vaccine crisis

কাণসাৰ নাই স্বাস্থ্য বিভাগৰ! গোলাঘাটত ক’ভিড ভেকচিনৰ নাটনিয়ে বিমুখ কৰিছে ৰাইজক

pakistan-blast

লক্ষ্য চীনৰ ৰাষ্ট্ৰদূত! পাকিস্তানৰ বিলাসী হোটেলত বোমা বিস্ফোৰণত কমেও ৪ জন লোক নিহত

Covid death from Bokakhat

কৰ’না আক্ৰান্ত হৈ আহমেদাবাদত মৃত্যু বোকাখাতৰ ব্যক্তিৰ; দুৰ্ভগীয়া পৰিয়ালটোত হাহাকাৰ

660x330-dead-body-management

কৰ’নাত বিপৰ্যস্ত দেশ! যোৱা ২৪ ঘন্টাত আক্ৰান্ত ৩ লাখ ১৪ হাজাৰ; ২হাজাৰ ১০৪ জনৰ মৃত্যু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd