• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

ভাৰত চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছিল যে এই আক্ৰমণৰ আঁৰত খালিস্তানী আছে। কিন্তু ইমান বছৰে ভাৰতৰ এই দাবীক কানাডাই স্বীকৃতি দিয়া নাছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2026 8:04 am
ফাইল ফটোঃ বিবিচিৰ সৌজন্যত।

ফাইল ফটোঃ বিবিচিৰ সৌজন্যত।

130
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৮৫ চনৰ ২৩ জুনৰ কথা। কানাডাৰ মণ্ট্ৰিয়েলৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান কনিষ্ক উৰা মাৰিছিল। গন্তব্যস্থান আছিল লণ্ডন হৈ দিল্লী। কিন্তু মাজ বাটত আয়াৰলেণ্ডৰ উপকূলৰ আটলাণ্টিক মহাসাগৰৰ ওপৰত বিমানখনত বিস্ফোৰণ ঘটে। সেই মৰ্মান্তিক ঘটনাত ৩২৯ জন লোকে প্ৰাণ হেৰুৱাইছিল।

ভাৰতে আৰম্ভণিৰে পৰা দাবী কৰি আহিছিল যে এই সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত খালিস্তানী আছে। চাৰি দশকৰ পাছত অৱশেষত কানাডাই স্বীকাৰ কৰিলে ‘কনিষ্ক’ বিস্ফোৰণৰ ঘটনাত ভাৰতৰ দাবী।

Apply Now

ভাৰতীয় বিমান এখনত এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছিল যে এই আক্ৰমণৰ আঁৰত খালিস্তানী আছে। কিন্তু ইমান বছৰে ভাৰতৰ এই দাবীক কানাডাই স্বীকৃতি দিয়া নাছিল।

উল্লেখ্য যে তেতিয়াৰ পৰিস্থিতিত তাত থকা চৰকাৰে খালিস্তানীসকলৰ কৰ্মকাণ্ড লুকুৱাই ৰাখিছিল। অৱশ্যে সময় সলনি হৈছে। বুধবাৰে কানাডাৰ চোৰাংচোৱা সংস্থা চিএছআইএছে ছ’চিয়েল মিডিয়াত সেই মৰ্মান্তিক দিনটোৰ কথা মনত পেলাই এক বাৰ্তা প্ৰকাশ কৰে। য’ত স্পষ্টকৈ কোৱা হৈছে, ‘১৯৮৫ চনৰ ২৩ জুনত কানাডাত খালিস্তানী উগ্ৰপন্থীৰ বোমা আক্ৰমণত এয়াৰ ইণ্ডিয়া ফ্লাইট ১৮২ ধ্বংস হৈছিল। এই ঘটনাত ৩২৯ জন লোকৰ মৃত্যু হয়। ইয়াৰে অধিকাংশই আছিল কানাডাৰ নাগৰিক। এই কাণ্ড আছিল কানাডাৰ ইতিহাসৰ আটাইতকৈ নৃশংস সন্ত্ৰাসবাদী আক্ৰমণ।’

কিন্তু কানাডাই প্ৰকৃত সত্য উন্মোচন কৰিবলৈ ইমান বছৰ কিয় লাগিল? সংশ্লিষ্ট সূত্ৰৰ মতে, বিগত কেইটামান দশকত ভাৰত চৰকাৰে খালিস্তানীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো কানাডাই তেওঁলোকক প্ৰায় আশ্ৰয় দি ৰাখিছিল। ইয়াৰ আঁৰত আছিল দেশৰ ৰাজনৈতিক পৰিস্থিতি। কানাডাত খালিস্তানীৰ প্ৰসাৰ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰত সক্ৰিয় আছিল যদিও এই দেশে একো নকৰিলে।

এই সকলোবোৰৰ মাজতে কানাডাৰ চোৰাংচোৱা সংস্থা চি এছ আই এছ আৰু ৰয়েল কানাডিয়ান মাউণ্টেন পুলিচৰ (আৰ চি এম পি) সংঘাতৰ ফলত এই গোচৰৰ তদন্ত স্তব্ধ হৈ পৰে। বহু প্ৰমাণ ধ্বংস হৈ গ’ল। পিছলৈ ২০১০ চনত প্ৰধানমন্ত্ৰী ষ্টিফেন হাৰ্পাৰে স্বীকাৰ কৰিছিল যে সেই কাণ্ডত মৃতকৰ পৰিয়ালৰ প্ৰতি প্ৰতিষ্ঠানিক উদাসীনতা দেখা গৈছিল। কিন্তু এই সকলোবোৰৰ মাজতো কানাডাৰ খালিস্তানৰ প্ৰতি থকা টান কমি যোৱা নাছিল।

বিগত বৰ্ষতো খালিস্তান সমস্যাক লৈ জাষ্টিন ট্ৰুডো চৰকাৰৰ সৈতে ভাৰত চৰকাৰৰ সংঘাত হৈছিল। খালিস্তানী উগ্ৰপন্থী নিজ্জৰ হত্যাৰ বাবে ভাৰতক দোষাৰোপ কৰি ট্ৰুডোৱে প্ৰায় কূটনৈতিক সম্পৰ্ক স্তব্ধ কৰি পেলালে। কিন্তু ইটোৰ পিছত সিটোকৈ দেশৰ ভিতৰত সংঘটিত হোৱা খালিস্তানী আক্ৰমণৰ প্ৰতি জাষ্টিন ট্ৰুডো উদাসীন হৈ থাকিল।

প্ৰসংগক্ৰমে কানাডাত চৰকাৰ সলনি হোৱাৰ পিছত পৰিস্থিতিৰ ভয়ংকৰ পৰিৱৰ্তন ঘটিছিল। মাৰ্ক কাৰ্নীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত চোৰাংচোৱা সংস্থা চি এছ আই এছে প্ৰথমবাৰৰ বাবে কানাডাৰ খালিস্তানী সংগঠনসমূহক নিজৰ দেশৰ বাবে ভাবুকি হিচাপে চিনাক্ত কৰে।

চিএছআইএছে স্বীকাৰ কৰে যে কানাডাস্থিত খালিস্তানীসকলে নিজৰ স্বাৰ্থক আগুৱাই নিয়াৰ বাবে কানাডাৰ প্ৰতিষ্ঠানসমূহক সক্ৰিয়ভাৱে ব্যৱহাৰ কৰি আছিল। ইয়াৰ ঠিক পিছতেই কানাডাই স্বীকাৰ কৰে যে ৪০ বছৰ পুৰণি কনিষ্ক বিমানখনৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত খালিস্তানীসকল জড়িত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd