• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

এক দুৰ্দান্ত শতক অৰ্জন কৰিলে গিলে। একে সময়তে শতক অৰ্জন কৰিলে ঈশান কিষাণেও। ৰাষ্ট্ৰীয় দললৈ উভতি অহাৰ পিছৰে পৰা বাওঁহতীয়া উইকেটৰক্ষক বেটছমেনগৰাকীয়ে যিদৰে খেলিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2026 5:07 pm
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ হেনো গৌতম গম্ভীৰৰ লবীৰ বলি হৈছিল! কিন্তু প্ৰতিভাক কেতিয়াবা লুকুৱাই ৰাখিব পাৰিনে? নিশ্চয় নোৱাৰি। আৰু সেই কথাকে বাৰে বাৰে প্ৰমাণ কৰিছে ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে। আফগানিস্তানৰ বিৰুদ্ধে পুনৰ এবাৰ জিলিকি উঠিল তেওঁৰ বেট। এক দুৰ্দান্ত শতক অৰ্জন কৰিলে গিলে। একে সময়তে শতক অৰ্জন কৰিলে ঈশান কিষাণেও। ৰাষ্ট্ৰীয় দললৈ উভতি অহাৰ পিছৰে পৰা বাওঁহতীয়া উইকেটৰক্ষক বেটছমেনগৰাকীয়ে যিদৰে খেলিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।

আফগানিস্তানৰ বিৰুদ্ধে টেষ্ট মেচতো তেওঁ শতক অৰ্জন কৰিছিল। ধৰমশালাত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ৮৪ ৰান কৰাৰ পিছত এইবাৰ একানা ষ্টেডিয়ামত ৭৭ টা বলত শতকৰ দেখা পালে শুভমন গিলে। তেওঁৰ এই ইনিংছটোত ১৩ টা চাৰি আৰু ২ টা ছয় অন্তৰ্ভুক্ত আছিল। এয়া তেওঁৰ খেলুৱৈ জীৱনৰ নৱমটো এদিনীয়া শতক। ইয়াৰ পূৰ্বে প্ৰথমখন এদিনীয়াত ভাৰতীয়সকলৰ ভিতৰত দ্ৰুততম অৰ্থাৎ ৬২ টা ইনিংছত ৩০০০ ৰান কৰাৰ অভিলেখ গঢ়িছিল গিলে। এই তালিকাত আটাইতকৈ ওপৰত আছে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি খেলুৱৈ হাছিম আমলাৰ নাম। তেওঁ ৫৭ টা ইনিংছত এই অভিলেখ গঢ়িছিল।

Apply Now

শুভমনৰ পিছতে এক সুন্দৰ শতক উপহাৰ দিলে ঈশান কিষাণেও। ৭১ টা বলত ১৪ টা চাৰি আৰু ৪ টা ছয়ৰ সহায়ত তেওঁ নিজৰ শতক সম্পূৰ্ণ কৰে। ইয়াৰ পিছত বাওঁহতীয়া বেটছমেনগৰাকী অধিক আক্ৰমণাত্মক হৈ পৰে। অৱশেষত ৭৯ টা বলত ১২৫ ৰান কৰি নাঙ্গিয়ালিয়া খাৰোটেৰ বলত ছয় মাৰিবলৈ গৈ তেওঁ আউট হয়। মিড উইকেটত ভাৰতীয় উইকেটৰক্ষকগৰাকীৰ কেচ ধৰে অতিৰিক্ত ফিল্ডাৰ ইকৰাম আলিখিলে। সামগ্ৰিকভাৱে তেওঁ খেলখনত ৭ টা ছয় মাৰে।

একানা ষ্টেডিয়ামত নিজৰ দ্বিতীয়টো শতক অৰ্জন কৰাৰ পূৰ্বে তেওঁ ২৬ টা ইনিংছত ১০০০ ৰানৰ ঘৰ অতিক্ৰম কৰে। এয়াও এক অভিলেখ। এদিনীয়াত দ্ৰুততম ১০০০ ৰান কৰা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত প্ৰথম স্থানত আছে শুভমন গিল। তেওঁ ১৯ টা ইনিংছতে এই সফলতা লাভ কৰিছিল। ইয়াৰ পিছতে আছে ক্ৰমে বিৰাট কোহলী আৰু শিখৰ ধাৱান। তেওঁলোক দুয়োৱে ২৪ টা ইনিংছত ১০০০ ৰান স্পৰ্শ কৰিছিল। ২৫ টা ইনিংছত নৱজোত সিং সিধু আৰু শ্ৰেয়স আয়াৰে এই অভিলেখ গঢ়াৰ বিপৰীতে ২৬ টা ইনিংছত এই সফলতা অৰ্জন কৰিলে ঈশানে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd