• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৃণাল হাজৰিকা-জিতেন দত্তৰ পিছত বিজেপিৰ টাৰ্গেট এইবাৰ প্ৰৱাল নেওগ; হোজাইত গোচৰ ৰুজু কৰিলে নেতাজনৰ বিৰুদ্ধে

খিলঞ্জীয়া মানুহৰ হৈ মাত মাতিলেই টাৰ্গেট হয় বিজেপি দল আৰু চৰকাৰৰ! পৰৱৰ্তী টাৰ্গেট অখিল গগৈ?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 6, 2018 7:46 pm
প্ৰবাল নেওগ (সোঁফালৰজন)। ফাইল ফটো।

প্ৰবাল নেওগ (সোঁফালৰজন)। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত এতিয়া কোনোবাই খিলঞ্জীয়া মানুহৰ হৈ মাত মাতিলেই টাৰ্গেট হয় নেকি বিজেপি দল আৰু চৰকাৰৰ? এই প্ৰশ্ন উত্থাপিত হৈছে খিলঞ্জীয়া মানুহৰ হৈ মাত মতা ইজনৰ পিছত সিজন নেতাক বিজেপি দল আৰু চৰকাৰে ধাৰাবাহিকভাৱে ‘টাৰ্গেট’ কৰি লোৱা দেখি।

তিনিচুকীয়াৰ ধলাত সংঘটিত বৰ্বৰ কাণ্ডৰ পিছতেই আৰক্ষীয়ে ইতিমধ্যে আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছে।

Apply Now

ঘটনাটোৰ লগত আলফা নেতাকেইজনৰ কোনো সম্পৰ্ক নাথাকিলেও ইয়াৰ পৃষ্ঠভূমিক ব্যৱহাৰ কৰি তেওঁলোকৰ পূৰ্বৰ মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে দুয়োজনকে।

শেহতীয়া খবৰ মতে, আন এজন আলোচনাপন্থী নেতা প্ৰবাল নেওগৰ বিৰুদ্ধেও এই ‘অভিযান’ৰ অনুশীলন ইতিমধ্যে সম্পূৰ্ণ হৈছে। জানিব পৰামতে, আজি নেওগৰ বিৰুদ্ধে হোজাই থানাত এটা গোচৰ ৰুজু হৈছে। সুদীপ দেব নামৰ এজন বিজেপি কৰ্মীয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩(এ) ধাৰাত ৮৯৮/২০১৮ নম্বৰত এই গোচৰটো ৰুজু কৰিছে। উল্লেখযোগ্য যে, ভাৰতীয় দণ্ডবিধিৰ ১৫৩(এ) এটা জামিনবিহীন ধাৰা।

তাৎপৰ্য্যপূৰ্ণ যে আটাইকেইটা ঘটনাত বিজেপিৰ কৰ্মী বা সমৰ্থকে গোচৰ ৰুজু কৰে আৰু একেই বিজেপি চৰকাৰে তাৎক্ষণিকভাৱে এই নেতাসকলক গ্ৰেপ্তাৰ কৰে। আনহাতে নিজৰ দলৰ মানুহে (উদাহৰণ : বিধায়ক শিলাদিত্য দেব) কৰা খিলঞ্জীয়া বিৰোধী তথা উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে আনে গোচৰ ৰুজু কৰিলেও চৰকাৰে কোনো ব্যৱস্থা নলয়। গতিকে প্ৰশ্ন উঠে –বিজেপি দল আৰু চৰকাৰে বুজাবুজিৰে খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ যুঁজক শেষ কৰিব বিচাৰিছে নেকি?

আনহাতে যোৱা কিছুদিন ধৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ আৰু সভাপতিয়ে অখিল গগৈক ‘বিশেষ টাৰ্গেট’ কৰি লোৱা দেখা গৈছে। ধাৰাবাহিকভাৱে দলটোৰ কেইবাজনো মুখপাত্ৰই কেৱল অখিল গগৈক লৈয়ে কেইবাখনো সংবাদমেল দিছে যোৱা ৮/১০ দিনৰ ভিতৰত। ইয়াৰ মাজত দল আৰু চৰকাৰৰ পৰৱৰ্তী ‘টাৰ্গেট’ অখিল গগৈ হোৱাটোকে ইংগিত দিয়ে নেকি?

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ যোৱা প্ৰায় এমাহ ধৰি খিলঞ্জীয়া অসমীয়াৰ কিছু সংগঠন আৰু অসমৰ বাঙালী সংগঠনবোৰৰ নেতাসকলৰ মাজত বেচ যুক্তিযুদ্ধ চলি আহিছে। তৰ্ক-বিতৰ্ক আৰু ধমকা-ধমকিৰ পৰ্য্যায়ো পাইছে কেতিয়াবা এই অৰিয়াঅৰিয়ে। সমান্তৰালভাৱে বিভিন্ন পক্ষৰ কেইবাজনো ব্যক্তিয়ে কিছুমান আপত্তিজনক আৰু বিতৰ্কিত মন্তব্য প্ৰক্ষেপ কৰি থকাও দেখা গৈছে।

কিন্তু ইয়াৰ মাজতে তিনিচুকীয়াৰ ধলাত ৫জনকৈ থলুৱা বাঙালী লোকক অচিনাক্ত বন্দুকধাৰীয়ে নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা ঘটনাটো ঘটে আৰু ই জ্বলা জুইত ঘিউ ঢালে।

ইয়াৰ পাছতেই বিতৰ্কিত মন্তব্যৰ বাবে পূৰ্বৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰে।

ইপিনে, তেনে সময়তে বিটিচিৰ বেংগলী য়ুথ ষ্টুডেণ্টছ ফেডাৰেইশ্যনৰ সভাপতি সুজিত সৰকাৰে অসমীয়াক লৈ এক আপত্তিজনক মন্তব্য প্ৰকাশ কৰে। সুজিত সৰকাৰে “অসমীয়াক ঘৰে ঘৰে সোমাই পিটিম” বুলি সাংবাদিকৰ আগত ৰাজহুৱাকৈ মন্তব্য কৰিছিল। ইয়াৰ পাছতেই প্ৰৱাল নেওগে যোৱা ২৯ অক্টোবৰত সাংবাদিকৰ আগত অসমীয়াক লৈ সুজিত দেবে কৰা তেনে মন্তব্যৰ প্ৰত্যুত্তত ‘কাপুৰুষ আৰু পলৰীয়াৰ জাত’ বুলি দি ধমকি প্ৰদান কৰে। লগতে তেওঁ যোৱা ৩ নৱেম্বৰত সুজিত চৰকাৰৰ বিৰুদ্ধে তিনিচুকীয়া থানাত এটা গোচৰো ৰুজু কৰে।

অৱশ্যে, নেওগে সেই একে সময়তে, “মই কোনো গোষ্ঠী বিদ্বেষী নহয়” আৰু “বাঙালী সকলৰ সাহিত্য-সংস্কৃতিৰ চৰ্চাক মই সন্মান জনাওঁ” বুলিও মন্তব্য কৰিছিল।

পৰবৰ্তী সময়ত নেওগক মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰা বিষয়টোক লৈও চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছিল। লগতে বিতৰ্কিত মন্তব্য কৰি থকা বিজেপি বিধায়ক শিলাদিত্য দেবকো গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আহিছিল।

আনহাতে কেৱল জিতেন দত্ত আৰু মৃণাল হাজৰিকা বা প্ৰৱাল নেওগেই নহয়, বিতৰ্কিত মন্তব্য কৰা শিলাদিত্য দেব, সুকুমাৰ বিশ্বাস, প্ৰদীপ দত্ত ৰয় আদিৰ বিৰুদ্ধে আৰক্ষী তথা চৰকাৰে এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। ইয়াৰ পৰাই দল আৰু চৰকাৰৰ খিলঞ্জীয়া লোকৰ বিৰুদ্ধে থকা ষড়যন্ত্ৰ ওলাই পৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd