বিগত পাঁচ বছৰত দেশৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়সমূহত জাতিভিত্তিক বৈষম্যৰ অভিযোগৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। বিশ্ববিদ্যালয় অনুদান আয়োগে সংসদীয় সমিতি আৰু উচ্চতম ন্যায়ালয়ত দাখিল কৰা তথ্য অনুসৰি এই সময়ছোৱাত অভিযোগ বৃদ্ধিৰ হাৰ ১১৮.৪ শতাংশ।
ইউজিচিৰ পৰিসংখ্যা অনুসৰি ২০১৯-২০ শিক্ষাবৰ্ষত জাতিভিত্তিক বৈষম্যৰ অভিযোগৰ সংখ্যা ১৭৩টা হ’লেও ২০২৩-২৪ চনত ই ৩৭৮টালৈ বৃদ্ধি পাইছে। এই পাঁচ বছৰত দেশৰ ৭০৪খন বিশ্ববিদ্যালয় আৰু ১৫৫৩খন মহাবিদ্যালয়ৰ পৰা ইকুৱেল অ’পৰছুনিটি ছেল (ইঅ’চি) আৰু অনুসূচিত জাতি-জনজাতিৰ কোষৰ জৰিয়তে মুঠ ১১৬০টা অভিযোগ দাখিল কৰা হৈছে।
এই অভিযোগসমূহৰ ভিতৰত ১০৫২টা অভিযোগ ‘সমাধান’ হিচাপে দেখুওৱা হৈছে, যাৰ ফলত সমাধানৰ হাৰ প্ৰায় ৯০.৬৮ শতাংশ। অৱশ্যে একে সময়তে বিচাৰাধীন গোচৰৰ সংখ্যাই উদ্বেগ সৃষ্টি কৰিছে। ২০১৯-২০ শিক্ষাবৰ্ষত মাত্ৰ ১৮টা অমীমাংসিত অভিযোগ থকাৰ বিপৰীতে ২০২৩-২৪ চনত এই সংখ্যা ১০৮টালৈ বৃদ্ধি পাইছে।
সংসদীয় স্থায়ী সমিতিক (শিক্ষা, মহিলা, শিশু, যুৱ আৰু ক্ৰীড়া) বছৰ বছৰ ধৰি প্ৰদান কৰা তথ্যইও অভিযোগ বৃদ্ধিৰ এক ধাৰাবাহিক ধাৰা দেখুৱাইছে। ২০২০-২১ চনত ১৮২টা অভিযোগ, ২০২১-২২ চনত ১৮৬টা, ২০২২-২৩ চনত ২৪১টা, আৰু ২০২৩-২৪ চনত হঠাতে ৩৭৮ টালৈ বৃদ্ধি হৈ পৰে।
ইউ জি চিৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে অভিযোগ বৃদ্ধিৰ অন্যতম কাৰণ হ’ব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইকুৱেল অ’পৰছুনিটি ছেল আৰু অনুসূচিত জাতি/জনজাতি কোষৰ কামকাজ সম্পৰ্কে সচেতনতা বৃদ্ধি। তেওঁ দাবী কৰে যে এই কোষবোৰে অভিযোগ সমাধানৰ ক্ষেত্ৰত পূৰ্বতকৈ বহু বেছি সক্ৰিয় হৈছে।
কিন্তু বহু শিক্ষাবিদ এই ব্যাখ্যাত সন্তুষ্ট নহয়। দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক এন সুকুমাৰৰ মতে প্ৰায়বোৰ অনুসূচিত জাতি/জনজাতি কোষে প্ৰশাসনৰ অধীনত কাম কৰে আৰু সদস্যসকলকো প্ৰশাসনে মনোনীত কৰে। ইয়াৰ ফলত গুৰুতৰ আৰু স্পৰ্শকাতৰ অভিযোগৰ ওপৰত নিৰপেক্ষ সিদ্ধান্ত লোৱাৰ ক্ষমতা ফলপ্ৰসূভাৱে সীমিত হৈ পৰে।
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অনুসূচিত জাতি/জনজাতি কোষৰ প্ৰাক্তন সদস্য ডি.কে. লোবিয়ালেও একেধৰণৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে সময়ৰ লগে লগে এই কোষবোৰৰ স্বায়ত্তশাসন ক্ষয়িষ্ণু হৈ পৰিছে। তেওঁৰ মতে অভিযোগৰ সংখ্যা বৃদ্ধিয়ে ৰিপ’ৰ্ট বৃদ্ধিৰ ইংগিত দিলেও আনহাতে শিক্ষাৰ ক্ষেত্ৰত বৈষম্য লুকুৱাব নোৱাৰি।
ইউজিচিৰ প্ৰাক্তন অধ্যক্ষ সুখদেউ থোৰাটে বিষয়টোৰ গাঁথনিগত সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীৰ সৈতে জড়িত বৈষম্যৰ অভিযোগসমূহ চাবলৈ ২০১২ চনৰ ‘উচ্চ শিক্ষানুষ্ঠানসমূহত সমতাৰ প্ৰসাৰ’ নিয়মৰ অধীনত ইকুৱেল অ’পৰছুনিটি ছেল গঠন কৰা হৈছিল। আনহাতে, তাৰ আগতেও গঠন হোৱা অনুসূচিত জাতি/জনজাতি কোষবোৰ নিয়োগ আৰু সেৱাৰ সমস্যাৰ বাবে দায়বদ্ধ আছিল। যেতিয়া শিক্ষানুষ্ঠানসমূহে দুয়োটাৰ মাজত পাৰ্থক্য নকৰাকৈ একেটা আভ্যন্তৰীণ ব্যৱস্থালৈ সকলো ধৰণৰ অভিযোগ প্ৰেৰণ কৰে তেতিয়া সমস্যাৰ সৃষ্টি হয়।
এই তথ্য সংগ্ৰহৰ আঁৰত আছে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ। ২০২৫ চনৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে ২০১২ চনৰ নিয়মৰ অধীনত জাতিভিত্তিক বৈষম্যৰ অভিযোগৰ সম্পূৰ্ণ তথ্য দাখিল কৰিবলৈ ইউজিচিক নিৰ্দেশ দিছিল। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ৰোহিত ভেমুলাৰ মৃত্যুৰ পিছত দাখিল কৰা গোচৰৰ পিছতে বিশ্ববিদ্যালয়খনত জাতিভিত্তিক বৈষম্যৰ দায়বদ্ধতা আৰু জবাবদিহিতা সম্পৰ্কে প্ৰশ্ন উত্থাপন হয়।
ইয়াৰ পিছত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ইউজিচিয়ে আদালতত জনায় যে তেওঁলোকে ৩৫২২খন উচ্চ শিক্ষানুষ্ঠানৰ পৰা তথ্য সংগ্ৰহ কৰিছে। সেই তথ্য অনুসৰি দেশত ৩,০৬৭টা ইকুৱেল অ’পৰছুনিটি ছেল আৰু ৩,২৭৩টা অনুসূচিত জাতি/জনজাতি কোষ আছে। মুঠ অভিযোগৰ সংখ্যা আছিল ১৫০৩টা, ইয়াৰে ১৪২৬টা অভিযোগ নিষ্পত্তি হোৱা বুলি দাবী কৰা হয়।
ইউজিচিৰ প্ৰস্তাৱিত নতুন ইকুইটি নিয়মক লৈও বিতৰ্ক কম হোৱা নাই। ৰোহিত ভেমুলাৰ মাতৃকে ধৰি কেইবাজনো আবেদনকাৰীয়ে অভিযোগ উত্থাপন কৰিছিল যে খচৰা নিয়মত পূৰ্বৰ সুৰক্ষা ব্যৱস্থাসমূহ দুৰ্বল কৰি দিয়া হৈছে। সমালোচনাৰ সন্মুখীন হৈ ইউজিচিয়ে যোৱা সপ্তাহত এই নিয়মৰ নতুন খচৰা প্ৰকাশ কৰে। উচ্চ শিক্ষানুষ্ঠানসমূহক ইকুইটি কমিটী আৰু ইকুৱেল অ’পৰছুনিটি ছেল স্থাপন, ২৪ ঘণ্টীয়া হেল্পলাইন আৰম্ভ আৰু অনলাইন অভিযোগ ব্যৱস্থা প্ৰৱৰ্তনৰ নিৰ্দেশ দিছে।
কিন্তু শিক্ষাবিদসকলৰ মতে প্ৰশ্নটো কেৱল পৰিসংখ্যা বা নিষ্পত্তিৰ হাৰৰ ওপৰত নহয়। প্ৰকৃত প্ৰশ্নটো হ’ল এই ব্যৱস্থাসমূহে প্ৰকৃততে প্ৰান্তীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ন্যায়, নিৰাপত্তা আৰু মৰ্যাদা নিশ্চিত কৰিছে নে প্ৰশাসনিক গাঁথনিৰ ভিতৰতে বৈষম্যৰ অভিযোগ ক্ৰমান্বয়ে নিষ্প্ৰভ হৈ পৰিছে?





