• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ববিদ্যালয়সমূহত পাঁচ বছৰত জাতিভিত্তিক বৈষম্যৰ অভিযোগ ১১৮ শতাংশ বৃদ্ধি, নিষ্পত্তি ক’ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2026 1:22 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত পাঁচ বছৰত দেশৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়সমূহত জাতিভিত্তিক বৈষম্যৰ অভিযোগৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। বিশ্ববিদ্যালয় অনুদান আয়োগে  সংসদীয় সমিতি আৰু উচ্চতম ন্যায়ালয়ত দাখিল কৰা তথ্য অনুসৰি এই সময়ছোৱাত অভিযোগ বৃদ্ধিৰ হাৰ ১১৮.৪ শতাংশ।

ইউজিচিৰ পৰিসংখ্যা অনুসৰি ২০১৯-২০ শিক্ষাবৰ্ষত জাতিভিত্তিক বৈষম্যৰ অভিযোগৰ সংখ্যা ১৭৩টা হ’লেও ২০২৩-২৪ চনত ই ৩৭৮টালৈ বৃদ্ধি পাইছে। এই পাঁচ বছৰত দেশৰ ৭০৪খন বিশ্ববিদ্যালয় আৰু ১৫৫৩খন মহাবিদ্যালয়ৰ পৰা ইকুৱেল অ’পৰছুনিটি ছেল (ইঅ’চি) আৰু অনুসূচিত জাতি-জনজাতিৰ কোষৰ জৰিয়তে মুঠ ১১৬০টা অভিযোগ দাখিল কৰা হৈছে।

Apply Now

এই অভিযোগসমূহৰ ভিতৰত ১০৫২টা অভিযোগ ‘সমাধান’ হিচাপে দেখুওৱা হৈছে, যাৰ ফলত সমাধানৰ হাৰ প্ৰায় ৯০.৬৮ শতাংশ। অৱশ্যে একে সময়তে বিচাৰাধীন গোচৰৰ সংখ্যাই উদ্বেগ সৃষ্টি কৰিছে। ২০১৯-২০ শিক্ষাবৰ্ষত মাত্ৰ ১৮টা অমীমাংসিত অভিযোগ থকাৰ বিপৰীতে ২০২৩-২৪ চনত এই সংখ্যা ১০৮টালৈ বৃদ্ধি পাইছে।

সংসদীয় স্থায়ী সমিতিক (শিক্ষা, মহিলা, শিশু, যুৱ আৰু ক্ৰীড়া) বছৰ বছৰ ধৰি প্ৰদান কৰা তথ্যইও অভিযোগ বৃদ্ধিৰ এক ধাৰাবাহিক ধাৰা দেখুৱাইছে। ২০২০-২১ চনত ১৮২টা অভিযোগ, ২০২১-২২ চনত ১৮৬টা, ২০২২-২৩ চনত ২৪১টা, আৰু ২০২৩-২৪ চনত হঠাতে ৩৭৮ টালৈ বৃদ্ধি হৈ পৰে।

ইউ জি চিৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে অভিযোগ বৃদ্ধিৰ অন্যতম কাৰণ হ’ব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইকুৱেল অ’পৰছুনিটি ছেল আৰু অনুসূচিত জাতি/জনজাতি কোষৰ কামকাজ সম্পৰ্কে সচেতনতা বৃদ্ধি। তেওঁ দাবী কৰে যে এই কোষবোৰে অভিযোগ সমাধানৰ ক্ষেত্ৰত পূৰ্বতকৈ বহু বেছি সক্ৰিয় হৈছে।

কিন্তু বহু শিক্ষাবিদ এই ব্যাখ্যাত সন্তুষ্ট নহয়। দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক এন সুকুমাৰৰ মতে প্ৰায়বোৰ অনুসূচিত জাতি/জনজাতি কোষে প্ৰশাসনৰ অধীনত কাম কৰে আৰু সদস্যসকলকো প্ৰশাসনে মনোনীত কৰে। ইয়াৰ ফলত গুৰুতৰ আৰু স্পৰ্শকাতৰ অভিযোগৰ ওপৰত নিৰপেক্ষ সিদ্ধান্ত লোৱাৰ ক্ষমতা ফলপ্ৰসূভাৱে সীমিত হৈ পৰে।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অনুসূচিত জাতি/জনজাতি কোষৰ প্ৰাক্তন সদস্য ডি.কে. লোবিয়ালেও একেধৰণৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে সময়ৰ লগে লগে এই কোষবোৰৰ স্বায়ত্তশাসন ক্ষয়িষ্ণু হৈ পৰিছে। তেওঁৰ মতে অভিযোগৰ সংখ্যা বৃদ্ধিয়ে ৰিপ’ৰ্ট বৃদ্ধিৰ ইংগিত দিলেও আনহাতে শিক্ষাৰ ক্ষেত্ৰত বৈষম্য লুকুৱাব নোৱাৰি।

ইউজিচিৰ প্ৰাক্তন অধ্যক্ষ সুখদেউ থোৰাটে বিষয়টোৰ গাঁথনিগত সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীৰ সৈতে জড়িত বৈষম্যৰ অভিযোগসমূহ চাবলৈ ২০১২ চনৰ ‘উচ্চ শিক্ষানুষ্ঠানসমূহত সমতাৰ প্ৰসাৰ’ নিয়মৰ অধীনত ইকুৱেল অ’পৰছুনিটি ছেল গঠন কৰা হৈছিল। আনহাতে, তাৰ আগতেও গঠন হোৱা অনুসূচিত জাতি/জনজাতি কোষবোৰ নিয়োগ আৰু সেৱাৰ সমস্যাৰ বাবে দায়বদ্ধ আছিল। যেতিয়া শিক্ষানুষ্ঠানসমূহে দুয়োটাৰ মাজত পাৰ্থক্য নকৰাকৈ একেটা আভ্যন্তৰীণ ব্যৱস্থালৈ সকলো ধৰণৰ অভিযোগ প্ৰেৰণ কৰে তেতিয়া সমস্যাৰ সৃষ্টি হয়।

এই তথ্য সংগ্ৰহৰ আঁৰত আছে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ। ২০২৫ চনৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে ২০১২ চনৰ নিয়মৰ অধীনত জাতিভিত্তিক বৈষম্যৰ অভিযোগৰ সম্পূৰ্ণ তথ্য দাখিল কৰিবলৈ ইউজিচিক নিৰ্দেশ দিছিল। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ৰোহিত ভেমুলাৰ মৃত্যুৰ পিছত দাখিল কৰা গোচৰৰ পিছতে বিশ্ববিদ্যালয়খনত জাতিভিত্তিক বৈষম্যৰ দায়বদ্ধতা আৰু জবাবদিহিতা সম্পৰ্কে প্ৰশ্ন উত্থাপন হয়।

ইয়াৰ পিছত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ইউজিচিয়ে আদালতত জনায় যে তেওঁলোকে ৩৫২২খন উচ্চ শিক্ষানুষ্ঠানৰ পৰা তথ্য সংগ্ৰহ কৰিছে। সেই তথ্য অনুসৰি দেশত ৩,০৬৭টা ইকুৱেল অ’পৰছুনিটি ছেল আৰু ৩,২৭৩টা অনুসূচিত জাতি/জনজাতি কোষ আছে। মুঠ অভিযোগৰ সংখ্যা আছিল ১৫০৩টা, ইয়াৰে ১৪২৬টা অভিযোগ নিষ্পত্তি হোৱা বুলি দাবী কৰা হয়।

ইউজিচিৰ প্ৰস্তাৱিত নতুন ইকুইটি নিয়মক লৈও বিতৰ্ক কম হোৱা নাই। ৰোহিত ভেমুলাৰ মাতৃকে ধৰি কেইবাজনো আবেদনকাৰীয়ে অভিযোগ উত্থাপন কৰিছিল যে খচৰা নিয়মত পূৰ্বৰ সুৰক্ষা ব্যৱস্থাসমূহ দুৰ্বল কৰি দিয়া হৈছে। সমালোচনাৰ সন্মুখীন হৈ ইউজিচিয়ে যোৱা সপ্তাহত এই নিয়মৰ নতুন খচৰা প্ৰকাশ কৰে। উচ্চ শিক্ষানুষ্ঠানসমূহক ইকুইটি কমিটী আৰু ইকুৱেল অ’পৰছুনিটি ছেল স্থাপন, ২৪ ঘণ্টীয়া হেল্পলাইন আৰম্ভ আৰু অনলাইন অভিযোগ ব্যৱস্থা প্ৰৱৰ্তনৰ নিৰ্দেশ দিছে।

কিন্তু শিক্ষাবিদসকলৰ মতে প্ৰশ্নটো কেৱল পৰিসংখ্যা বা নিষ্পত্তিৰ হাৰৰ ওপৰত নহয়। প্ৰকৃত প্ৰশ্নটো হ’ল এই ব্যৱস্থাসমূহে প্ৰকৃততে প্ৰান্তীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ন্যায়, নিৰাপত্তা আৰু মৰ্যাদা নিশ্চিত কৰিছে নে প্ৰশাসনিক গাঁথনিৰ ভিতৰতে বৈষম্যৰ অভিযোগ ক্ৰমান্বয়ে নিষ্প্ৰভ হৈ পৰিছে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd