• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

by
September 5, 2026 6:53 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালৰ প্ৰলয়ংকাৰী বানপানীৰ ১০ দিনৰ পাছত শনিবাৰে এটা সুৰংগৰ পৰা এজন চীনা নাগৰিকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। ২৬ আগষ্টত সংঘটিত এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত এতিয়ালৈকে ১৩০০ ৰো অধিক লোকৰ প্ৰাণহানি হৈছে। নেপালৰ সেনাই জানিবলৈ দিয়া মতে, উদ্ধাৰ হোৱা চীনা নাগৰিকজনৰ নাম লু হাইতাও। তেওঁক আপাৰ ত্ৰিশূলী-১ জলবিদ্যুৎ প্ৰকল্পৰ ২২৫ মিটাৰ দীঘল এটা সুৰংগৰ পৰা উদ্ধাৰ কৰা হয়। যোৱা ২৬ আগষ্টত নদীৰ উজনি অংশত হিমবাহ খহি পৰাৰ ফলত সৃষ্টি হোৱা বানপানীৰ পাছত বিভিন্ন সুৰংগত প্ৰায় ৯০০ লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এই দুৰ্যোগৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ হোৱা লু হাইতাও হৈছে তৃতীয়গৰাকী ব্যক্তি। ইয়াৰ পূৰ্বে শুক্ৰবাৰে একেখন নদীৰে আপাৰ ত্ৰিশূলী-৩এ জলবিদ্যুৎ কেন্দ্ৰৰ আন এটা সুৰংগৰ পৰা দুজন লোকক উদ্ধাৰ কৰা হৈছিল।

 

Apply Now

কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, লু হাইতাওৰ শৰীৰত কোনো গুৰুতৰ আঘাতৰ চিন নাই আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থাও সুস্থিৰ। অৱশ্যে তেওঁৰ শৰীৰত সামান্য ‘হাইপোথাৰ্মিয়া’ৰ (শৰীৰৰ উষ্ণতা অস্বাভাৱিকভাৱে হ্ৰাস পোৱা) লক্ষণ দেখা গৈছে। নেপালৰ সেনাই প্ৰকাশ কৰা ভিডিঅ’ত দেখা গৈছে যে, উদ্ধাৰৰ পাছত তেওঁক এখন হেলিকপ্টাৰৰ ভিতৰত জৰুৰীকালীন চিকিৎসা প্ৰদান কৰি সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়।

 

নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই শুক্ৰবাৰে জনোৱা মতে, চীনৰ তিব্বত সীমান্তৰ সমীপৰ চহৰ আৰু গাঁৱৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আৰু বিদ্যালয়সমূহ উটুৱাই নিয়া এই বানপানীত নেপালত এতিয়ালৈকে ১৩৪৪ জন লোকৰ মৃত্যু হৈছে। আনহাতে ৫৮৩ জন বিদেশী নাগৰিককে ধৰি প্ৰায় ৪৮৮৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। ইয়াৰ ভিতৰত বহুতো তীৰ্থযাত্ৰী আৰু পৰ্যটকো আছে। ইফালে, চীনৰ চৰকাৰী সংবাদ মাধ্যম জিনহুৱাৰ মতে, ৪ ছেপ্টেম্বৰলৈকে তিব্বতত এই দুৰ্যোগত ৩১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৩১ জন লোক সন্ধানহীন হৈ আছে। নেপালৰ সেনাই শনিবাৰে বেত্ৰাৱতী অঞ্চলৰ পৰা চণ্ডিকা কুমাৰী শ্ৰেষ্ঠ নামৰ এগৰাকী মহিলাকো বানত আৱদ্ধ তেওঁৰ ঘৰৰ পৰা জীৱন্তে উদ্ধাৰ কৰে।

 

নেপালৰ নুৱাকোট জিলাৰ মৈথেলী বেৰেকত সুৰংগত আৱদ্ধ হৈ থকা লোকসকলৰ পৰিয়ালৰ সদস্যসকলে দেৱালত নিজৰ আপোনজনৰ পোষ্টাৰ লগাই সন্ধান বিচাৰিছে। ইয়াৰ ভিতৰত হাকুবেছী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত যোৱা তিনি বছৰ ধৰি কৰ্মৰত ৩৪ বছৰীয়া শ্ৰমিক ঈশ্বৰ পাউডেলৰো এখন পোষ্টাৰ আছে।

 

ঈশ্বৰৰ ভাতৃ কৃষ্ণই জনোৱা মতে, বানপানী অহাৰ দিনা অৰ্থাৎ ২৬ আগষ্টত তেওঁ ভাতৃৰ সৈতে অন্তিমবাৰৰ বাবে কথা পাতিছিল। “ৰাতিপুৱা ৭:৩০ বজাত সি সুৰংগলৈ কামলৈ যোৱাৰ আগতে মোৰ লগত কথা পাতিছিল। বানপানী অহাৰ পাছত পুৱা প্ৰায় ১১:৩০ বজাত মই তালৈ ফোন কৰোঁতে সি কৈছিল: ‘মই সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছোঁ’।” তাৰ পাছৰে পৰা পৰিয়ালটোৱে ঈশ্বৰৰ কোনো খবৰ পোৱা নাই যদিও তেওঁ জীয়াই থকাৰ আশা পুহি ৰাখিছে। সেই একেটা সুৰংগৰ পৰা পলাই সাৰিবলৈ সক্ষম হোৱা লোকসকলে পৰিয়ালটোক জনাইছে যে ঈশ্বৰ এতিয়াও জীৱিত আছে।

 

কৃষ্ণই কয়, “মই সুৰংগৰ পৰা পলাই অহা আৰু মোৰ ভাইক চিনি পোৱা বহু মানুহক লগ পাইছোঁ। তেওঁলোকে মোক কৈছে, ‘তোমাৰ ভাই সুৰংগৰ ভিতৰত আছে, সি তাৰ ভিতৰত গাড়ী চলাই আছিল।’ তেওঁলোকে জনোৱা মতে, সুৰংগৰ ভিতৰৰ পৰা প্ৰায় ২০০-৩০০ মানুহে চিঞৰি থকাৰ মাত শুনা গৈছিল।”

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd