আমেৰিকাৰ খং উঠিব বুলি আশংকা কৰি ভাৰতে ৰাছিয়াৰ পৰা সস্তা খাৰুৱা তেল ক্ৰয় কৰাটো কাৰ্যতঃ বন্ধ কৰি দিছে। কেতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। কিন্তু চৰকাৰী পৰিসংখ্যাৰ পৰা স্পষ্ট যে ট্ৰাম্পৰ হেঁচাত ভাৰতে ফেব্ৰুৱাৰী মাহত ৰাছিয়াৰ তেল ক্ৰয় হ্ৰাস কৰিছিল। এতিয়া অৱশ্যে আমেৰিকাই পুনৰ ‘অনুমতি’ দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ খং উঠিব বুলি আশংকা কৰিয়েই এইবাৰ ভাৰতত বহু চৰ্চিত ছবিৰ মুক্তি বন্ধ কৰা হৈছে?
আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জনধৰ্মী আলোচনী ‘ভেৰাইটি’ত প্ৰকাশিত এক বাতৰি অনুসৰি চেন্সৰ ব’ৰ্ডে (চিবিএফচি) ‘দ্য ভইচ অৱ হিন্দ ৰাজব’ ছবিখন ভাৰতত মুক্তিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে। গাজাৰ এটি ৬ বছৰীয়া শিশুৰ কৰুণ ভাগ্যৰ ওপৰত আধাৰিত এই ছবিখন।
এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুল প্ৰশংসা লাভ কৰিছে। ইয়াৰ উপৰিও অস্কাৰৰ মনোনয়ন লাভ কৰিছে। এই সকলোবোৰৰ পিছতো কিয় এই ছবিখনক অনুমতি দিবলৈ অস্বীকাৰ কৰিলে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনে?
ছবিখনৰ বিতৰকসকলে দাবী কৰিছে যে চিবিএফচিৰ এই পদক্ষেপৰ মূল কাৰণ হৈছে ইজৰাইলৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি কৰা আশংকা।
কাউথেৰ বেন হানিয়াৰ পৰিচালনাত নিৰ্মিত এই ছবিখন মাৰ্চ মাহত ভাৰতত মুক্তি পোৱাৰ কথা আছিল। ‘ভেৰাইটি’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মনোজ নন্দৱানা নামৰ এজন বিতৰকে কয় যে চেন্সৰ ব’ৰ্ডৰ এজন সদস্যই তেওঁক পোনপটীয়াকৈ জনাইছে, ‘যদি এই ছবিখন ভাৰতত মুক্তি পায় তেন্তে ভাৰত-ইজৰাইলৰ সম্পৰ্ক ভাঙি যাব।’
নন্দৱানাৰ দৰে বিতৰকসকলৰ যুক্তি হ’ল আমেৰিকা, ব্ৰিটেইন, ইটালী বা ফ্ৰান্সৰ দৰে দেশতো ছবিখন মুক্তি পাইছে। ইয়াৰ ফলত ইজৰাইলৰ সৈতে সেই দেশসমূহৰ সম্পৰ্কত কোনো প্ৰভাৱ পৰা নাই। তথাপিও কোৱা হৈছে যে চেন্সৰ ব’ৰ্ডে নিজৰ সিদ্ধান্তত অটল।
গাজাৰ ৬ বছৰীয়া শিশুৰ মৃত্যুৰ কৰুণ সত্য কাহিনীৰ আধাৰত নিৰ্মিত এই ডকু-ড্ৰামা ধাৰাৰ ছবিখন। ২০২৪ চনৰ জানুৱাৰী মাহত হামাছ আৰু ইজৰাইল সেনাৰ মাজত হোৱা যুদ্ধৰ সময়ত গাজাত এখন গাড়ীত আবদ্ধ হৈ পৰিছিল হিন্দ। অভিযোগ অনুসৰি ইজৰাইল সেনাৰ আক্ৰমণত শিশুটি আৰু তেওঁৰ পৰিয়ালৰ ছয়জন সদস্য নিহত হৈছিল। তেওঁক উদ্ধাৰ কৰিবলৈ অহা দুজন পেৰামেডিকেল কৰ্মীৰো মৃত্যু হয়।
এই ঘটনাই ইজৰাইলৰ মানৱ অধিকাৰ উলংঘাক লৈ আন্তঃৰাষ্ট্ৰীয় সমাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল। ছবিখনে ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘গ্ৰেণ্ড জুৰী বঁটা’কে ধৰি মুঠ ৭টা বঁটা লাভ কৰে। কিন্তু ভাৰতীয় দৰ্শকে হয়তো ছবিখন চাব নোৱাৰিব।
প্ৰশ্ন উত্থাপন হৈছে, ভাৰত-ইজৰাইলৰ সম্পৰ্ক ইমান ঠুনুকা নে? ইৰাণৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগতেই ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সেই দেশ ভ্ৰমণ কৰিছিল। প্ৰধানমন্ত্ৰী মোডীকো তেওঁলোকৰ সংসদৰ অধ্যক্ষৰ পদক প্ৰদান কৰা হয়। কেৱল এখন চিনেমাৰ বাবেই ইমান ভাল সম্পৰ্ক নষ্ট হ’ব পাৰেনে? নে এই ক্ষেত্ৰত আন কোনো গোপন স্বাৰ্থই কাম কৰিছে?





